২,৫০০ টকাৰ ডাউন-পেমেণ্ট দি ৰাজেশ অন্ধাৰেয়ে জীৱনত প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন এটা কিনিছিল। দুটা বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁ সেইটো ভালকৈ চলাব নাজানে। “সেয়া মই মোৰ ডাঙৰজন ল’ৰা দীনেশৰ পৰা উপহাৰ দিবলৈ কিনিছিলো, সি স্কুলৰ পঢ়া শেষ কৰিছিল,” ৪৩ বৰ্ষীয় ৰাজেশে কয়। “বাকীখিনি পইচা আমি ১,০০০ টকাৰ পাঁচটা কিস্তিত আদায় দিলো। ফোনটোৰ দাম ৭,৫০০ টকা আছিল।”
স্মাৰ্টফোনটো ১৬ বছৰীয়া দীনেশৰ লগত আছে, কিন্তু মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ডংগাৰি গাঁৱত ৰাজেশেও ফোনটো ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল।
ৰাজেশৰ দিনটোত ২৫০-৩০০ টকা হাজিৰা ধৰিলে মাহত যিমানখিনি টকা হয়, সিমানমান পইচাৰে ফোনটো কিনা হৈছিল। “মই সেইটো ব্যৱহাৰ কৰাৰ চেষ্টা কৰিলো,” তেওঁ কয়। “কিন্তু কিছুদিনৰ পিছতে এৰিলো। মোৰ পুৰণি কীপেড থকা ফোনটোৱে ঠিকে আছে।”
তলাসৰি তালুকৰ দৰে কম আয়ৰ আদিবাসী অধ্যূষিত অঞ্চলৰ দুৰ্গম ঠাইতো তেওঁৰ পুত্ৰৰ প্ৰজন্মৰ ল’ৰা-ছোৱালীয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰাত পাকৈত। কিন্তু স্মাৰ্টফোন কিনোতে হোৱা খৰছ আৰু চিগনেলৰ অভাৱত পিছ পৰি ৰয়।
গুজৰাটৰ সীমামূৰীয়া অঞ্চলৰ জনজাতীয় বেল্টৰ অন্তৰ্গত এই অঞ্চলটো মুম্বাইৰ পৰা মুঠে ১৩০ কিলোমিটাৰ দূৰ হ’লেও ইণ্টাৰনেটৰ সুবিধা তেনেই তথৈবচ। “আনকি বিদ্যুতৰ যোগানো নিয়মীয়া নহয়, বিশেষকৈ বাৰিষাকালত,” ৱৰ্লি জনজাতিৰ ৰাজেশে কয়।
গতিকে যদি আপুনি ডংগাৰিত কেইজনমান ল’ৰা জুম বান্ধি থকা যদি দেখে, বুজিব যে তাত নেটৱৰ্ক কিছু ভাল। সিহঁতৰ এজনৰ বা দুজনৰ স্মাৰ্টফোন থাকিব, বাকীকেইজনে উত্সুকতাৰে স্ক্ৰীণত চাই ৰ’ব। আৰু হয়, ল’ৰাৰ জাকেই আপুনি দেখিব। ছোৱালীক স্মাৰ্টফোনৰ সৈতে দেখাটো বিৰল।









