কষ্টোপাৰ্জিত পেঞ্চনৰ প্ৰায় আধাখিনি টকা তেওঁ উচৰ্গা কৰে এবিধ বিশেষ দন্তমঞ্জনৰ নামত, য’ত মিহলি হৈ থাকে গুড়ৰ মিঠা স্বাদ আৰু ধঁপাতৰ তীব্ৰ সুঘ্ৰাণ।
‘‘পেঞ্চনৰ বাবে পোৱা এহেজাৰ টকাৰ পাঁচশ টকা ভাই-বোৱাৰীক দিওঁ৷ তেওঁ মোক খাদ্যৰ যোগান ধৰে৷ বাকীখিনি খৰচ কৰোঁ নিমখ, জলকীয়া, চাবোন, মালিচ কৰা তেল আৰু সেই গুড়াখুখিনি কিনোতে’’, তেওঁ এইদৰে কয়৷
যেতিয়া এই প্ৰতিবেদকে তেওঁক জোকাই লৈ কৈছিল যে মাত্ৰ দুটামান দাঁত বাকী থকা অৱস্থাত টুথপেষ্টৰ নামত ইমানবোৰ টকা খৰচ কৰাটো অৰ্থহীন, তেতিয়া তেওঁ মিচিকীয়াই হাঁহি স্বীকাৰ কৰিছিল, ‘‘ইয়াৰ অবিহনে মোৰ ভাল নালাগে৷ ই এক নিচাৰ দৰে, যেনেকৈ আপোনালোক সকলোৰে গুটখা খোৱাৰ নিচা থাকে৷’’
দানামতীয়ে মাটিৰ টাইলচৰ চালি থকা এটা কেঁচা ঘৰত বাস কৰে৷ নামমাত্ৰ আচবাব থকা সেই একোঠলীয়া ঘৰটোত সোমাবলৈ হ’লে এজন ব্যক্তিয়ে হাউলি ল’ব লাগে৷ ৰাগী খুন্দিবলৈ এটা শিলৰ পিহনা, এটা টৰ্চ লাইট, এটা মাটিৰ চৌকা আৰু কাপোৰ থোৱা এটা বাঁহৰ পাচি - এই কেইটাই হ’ল ঘৰটোৰ প্ৰধান সামগ্ৰী৷ বৃদ্ধা মহিলাগৰাকীয়ে মাটিৰ মজিয়াতেই শোৱে।
আমি কথা পাতিবলৈ আৰম্ভ কৰোঁতেই তেওঁ শিলৰ পিহনাটো উলিয়াই লয় আৰু দেশৰ আটাইতকৈ দৰিদ্ৰ অঞ্চলসমূহৰ ভিতৰত অন্যতম ওড়িশাৰ কালাহাণ্ডিত কটোৱা নিজৰ শৈশৱৰ স্মৃতিবোৰ ৰোমন্থন কৰি কৰি ৰাগী খুন্দিবলৈ ধৰে৷












