জানাবাই সোণাৱনেয়ে কেতিয়াও তেওঁৰ বন্ধুমহলৰ সৈতে তৰ্ক কৰা নাছিল, সৰু-সুৰা কথাত কেতিয়াও লাগি নাথাকিছিল।
কিন্তু এইবছৰ কথাবোৰ অলপ বেলেগ হৈছে। “মই সৰু সৰু কথাতে বিৰক্ত হোৱা হৈছো আৰু সামান্য কথাতে মোৰ বন্ধুৰ সৈতে কাজিয়া লগা হৈছে,” মহাৰাষ্ট্ৰৰ ভাদোলে গাঁৱৰ দুটা কোঠালীৰ নিজৰ ঘৰটোৰ বাৰান্দাত বহি ৬২ বৰ্ষীয় মহিলাগৰাকীয়ে কয়।
২০২৫ৰ গ্ৰীষ্মকালত ৰাজ্যখনৰ ক’লহাপুৰ জিলাত নৈশভাগত পাৰাস্তম্ভ বাঢ়িছে। জানাবাইৰ ৰাতি টোপনি নহা হৈছে। প্ৰথমতে তেওঁ ভাবিছিল যে দুদিনমানৰ বাবে চাগে এনেকুৱা হৈছে। কিন্তু দিন বাগৰাৰ লগে লগে তেওঁ দেখিলে যে ৰাতি তেওঁ কোনোমতে তিনিঘণ্টামানহে টোপনি আহে, তাকো বহু যুঁজ-বাগৰৰ পিছতহে। তেনেকৈ দিন গুছি সপ্তাহ হ’ল আৰু মাহৰ পিছত মাহ বাগৰিল, টোপনি ভাল নোহোৱাত তেওঁ খিংখিঙীয়া আৰু ভাগৰুৱা হৈ পৰিল।
ভূমিহীন কৃষক জানাবাইয়ে আন মানুহৰ খেতিপথাৰত দিনৰ আঠ ঘণ্টা হাড়ভঙা শ্ৰম কৰে। তেওঁ ঘাঁহ-বন নিৰায়, পশুখাদ্যৰ বোজা কঢ়িয়ায় আৰু শস্য কটা কামো তেওঁ কৰে। সন্ধিয়ালৈ তেওঁক অৱসাদে আগুৰি ধৰে আৰু কান্ধ আৰু ভৰিৰ বিষ উঠে। এনেকৈ দিনটো কষ্টৰে পাৰ কৰাৰ পিছত ৰাতি ১০ বজালৈ তেওঁ সকলো কাম কৰি আজৰি হয়। বিচনাত গাটো এৰি দিয়া মাত্ৰকে তেওঁ টোপনিত ঢলি পৰে।
কিন্তু সেই ঘোৰ টোপনিৰ দিনবোৰ এতিয়া নাই। শেহতীয়া কেইটামান মাহত অঞ্চলটোত বৰ্ধিত উষ্ণতা আৰু আৰ্দ্ৰতাৰ ফলত গোটেই ৰাতি তেওঁ ঘামি থাকে। টিনৰ চালিৰে সোমাই অহা গৰমৰ ফলত ইকাতি-সিকাতি কৰি তেওঁ টোপনি নহাৰ ফলত অস্থিৰ হৈ পৰে।
এবাৰ টোপনি ভঙাৰ পিছত আকৌ টোপনি আহিবলৈ তেওঁ এঘণ্টামান ইফাল-সিফাল কৰি থাকিবলগীয়া হয়।












