“গোৱা বুলি ক’লে কেৱল সমূদ্ৰতীৰ আৰু কেচিনোতে শেষ নহয়,” সাগৰতীৰৰ ক্ষুদ্ৰ ৰাজ্যখনত কিছুদিন কটোৱাৰ পিছত স্থানীয় লোক এজনে মোক কৈছিল। লাহে লাহে বুজি উঠিছিলো যে তেওঁ কোৱা কথাৰ সত্যতা আছে। মিচিকীয়াই হাঁহি মাৰি মানুহজনে কৈছিল, “মাত্ৰ বাছ এখনত লাফ মাৰি উঠক আৰু ঘূৰি ফুৰক, তেহে বুজিব!”
সেই কৌতূহল দূৰ কৰাৰ উদ্দেশ্যে মই এটা ৰবিবাৰে গোৱাৰ ভিতৰভাগত থকা এটা এলেকাত ভৰি দিলো। হিন্দু দেৱ-দেৱীৰ মন্দিৰ আৰু নানা তৰহৰ মছলাৰ খেতি থকা ঠাই এডোখৰত মই গৈ ওলালো। ঠাইখন পোণ্ডাৰ পৰা ২ কিলোমিটাৰমান দূৰত্বত, আন বাগানৰ দৰে এইখন বাগানেও শ শ বিঘা মাটি আগুৰি আছে। তাত মছলা, ফল, ঔষধি গছ-লতা আদি খেতি কৰা হৈছে। স্থানীয় ভাষাত কুলাগৰ বুলি পৰিচিত মিশ্ৰিত কৃষি পদ্ধতিৰে এনেদৰে এই খেতিবোৰ কৰা হয়। নতুন শতাব্দীৰ আৰম্ভণিত এইবোৰ ইক’-টুৰিজিম ক্ষেত্রত হিচাপে আৰম্ভণি কৰিছিল।
মছলাৰ সাম্ৰাজ্য
পৰম্পৰগাত ৰীতি মতে যুতি আৰু নাৰ্জীফুলৰ মালা পিন্ধাই মোৰ দিনটোৰ গাইড চিৰিলে মোৰ হাতত তুলি দিলে এটা ডাব নাৰিকলৰ পানী আৰু কাজুবাদাম। অৱশ্যে বৰ বেছি নাখাবলৈ তেওঁ লগতে ক’লে, কিয়নো তাৰ পিছে পিছে দুপৰীয়া বাফেট পদ্ধতিৰ ভোজনৰ আয়োজন কৰি থকা হৈছে। কাষৰে ছাউনিত উপস্থিত হৈছে বিদেশী পৰ্য্যটক। দুপৰীয়া সময়ত গোৱাৰ মাদকদ্ৰব্য-বিৰোধী চেলৰ আৰক্ষী অধীক্ষক খোৱামেজৰ সন্মুখতে পৰিল। ভূৰি-ভোজনৰ আগেয়ে সৌজন্যসূচক মাত-কথাৰ বিনিময় হ’ল। তেখেতক লগ পাইছিলো আগদিনাৰ এখন সংবাদমেলত।
গছৰ ছাঁত, কাঠৰ বেঞ্চি এখনত বহি গোৱান ষ্টাইলৰ পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰণালীৰ ওপৰত চকু ফুৰাওতে কিছু সময লগাটো স্বাভাৱিক। তামোলৰ পাতৰ কাঁহী, বাঁহৰ চামুচ আৰু মাটিৰ পাত্ৰ - আটাইবোৰ চকুত লগা। খাদ্য ৰন্ধা হৈছে বাগানখনৰে খেতিৰ হালধি, ধনীয়া, দালচিনি, জালুকেৰে - আৰু এইকেইটাই গোৱাৰ পৰম্পৰাগত খাদ্যত ব্যৱহৃত ঘাই মছলা। আমি ভজা আৰু জোল বনোৱা মিছামাছ, ৰাৱা কিংফিছ আৰু পৰ্টুগীজ ব্যঞ্জন, কিন্তু ভিনেগাৰ নিদিয়াকৈ ভাৰতীয় শৈলীত বনোৱা চিকেন খাকুটিলৈ মন দিলো। আৰু কেইদিনমান আগতে মুখত জুটি লগা সুখা চেলফিছ, পাঞ্জিমতে ৰেগুলাৰ থালিত পাইছিলো যদিও ইয়াত সেই চেলফিচ বৃহৎ আৰু হৃষ্ট-পুষ্ট, সেয়া আমাৰ পৰা হাত সাৰি নগ’ল। তাতে লগ আছে ভজা চোনক বা ৰঙা কোৰাল (red snapper)। শেষত কোকুমৰ চৰ্বত খাই ভেনিলা আইচক্ৰীম আৰু সতেজ ফলেৰে মোখনি মৰা হ’ল।
এনেকৈ ভূৰি-ভোজন কৰি পিছে গোৱান ষ্টাইলত ‘চচেগাড’ মানে নিৰল-নিস্তব্ধ হৈ পৰি থাকিবলগীয়া নহ’ল। কিয়নো তাৰ পিছে পিছে হ’ব পামখনত দুঘণ্টাৰ টহল। শুভাৰম্ভ কৰিবলৈ চিৰিলে মোৰ হাতত তুলি দিছে এগিলাচ সতেজ ফেনি, আৰু কি লাগিছে!
