তিনিছটা শিল আৰু এখন কাঠৰ তক্তা ইটোৰ ওপৰত সিটো পাৰি লৈ ওখ কৰি ক্ষীণকায় দেহটোৰে তেওঁ ভাৰসাম্য ৰাখি কষ্টৰে থিয় হৈছে। শিলকেইছটা অসমান। ওপৰত কাঠছটা দি লোৱাৰ বাবেহে উপৰিভাগ সমান হৈছে। তাতেই মহাৰাষ্ট্ৰৰ য়াভাতমল জিলাৰ এখন দুৰ্গম গাঁৱৰ সেই মহিলাগৰাকীয়ে থিয় দি আছিল। টেংকৰ পাইপৰ পৰা নিগৰি অহা পানী যিমান পাৰি কলহত ভৰাবলৈ তেওঁ চেষ্টা কৰিছিল। অসীম ধৈৰ্য আৰু অদ্ভুত দক্ষতাৰে তেওঁ এটা কলহ নিজৰ মূৰৰ ওপৰত ধৰি ৰাখিছিল। প্ৰথমটো কলহত পানী ভৰ্তি হোৱাৰ লগে লগে তেওঁ সেই পানীখিনি ততালিকে মাটিত থোৱা আন এটা ডাঙৰ কলহত ঢালিলে। চাওতে চাওতে দুয়োটা পাত্ৰতে পানী ভৰি পৰিল আৰু তেওঁ ঘৰমুৱা হ’ল। তাৰপিছত কঢ়িয়াই অনা পানীখিনি ঘৰত থৈয়েই পুনৰ পানী আনিবলৈ ওলাই আহিল। এনেদৰে প্ৰতিবাৰে প্ৰায় আধা কিলোমিটাৰ বাট খোজ কাঢ়ি গৈ ১৫-২০ লিটাৰ পানী দুটা কলহত ভৰাই আনিছিল।
একে ৰাজ্যৰে অমৰাৱতী জিলাত সাৰদা বদ্রে আৰু তেওঁৰ ছোৱালীজনীয়েও ভালেকেইবছৰ নিজৰ ঘৰৰ ওচৰৰ কমলা টেঙাৰ গছবোৰত পানী দিবলৈ এনেকৈয়ে কষ্ট কৰি আহিছে। তেওঁলোকৰ ঘৰৰ পৰা পানীৰ সুবিধা মাত্ৰ ৩০০ মিটাৰ দূৰত আছে, যিটো গ্ৰামাঞ্চল হিচাপত চাবলৈ গ’লে একেবাৰে ওচৰতে বুলিয়ে ক’ব পাৰি। কিন্তু কথাটো হৈছে - “ইমানবোৰ গছৰ বাবে ২১৪ টা ডাঙৰ আকাৰৰ কলহভৰ্তি পানীৰ প্ৰয়োজন।” মানে সেইখিনিৰ বাবে তেওঁলোকৰ অহা-যোৱা মিলাই মুঠ ৪২৮ বাৰ। তাৰে আধা সময় তেওঁলোকৰ মূৰত থাকিব পানীৰে ভৰা গধুৰ কলহ। হিচাপ কৰি চালে দেখা যায় যে তিনিগৰাকী মহিলাৰ প্ৰতিগৰাকীয়েই সৰ্বমুঠ ৪০ কিলোমিটাৰতকৈও অধিক পথ খোজ কাঢ়িব লগা হয়। “আধাখিনি গছত সোমবাৰে পানী দিয়া হয় আৰু বাকী আধাখিনিত বৃহস্পতিবাৰে।” এইখিনি কাম শেষ হ’লেই যে তেওঁলোক আজৰি হ’ব, এনে নহয়। সপ্তাহৰ বাকী দিনকেইটাত আকৌ পথাৰত কাম আছেই। এপ্ৰিল-মে’ মাহৰ প্ৰখৰ ৰ’দত, য’তনেকি উত্তাপ কেতিয়াবা ৪৫° চেলচিয়াছ (১১৩° ফাৰেনহাইট) স্পৰ্শ কৰে - তেনে এক পৰিৱেশতো তেওঁলোক থমকি নৰয়।
এইবোৰ অৱশ্যে কিছুদিন আগৰ কথা। আজিকালি গাঁওবোৰত পানীৰ সংকট তীব্ৰতৰ হৈ পৰিছে। পানীৰ পুৰণি উৎসবোৰ ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰিছে আৰু আনফালে ঔদ্যোগিক খণ্ডত তথা চহৰাঞ্চলত আগতকৈও অধিক পানী ব্যৱহাৰ হ’বলৈ লৈছে। পৰিস্থিতি যদি এনেকৈয়ে চলি থাকে, তেনেহ’লে ভাৰতৰ গ্ৰামাঞ্চলৰ আন লাখ লাখ মহিলাৰ দৰে সাৰদা আৰু তেওঁৰ কন্যাইও প্ৰতিদিনে আৰু বহু বেছি বাট খোজকাঢ়িবলগীয়া হ’ব। বিশ্বৰ প্ৰতিটো প্ৰান্তৰ অতিশয় দৰিদ্ৰ গ্ৰাম্য মহিলাসকলে যুগ যুগ ধৰি ইয়াকেই কৰি আহিছে।






