কে. আৰ. সাৰদাৰ ঘৰটো পট্টনমথিট্টা জিলাৰ ৰাণী আংগাড়ি গাঁৱৰ ধাননি, চাগুখেতিৰ পথাৰবোৰ আৰু কল খেতিৰ ওপৰৰ অঞ্চল এটাত আছে। এই আটাইবোৰ খেতি কুডুম্বশ্ৰী সংঘ কৃষি (গোট বা ৰাজহুৱা পাম)ৰ। ২০১৮ চনৰ আগষ্ট মাহৰ কেৰালাৰ বানত কেৱল এই খেতি পথাৰবোৰ ডুব যোৱাই নহয়, সেই পানী ওপৰলৈ উঠি আহি তেওঁৰ ঘৰত সোমাইছিল আৰু সম্পূৰ্ণ তলৰ মহলাটো ডুব গৈছিল। “মই ১১ দিনৰ কাৰণে ঘৰ এৰিবলগীয়া হৈছিল।” ওখ ঠাইৰ আশ্ৰয় শিবিৰ এটাত সেইকেইদিন কটোৱা সাৰদাই কয়। তেওঁ নিজে কৃষক নহয়, এগৰাকী গৃহিণীহে।
উভতি অহাৰ কেইবাদিনৰ পাছতো তেওঁ বয়-বস্তুবোৰ ঘৰৰ বাটচ’ৰা আৰু খটখটীত এতিয়াও শুকুৱাই আছে। সেই বয়-বস্তুবোৰৰ ভিতৰত তেওঁৰ বাবে বোধহয় আটাইতকৈ মূল্যৱানখিনি হ’ল পৰিয়ালৰ সদস্যসকলৰ কিছুমান বৰ ধুনীয়া ফটো। ভাগ্যক্ৰমে সেইবোৰৰ বেছিখিনি ধুব পৰা বা পানী প্ৰতিৰোধী আৰু লেমিনেট কৰা ধৰণৰ আছিল। তেওঁ সেইখিনি একাষৰ খটখটীত শুকুৱাইছে। তাৰ ভিতৰত কেইখনমান সেনাবাহিনীত কৰ্মৰত তেওঁৰ পুত্ৰ কে. আৰ. ৰাজেশৰ। সাৰদাই তেওঁৰ থকা ঠাইখিনি ভালকৈ নাজানে, কিন্তু ভাবে যে তেওঁ উত্তৰৰ ফালে “কোনোবা এখন ঠাইত” আছে।
অনুবাদক: বন্যা বৰুৱা