আমাৰ গাৰ পৰা অৱশ্যে এলাহ ভাৱ ভালকৈ যোৱা নাই। ধীৰে ধীৰে খোজ দি আগবাঢ়িছো। সাৱধানে সৰু দলং এখন পাৰ হৈ থাকোতে চিৰিলে পাতৰ মুঠি এটা মোৰফালে কৰি দি সুধিলে, কিহৰ পাত? “ধৰিব পৰা নাই, তেজপাত নেকি। আচলতে ফেনিয়েহে ধৰিছে। সেয়ে ভালকৈ গোন্ধটোকে ল’বপৰা নাই।” “তেজপাত,” তেওঁ কয়। তাৰপিছত হালধিৰ শিপা অলপ উভালি আনি ভাঙি উত্তৰটো দিলে - হালধি। চিৰিলে তাৰপিছত কেঁচা হালধিৰ গুণ অলপ বখানিলে। এইখন পামত প্ৰায় ৭৫ গৰাকী লোক নিয়োজিত হৈ আছে আৰু দেশৰ আঙুলিৰ মুৰত লেখিব পৰা পামৰ এখন য’ত ভেনিলাৰ খেতি কৰা হয়।
এই পাম-ভ্ৰমণৰ ভাল দিশটো হৈছে এয়া লেকচাৰ কাৰ্য্যসূচী নহয়। “কিন্তু একেবোৰ কথা বাৰে বাৰে কৈ আমনি নালাগেনে বাৰু,” মই প্ৰশ্ন কৰিলো। “দৈনিক লগ পোৱা মানুহৰ পৰাই বিভিন্নতা আহে। বিদেশীবোৰৰ বিষয়বোৰত জ্ঞান আছে। বহু ভাৰতীয়ই আমি ব্যৱহাৰ কৰা মছলাবোৰৰ নামেই নাজানে,” পামখনত কাম কৰাৰ দহ বছৰৰ অভিজ্ঞতাসম্পন্ন চশমা পিন্ধা গাইডজনে মিচিকীয়াই হাঁহি কয়। কথাখিনি নিজৰ গাত লগাত মই তামোল, নাৰিকল, কাজুখনৰ সেউজীয়া বাগানৰ মাজত লুকাই নিজকে ৰক্ষা কৰিলো।
পামখনতে ভালেকেইঠাইত আপুনি চৰাই নিৰীক্ষণ কৰিব পাৰে। পামখনৰ কৰ্তৃপক্ষই দাবী কৰা মতে ৮০ৰো অধিক প্ৰজাতিৰ চৰাই দেখা গৈছে। আমি হাতীৰ পিঠিত উঠাৰ বাবে সামান্য বিৰতি ল’লো। আপুনি তিনিটা হাতীৰ পৰিয়ালটোক খুৱাবও পাৰে আৰু গা ধুৱাবও পাৰে। আকৌ ওলোটাই সিহঁতে শুঁৰেৰে আপোনাৰ গালৈ পানী ছটিয়াবও পাৰে। এতিয়া কেৱল হাতীৰ পিঠিত উঠি ফুৰাটোতে মই সামৰিলো। আকৌ খোজকাঢ়ি চিৰিলৰ লগত আমি ফেনি পাতন কৰা ইউনিটটো চাবলৈ গ’লো। প্ৰথমবাৰ পাতন কৰিলে উৰক ওলায়। সেয়া লঘু মদ। দ্বিতীয়বাৰ পাতন কৰিলে আপুনি বিশ্বখ্যাত ফেনি পাব। প্ৰতি দহ দিনৰ মূৰে মূৰে ৩০ লিটাৰ ফেনি ওলায়। পামখনত ৭৫ গৰাকী লোক নিয়োজিত হৈ আছে। ভ্ৰমণৰ ডেৰ ঘণ্টা সময় শেষ হৈ আহিছে। মোৰ পিঠিৰে এক মগ হিমশীতল ঔষধি কোনোবাই ঢালি দিয়াত মই সংকুচিত হৈ পৰিলো। ঔষধিখিনি ঢালি দি থাকোতে মহিলাগৰাকীযে মিচিক কৰে হাঁহি ক’লে, “চিন্তা নকৰিব, ক্ষণিকতে শুকাই যাব।”
ইমান সময় ঘূৰি ঘূৰি ভাগৰ লগাত মই যেতিয়া তাৰে চালি এখনৰ তলত বহিলো, চিৰিলে মোক এক মগ লেমনগ্ৰাছ চাহ আগবঢ়াই দিলে। এতিয়া ঘৰলৈ উভতাৰ সময় হ’ল, লগত আছে বেগভৰ্তি ভাল ভাল বস্তু। বস্তুখিনিৰ লগত কি কি দিছে তাৰ এখন তালিকাও দিয়া আছে - হতাশা, মুধমেহ, দেহৰ ওজম কমোৱা কিছুমান ঔষধি প্ৰাকৃতিক বস্তু… আনকি পুৰুষৰ যৌন দুৰ্বলতা দূৰ কৰা তেলো আছে। আকৌ মহিলাৰ মাজত কামভাৱ জগাই তুলিব পৰা আৰু দেহৰ অংগৰ সৌন্দৰ্য্য বঢ়োৱা ঔষধিও আছে। ‘একো পাৰ্শ্চক্ৰিয়া নাই, আসক্তিও নহয়’ - এইবুলিও কাগজখনত লিখা আছে।
মছলা বাগানত বৰ অনন্য অভিজ্ঞতা লাভ কৰিলো। তাকে ভাবি ঘেৰঘেৰাই থকা বাছত উঠিলো। বেগৰ পৰা ভেনিলাৰ কাঠিৰ গোন্ধ পাই থাকিলো।
ভ্ৰমণসূচী:
তালৈ যাব কেনেকৈ?
পাঞ্জিমৰ পৰা পোণ্ডালৈ (৩০ কিলোমিটাৰ) ৰাজ্যিক বাছত যাওক। তাৰ পৰা কেব/অটো এখন ভাৰা কৰি পোণ্ডা বাছ আস্থানৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত থকা কুৰ্তিস্থিত মছলা বাগানলৈ যাওক।
কেইটকা খৰচ হ’ব?
৪০০ টকাত আপোনাক দুপৰীয়াৰ আহাৰ আৰু পামখনৰ ট্যুৰ কৰাব। দুপৰীয়া এঘাৰ বজাৰ পৰা আবেলি ৪ বজালৈ গোটেই বছৰটো খোলা থাকে।
আৰু কি আছে?
তাৰে কাষতে আৰু কেইখনমান মছলা বাগান আছে। চাবৈ প্লাণ্টেচন, আবিচ স্পাই ফাৰ্ম, ট্ৰপিকেল স্পাইচ প্লাণ্টেচন
এই প্ৰতিবেদন চি.এছ.ই. ফেল’শ্বিপৰ অধীনত কৰা হৈছে। ইয়াৰে এটা সম্পাদিত সংস্কৰণ ২০১০ত হিন্দুস্তান টাইমচত প্ৰকাশ পাইছে


