এপ্ৰিলৰ মাজভাগত মহাৰাষ্ট্ৰত আকৌ ক’ভিডজনিত নিষেধাজ্ঞা জাৰী কৰিব বুলি ভাবি গোপাল গুপ্তাই বছৰটোত দ্বিতীয়বাৰৰ বাবে চহৰ এৰাৰ সিদ্ধান্ত লৈছিল।
কিন্তু তেনে হ’বলৈ নাপালে। মাৰ্চ মাহৰ শেষৰ ফালে তেওঁৰ পৰিয়ালটোৱে উত্তৰ প্ৰদেশ অভিমুখী ৰেলত উঠিল, লগত ৰঙা মাটিৰ এটা পাত্ৰ, ভিতৰত তেওঁৰ চিতা ভস্ম। বিধ্বস্ত পৰিয়ালটো কুচৌৰা তালুকৰ চাহতৱাৰ গাঁৱলৈ উভতি গ’ল।
“দেউতাৰ মৃত্যুৰ বাবে মই কেৱল ক’ৰনাকে দোষ দিব নোৱাৰোঁ... তেওঁ জীয়াই থকা হ’লেও এখন ভৰি লৈ জীয়াই থাকিব লাগিলহেঁতেন,” গোপালৰ ২১ বছৰীয়া জীয়েক জ্যোতিয়ে কয়।
কল্যাণৰ ৫৬ বৰ্ষীয় পাচলি বিক্ৰেতা গোপাল মাৰ্চ মাহৰ প্ৰথম সপ্তাহত সামান্য চৰ্দি-কাহত আক্ৰান্ত হৈছিল। পালাবানি এলেকাত দুটা কোঠালীৰ ঘৰটোত তেওঁ পৰিয়ালৰ সৈতে ভাৰাত থাকে, তাৰেই ওচৰৰে এখন দোকানৰ পৰা দৰৱ লৈ তেওঁ সুস্থ অনুভৱ কৰিছিল।
জানুৱাৰীত উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ বাঁসদি তালুকৰ তেওঁলোকৰ গাঁৱৰ পৰা তেওঁলোক ঘুৰি অহাৰ দুমাহ হৈছিল মাত্ৰ। কিন্তু কাম ভালদৰে আৰম্ভ কৰিবলৈ নৌপাওতেই ক’ভিডৰ দ্বিতীয় ঢৌ আহি পৰিল। জ্যোতিয়ে কয়, “দেউতাই যোৱা বছৰৰ দৰে অপেক্ষা কৰি ৰিস্ক ল’ব বিচৰা নাছিল,” সেয়ে পৰিয়ালটোৱে গাঁৱলৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল।
কিন্তু ১০ মাৰ্চৰ আবেলি ৫ মান বজাত গোপালে শ্বাসৰুদ্ধ হোৱা যেন অনুভৱ কৰে। স্থানীয় ক্লিনিকত লৈ যোৱাৰ পিছত তেওঁ ক’ভিড পজিটিভ বুলি ধৰা পৰিল। পৰিয়ালটোৱে তেওঁক ততাতৈয়াকৈ কল্যাণ ডম্বিভেলি পৌৰনিগম (কেডিএমচি)ত ভৰ্তি কৰালে। কিন্তু তেওঁৰ অৱস্থা আৰু বেছি বেয়া হ’বলৈ ধৰাত হস্পিতালৰ কৰ্তৃপক্ষই তেওঁক আন কোনো ভাল সুবিধা থকা হস্পিতাললৈ লৈ যাবলৈ পৰামৰ্শ দিলে। সিদিনা আবেলিয়ে তেওঁক কল্যাণৰ ব্যক্তিগত হস্পিতাল এখনলৈ লৈ যোৱা হ’ল।
“ক’লৈ যাম আমি ভাবি পোৱা নাছিলো। ভবাৰ সময়ে নাছিল। দেউতাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল, ইফালে ভাইটোৰো অৱস্থা বেয়া আছিল,” জ্যোতিয়ে কয়। জ্যোতিৰ ভায়েক বিবেক (২৬)ৰো ক’ভিড পজিটিভ ধৰা পৰিছিল আৰু ভিৱাণ্ডিৰ কাষৰে এটা কেন্দ্ৰত ১২ দিনৰ বাবে তেওঁক কোৱাৰেইণ্টাইনত ৰখা হৈছিল।










