“মোৰ মায়ে তেওঁক এবাৰ দেখিছিল।”
তেওঁ মানে কাৰ কথা কোৱা হৈছে, সেয়া শান্তিনিকেতনত সকলোৱে জানে।
নিপুণ হাতেৰে ৰবীন্দ্ৰনাথৰ সৰু এক মূৰ্তি তৈয়াৰ কৰি থাকোঁতেই এই নক্ষত্ৰপ্ৰতিম মানুহজনৰ কথা কৈ গৈছে বিপিন কৰ্মকাৰে। “পৰ্যটকসকল শান্তিনিকেতনলৈ আহিলে মূৰ্তি হওক বা ছবি - এটা ৰবীন্দ্ৰনাথ ল’বই। ঠিক তেনেকৈ যেনেকৈ পুৰীলৈ গ’লে আমি জগন্নাথৰ মূৰ্তি কিনো,” বৰ ভক্তিসহকাৰে কথাটো তেওঁ কয়। এজন হিন্দু দেৱতাৰ সৈতে কুৰি শতিকাৰ এই সাহিত্যস্ৰষ্টাক একাকাৰ কৰি তেওঁ কথাটো কয়। আক্ষৰিকভাবেও কবিৰ ঠাকুৰ উপাধিটোও কথাটোৰ লগত ধুনীয়াকৈ খাপ খাই পৰে।
ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনৰ আশ্ৰম বিদ্যালয় আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ এটা শতাব্দী পাৰ হৈ গ’ল। শান্তিনিকেতন তেতিয়া এখন গাঁও আছিল। এতিয়া সেয়া পশ্চিমবংগৰ বীৰভূম জিলাৰ এখন ব্যস্ত চহৰ, জনপ্ৰিয় পৰ্যটনস্থল। কলকাতাৰ পৰা দ্ৰুতগামী ৰেলত তিনি ঘণ্টাতকৈয়ো কম সময়তে ইয়াত উপস্থিত হ’ব পাৰি।
নোবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ আজিও শান্তিনিকেতনৰ আকাশে-বতাহে বিদ্যমান। দোকানৰ নামত, দেৱাল সজ্জাত আৰু যাৱতীয় স্মাৰক, সৰু মূৰ্তি, কাপোৰ-কানি আনকি ছবিঘৰলৈকে তেওঁৰ নাম অথবা কামৰ প্ৰভাৱ আছে। ৰবীন্দ্ৰনাথ ঠাকুৰক বাদ দি শান্তিনিকেতনত খোজ দিব নোৱাৰি।

























