টেবুলত থকা মিঠাইৰ বাকচটো হাতত লৈ খুলিলেই চকুৰ আগত ভাঁহে সেই দৃশ্য, কাণত বাজে সেই চিনাকি সুৰ: ৰামদানা লাই বা, বৌওৱা কে মিঠাই বা (ৰামদানা মিঠাই…কণমানিহঁতৰ কাৰণে মিঠাই…)
বিহাৰৰ ৰাজধানী পাটনাৰ চান্দপুৰ বেলা মোহল্লাৰ এটা লেহেম আবেলি। গৰমো পৰিছে। তেতিয়া মোৰ বয়স ১২ বছৰমান হ’ব। হকাৰ এজনে গলিয়ে গলিয়ে ঘুৰি ফুৰিছে, তেওঁৰ কান্ধত আইনাৰ এটা ডাঙৰ বাকচ। তাতেই আছে দেখিলেই জিভাৰ পানী পৰা ৰামদানা লাড়ু (অমৰনাথ বীজৰ পৰা বনোৱা মিঠাই)।
তেওঁৰ মাতটো তেওঁ বিক্ৰী কৰা মিঠাইতকৈও মিঠা আছিল। আমি আছিলো বৌৱা (কণমানিবোৰ), গ্ৰাহক নাছিলো। তেওঁ এনেকৈ আমাক সম্বোধন কৰিছিল যে বিক্ৰেতা আৰু ক্ৰেতাৰ মাজৰ দেৱালখন মুখত লোৱা চানপাপৰিৰ দৰে পমি গৈছিল।
তেতিয়া আমাৰ ভাষাটো শ্ৰেণীকোঠাতে সীমাবদ্ধ নাছিল, ৰাস্তাই-ঘাটে মানুহৰ মুখে মুখে চলিছিল।







