চিত্ৰদুৰ্গৰ আটাইতকৈ জনপ্ৰিয় ভোজনালয় ’শ্ৰী লক্ষ্মী ভৱন টিফিন ৰুম’ৰ ভিতৰৰ দেৱালত আঁৰি থোৱা কানাড়া ভাষাত লিখিত জাননীখন যদি আমি ভালদৰে পঢ়ি চাওঁ:


Chitradurga, Karnataka
|WED, JUL 05, 2023
বিমুদ্ৰাকৰণৰ বৰ্ষপূৰ্তিয়ে সোঁৱৰাই দিয়া বিভীষিকাময় সময়ৰ কথাৰে
কৰ্ণাটকৰ সৰু সৰু হোটেলবোৰ এতিয়াও বিমুদ্ৰাকৰণৰ প্ৰভাৱৰ পৰা বিমুক্ত হ’ব পৰা নাই
Author
Translator
গ্ৰাহকৰ জ্ঞাতাৰ্থে
প্ৰিয় গ্ৰাহক, আমাৰ হাতত ২,০০০ টকীয়া নোটৰ খুচুৰা নাই। অনুগ্ৰহ কৰি যিমানখিনি হয়, সিমান টকা নাইবা সৰু নোট দিয়ে যেন

P. Sainath
২০১৬ চনৰ ৮ নৱেম্বৰত দেশত বিমুদ্ৰাকৰণ ঘোষণা কৰা হোৱাৰ কিছুদিন পাছতেই হোটেলখনে উপৰোক্ত জাননীখন আঁৰিছিল৷ মেনেজাৰ এছ. মুৰলীৰ ভাষ্যমতে “ই আমাৰ ব্যৱসায়ক বাৰুকৈয়ে মাধমাৰ শোধালে! প্ৰথম ৩-৪ মাহতেই আমাৰ আধা ব্যৱসায় ডুবি গ’ল৷ সেই সময় ইমানেই বেয়া আছিল যে মানুহে ইয়ালৈ আহি একো নোখোৱাকৈ গুচি গৈছিল৷” এয়াই আছিল কৰ্ণাটকৰ জিলা সদৰ চিত্ৰদুৰ্গ চহৰত অৱস্থিত এখন লেখত ল’বলগীয়া হোটেলৰ দুৰৱস্থা!
পিছে আমি তেতিয়া প্ৰশ্ন কৰিলোঁ- “এতিয়া এবছৰ পাছত মুদ্ৰাৰ স্থিতি ভালেখিনি সলনি হৈছে, মানুহৰ হাতলৈ নগদ ধন ঘূৰি আহিব ধৰিছে, এতিয়াও এই জাননীখনৰ আৱশ্যকতা আছে জানো?’ মুৰলীয়ে তেতিয়া হাঁহি মাৰি ক’লে- “হয় বাৰু, পৰিস্থিতি এতিয়া আগতকৈ বহুত বেছি উন্নত হৈছে, তথাপিও আমি সেই জাননীখন থকাটো বিচাৰিছো৷” তেওঁৰ অব্যক্ত বাৰ্তাটো হ’ল- কোনে জানে বিমুদ্ৰাকৰণৰ যে আকৌ পুনৰাবৃত্তি নহ’ব! আৰু ক’বতো নোৱাৰি চৰকাৰে ততাতৈয়াকৈ গুৰুতৰ কিবা পদক্ষেপ গ্ৰহণ কৰে নেকি ভবিষ্যতলৈ?
ভাগ্যে আমাৰ হাতত সৰু নোট আছিল৷ ইয়াৰ দোছাৰ সোৱাদৰ কোনো তুলনা নাই৷ বিখ্যাত চিত্ৰদুৰ্গ কিল্লা চোৱাৰ কাৰণে ইয়ালৈ সঘনাই পৰ্যটকৰ লগতে ওচৰৰ চহৰবোৰৰ পৰাও বহুত মানুহৰ আগমন ঘটে৷ মই এইখন টিফিন ৰুম হোটেললৈ সকলোকে আহি ইয়াৰ সুস্বাদু ব্যঞ্জনসমূহ উপভোগ কৰিবলৈ আহ্বান জনালোঁ, মাত্ৰ ২০০০ টকাৰ নোট লৈ নাহিব!
অনুবাদ: ডেইটী
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/striking-the-right-notes-on-demon-anniversary-as

