২০২৬ৰ মে’ মাহৰ দেওবাৰটোত পশ্চিমবংগৰ উত্তৰ চৌব্বিছ পৰগনা জিলাৰ মতুৱা সম্প্ৰদায়ৰ আধ্যাত্মিক কেন্দ্ৰস্থল ঠাকুৰবাৰীত বহুলোকৰ সমাগম ঘটিছে। কিন্তু তেওঁলোক তাত ধৰ্মীয় কাৰণত নহয়, আন এক বিশেষ কাৰণতহে সমবেত হৈছে। প্ৰচণ্ড গৰমকো নেওচি তেওঁলোক গোট খাইছে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবপৰা নথি-পত্ৰ সংগ্ৰহৰ আশাত। দীঘলীয়া শাৰীত তেওঁলোক থিয় দি ৰৈছে।
এইসকল লোকে ২০২৬ৰ এপ্ৰিলত অনুষ্ঠিত ৰাজ্যিক বিধানসভা নিৰ্বাচনত ভোট দিব পৰা নাছিল। কিয়নো ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ চমুকৈ এছ.আই.আৰ.ৰ সময়ত যি ৯০ লাখৰো অধিক নাম কৰ্তন কৰা হৈছিল, এইসকল সেই ভুক্তভোগী।
মতুৱা সম্প্ৰদায়ৰ লোক অধ্যুষিত ১৫ টা বিধানসভা সমষ্টিত বৃহৎ সংখ্যক হিন্দুৰ নাম কৰ্তন কৰা হৈছিল।
সেই ভীৰৰ মাজৰ এগৰাকী ললিতা ঢালি। তেওঁ নিজৰ স্বামী কাৰ্তিকৰ সৈতে ‘হিন্দু কাৰ্ড’ সংগ্ৰহ কৰিবলৈ ইয়ালৈ আহিছে। কাবিলাসপুৰৰ ৪৩ বছৰীয়া বাসিন্দাগৰাকীয়ে প্ৰায় ৩০ কিলোমিটাৰ পথ স্কুটাৰ চলাই ইয়ালৈ আহিছে। কাৰণ তেওঁৰ নাম তালিকাৰ পৰা ডিলিট হৈছে। পুনৰীক্ষণৰ চূড়ান্ত তালিকাত স্বামী কাৰ্তিকৰ নাম আছে যদিও তেওঁ নাম নাই।
ললিতাৰ ককা আৰু পিতৃ ১৯৫০ৰ দশকত ভাৰতলৈ আহিছিল যদিও ১৯৮৪ত পুনৰ বাংলাদেশলৈ উভতি যায়। তাৰ কেইবছৰমানৰ পিছত তেওঁলোক পুনৰ ভাৰতলৈ আহে। ৫৩ বছৰীয়া কাৰ্তিকে কয়, “ওৰ বাবা ইপাৰ অ’পাৰ কৰতো। কে জানে কোন পাৰে জন্মৈছে (তেওঁৰ দেউতাকে ইপাৰ-সিপাৰ কৰি আছিল। কোনে জানে তেওঁৰ জন্ম ইপাৰে নে সিপাৰে হৈছিল)।”
১৯ শতিকাৰ শেষৰ ফালে গঢ় লৈ উঠা ব্ৰাহ্মণ্যবাদ-বিৰোধী সম্প্ৰদায় এই মতুৱাসকল। অবিভক্ত বংগৰ পূব অংশত হৰিচন্দ ঠাকুৰৰ নেতৃত্বত নিম্নবৰ্গৰ জাতিসমূহ, বিশেষকৈ নমঃশূদ্ৰসকলৰ একত্ৰীকৰণৰ সময়ত মতুৱাসকলৰ আত্মপ্ৰকাশ ঘটিছিল। বিপন্ন অৱস্থাত বহু মতুৱা পশ্চিমবংগলৈ প্ৰব্ৰজন কৰিছিল আৰু তেওঁলোকৰ হাতত বৈধ নথিপত্ৰ নাছিল। যুক্তৰাজ্যৰ ছাছেক্স বিশ্ববিদ্যালয়ৰ গৱেষক অয়ন গুহই লিখিছে, “দেশ বিভাজনৰ পিছত পূব পাকিস্তান/বাংলাদেশতো নমঃশূদ্ৰসকল ধৰ্মীয় নিৰ্যাতনৰ বলি হৈছিল।” গুহই পশ্চিমবংগৰ জাতিগত ৰাজনীতিৰ ওপৰত ব্যাপক গৱেষণা কৰিছে।












