গোলাপৰ পাহি, পাতৰ সীৰা - এনে যিকোনো ডিজাইন ধাতুত খোদিত কৰিব পৰা শিল্পী ইৰ্শাদ হুছেইন। শিল্পবিধ হৈছে উত্তৰ প্ৰদেশৰ পিতল নগৰী বুলি জনাজাত মুৰাদাবাদৰ চিয়া কলম।
তেওঁ দিনটোত যিবোৰ পিতলৰ টুকুৰাত ডিজাইন খোদিত কৰিছে, সিবোৰ তেওঁৰ পীৰজাদাৰ কৰ্মশালাখনৰ অ’ত-তত সিঁচৰতি হৈ আছে - ময়ুৰ, তেলৰ চাকি, স্বস্তিকা থকা এটা কাপ, টিলিঙা আৰু তৰোৱালৰ মুঠিত এটা সিংহৰ মূৰ – সকলো তেঁৱেই কৰিছে।
চিয়া কলম শিল্পীৰ দীঘলীয়া যি ইতিহাস, তাৰ মাজেৰেই গঢ় লৈ উঠিছে হুছেইনৰ দক্ষতা। তেওঁ ১০ বছৰ বয়সৰ পৰাই এই শিল্পৰ সৈতে জৰিত হৈছিল। তেওঁ যিটো চাকিৰ ওপৰত ফুল খোদাই কৰিছে, সিটো আছে টিপাই নামৰ এখন কাঠৰ সৰু টেবুলৰ ওপৰত আৰু টেবুলখনৰ ওপৰত থকা দুটা শিলৰ ওপৰত সেয়া মিলাই থোৱা আছে। চাকিগছত গাঁঠি থোৱা সূতা এডাল টেবুলৰ তলেৰে পাৰ হৈ গৈছে আৰু তেওঁ সোঁভৰিৰে সেয়া টিপা মাৰি ধৰি আছে। হুছেইনে কলম আকৃতিৰ বটালিপাতত কাঠৰ টুকুৰা এটাৰে কোবাই কোবাই সেই ধাতুৰ পৃষ্ঠভাগত চকুত লগা এটা ডিজাইন সৃষ্টি কৰিছে।
“গ্ৰাহকে প্ৰায়ে ব্যক্তিগত উপহাৰ দিবলৈ সুকীয়া আৰ্হি বিচাৰে - হিন্দী, উৰ্দু, ইংৰাজী ভাষাত দম্পতিৰ নাম, কোৰানৰ চুৰা, বেৰত ওলমাবলৈ চিত্ৰ। মানুহে ভাল পায় বাবে মই ফুল খোদিত কৰি সেইবোৰ সজাই দিও,” তেওঁ পাৰিক কয়। “গোলাপ ফুল থকাবোৰ মোৰ প্ৰিয়।”
প্ৰবীণ শিল্পীজনে ১০ বৰ্গফুটৰ কোঠা এটাৰ দুৱাৰমুখতে বহি কাম কৰিছে। তাত তেওঁৰ লগত আন শিল্পীয়েও কাম কৰে। “শিকাৰ সময়ত লাগিছিল যে এয়া শিল্প, এতিয়া কেৱল কাম যেনেই লাগে,” তেওঁ এই শিল্পবিধ আয়ত্ত কৰাৰ আৰম্ভণিৰ দিনবোৰৰ কথা মনত পেলাই কয়।




















