দুৰ্গা আৰু নাৰায়ণস্বামীয়ে পৰিৱেশন কৰা গংগাম্মা নীৰনাগা জাদে হেনিতাৱলে শেষ হয় মানে আবেলি হৈছিল। কোটিগণহাল্লি ৰামাইয়াৰ কন্নড় ভাষাৰ নাটখন মাটি আৰু পানীৰ সাংবিধানিক অধিকাৰক লৈ নিৰ্মিত। অস্পৃশ্যতা প্ৰতি ৰাজ্যখনত মানুহৰ দৃষ্টি আকৰ্ষণৰ বাবে এই নাট প্ৰায়ে পৰিৱেশন কৰা হয়।
তেওঁলোকৰ গীত পৰিৱেশন শেষ হোৱাৰ লগে লগে তেওঁলোকে ৰাস্তাতে পতা মঞ্চত বাবাচাহেব আম্বেদকাৰৰ ফটো এখন থ’লে। বাবাচাহেব আম্বেদকাৰ আছিল এগৰাকী পণ্ডিত, সমাজ সংস্কাৰক আৰু সমতাৰ পোষক। দলিতৰ অধিকাৰৰ বাবে বাবাচাহেবে যুঁজ দিছিল।
মানুহে বৰ মন দি নাটখন চাই আছিল। কিন্তু আম্বেদকাৰৰ ফটোখন উলিয়াই থোৱাৰ লগে লগে কৰ্ণাটকৰ সেই সৰু গাঁওখনৰ মানুহৰ মুড পলকতে সলনি হ’ল।
“আমি ফটোখন থোৱাৰ লগে লগে মানুহে আমাৰ জাত-পাতৰ বিচাৰ কৰিবলৈ লয়। তেওঁলোকে আমাক পানীকণো নিদিয়া হয়। বাৰান্দাত নবহিবলৈ কয়। কিছুমান গাঁৱত আনকি আয়োজকে আমাৰ নাটেই বাতিল কৰি দিয়ে,” নাৰায়ণস্বামীয়ে কয়।
দুৰ্গা দাস (৩১)ক তেওঁৰ বয়স আৰু বিয়া-বাৰুৰ কথা সোধা হয়, “আপোনাৰ ঘৰৰ মানুহে আপোনাক এনেকৈ নাটক কৰি ফুৰিবলৈ অনুমতি দিছেনে?”



























