পালামুৰ চেইনপুৰ ব্লকত অৱস্থিত কানকাৰি গাঁৱত যি মুষ্টিমেয় ভেড়াৰখীয়া আছে, তাৰে মাজৰ এগৰাকী এই নন্দু পাল। ৰাজ্যখনত ছয় লাখৰো অধিক ভেড়া আছে (২০১৯ৰ তথ্য অনুযায়ী)। ১ কোটি ১০ লাখ গৰু-ম’হ হিচাপত নধৰাকৈয়ে ৰাজ্যখন ৮৮ লাখৰো অধিক ছাগলীৰে দেশৰ ভিতৰতে সৰ্বাধিক ছাগলী থকা ৰাজ্যত পৰে। এই পশুধনৰ বাবে ৰাজহুৱা চৰণীয়া পথাৰ থাকে।
পালৰ পিতাকৰ ফালৰ ভায়েক ৬২ বছৰীয়া ৰামৰতিয়ে লগতে কয়, “কোনো কোনো দিন আমি চৰণীয়া পথাৰ বিচাৰি ১২–১৩ কোছ [প্ৰায় ৪০ কিলোমিটাৰ] খোজ কাঢ়িবলগীয়া হয়। আগতে দোহৰ (প্ৰাকৃতিক জলভাগ)ত বহুত ঘাঁহ, যেনে মগৰ ঘাঁহ আৰু খেৰ আছিল। কিন্তু এতিয়া নোহোৱা হ’ল,” তেওঁ লগতে কয়। মগৰ ঘাছ হৈছে এই অঞ্চলৰ দোহৰৰ আশে-পাশে প্ৰচুৰ পৰিমাণে গজা এবিধ ডাঠ, মোটা ঘাঁহ। ইয়াক প্ৰায়ে পশুধনৰ বাবে খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু সেমেকা মাটিত ই বেছিকৈ গজে। জলভাগ সংকুচিত হোৱাৰ লগে লগে এই ঘাঁহ নোহোৱা হৈ গৈছে।
আনকি খেতিপথাৰতো এতিয়া পশুৰ বাবে খাদ্য বুলিবলৈ একো নথকা হৈছে। আগতে বুটমাহ আৰু চাকাৱাড় (শোনামুখী পাত, বৈজ্ঞানিক নাম Senna obtusifolia)ৰ দৰে শস্যৰ খেতি হৈছিল আৰু পথাৰতে বীজবোৰ ৰৈ গৈছিল। এতিয়া সেইবোৰ খেতি কৰা মানুহ বিচাৰি পাবলৈ নাইকিয়া হ’ল। তাৰ পৰিৱৰ্তে এতিয়া বহুতে কুঁহিয়াৰ, ধান আৰু ঘেঁহুৰ খেতি কৰে। এনে খেতি চপোৱাৰ পিছত পথাৰত পশুৱে খাব পৰা অৱশিষ্ট একো নাথাকে। নন্দুৱে কয়, “ভেড়াবোৰে আগৰ দৰে পুষ্টি নোপোৱা হৈছে। এতিয়া, আপোনাৰ চকুত পৰিব অ’ত-তত অলপ ছাভান্না ঘাঁহ আৰু কিছু ডাব ঘাঁহ [Cynodon dactylon],” নন্দুৱে কয়।
দুটা বছৰ আগতে (২০২২ আৰু ২০২৩) অঞ্চলটোত পৰা খৰাঙে জলাশয়বোৰ তৰাং কৰি পেলালে, আন কিছুমান একেবাৰে প্ৰদূষিত হৈ পৰিল। “ভেড়াক জীয়াই থাকিবলৈ পৰিষ্কাৰ খোৱাপানীৰ আৱশ্যক,” যোৱা এটা দশকত ভালেমান জলাশয় চকুৰ আগতে শুকাই যোৱাৰ অভিজ্ঞতা এই প্ৰতিবেদকৰ আগত তেওঁ কয়।
যোৱাবছৰৰ অনাবৃষ্টিৰ বতৰত “আমি প্ৰায় ভাগি পৰিছিলো। গোটেই দিনটো চৰোৱাৰ পিছতো ভেড়াবোৰ ভোকতে থাকিছিল,” নন্দুৱে ডাঙৰ ডাঙৰ মাতেৰে কয়। “যোৱাবছৰ মই ২০ টা ভেড়া হেৰুৱাইছো,” নন্দুৱে অলপ থমকি ৰৈ কয়।
অলপতে নন্দু আৰু তেওঁৰ সংগীসকলে তেওঁলোকৰ ভেড়াবোৰৰ নিউমোকক্কাল ৰোগৰ ছিটা দিয়াইছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত ভোগা জন্তুৰ ক্ষেত্রত এই ৰোগ হোৱাৰ সম্ভাৱনা প্ৰৱল বুলি তেওঁলোকে কয়।