ৰুখাবাই পাড়ৱিয়ে কাপোৰখনৰ মাজেৰে আঙুলি নোবোলোৱাকৈ থাকিব নোৱাৰে। আমাৰ কথাৰ মাজত মই বুজি উঠিলোঁ যে তেনেকৈ তেওঁ আন এটা সময় আৰু জীৱনৰ মাজলৈ উভতি যায়।
“এইখন মোৰ বিয়াৰ শাড়ী,” তেওঁ ভীল ভাষাতে ক’লে, যিটো আক্ৰানি তালুকৰ পাহাৰীয়া জনজাতি অধ্যূষিত অঞ্চলত কথিত ভাষা। চাৰপাই (খাট) এখনত বহি ৯০ বছৰ বয়সীয়া মহিলাগৰাকীয়ে কোলাৰ পাতল গুলপীয়া আৰু সোণালী পাৰীৰ শাড়ীখন চুই চুই ক’লে।
“মোৰ মা-দেউতাই তেওঁলোকৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধনেৰে এইখন কিনি দিছিল। এই শাড়ীখন মোৰ বাবে তেওঁলোকৰে স্মৃতি,” এটা শিশু সুলভ হাঁহিৰে তেওঁ ক’লে।
মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ আক্ৰানি তালুকৰ এখন গাওঁ মুজৰাত ৰুখাবাইৰ জন্ম হৈছিল; এই অঞ্চলটোৱেই তেওঁৰ বাসস্থান।
“মোৰ বিয়াত মা-দেউতাহঁতে ৬০০ টকা খৰচ কৰিছিল। সেই সময়ত সেয়া বহুত টকা আছিল। এই বিয়াৰ জোৰাৰে স’তে তেওঁলোকে পাঁচ টকাৰ কাপোৰ কিনিছিল, তেওঁ ক’লে। গহণা-গাঁথৰি বাৰু মৰমৰ মাকে ঘৰতে সাজিছিল।
“সোণাৰি বা কাৰিকৰ নাছিল। মোৰ মায়ে ৰূপৰ সিকিৰে ডিঙিৰ হাড়ডাল গাঁঠি দিছিল। সঁচা ৰূপ সিকি আছিল। তেওঁ শিকাবোৰ ফুটা কৰি গ’ধৰি (হাতেৰে তৈয়াৰী বিচনা চাদৰ)ৰে তৈয়াৰী ডাঠ সূতাৰে সী দিছিল,” সেই পৰিশ্ৰমৰ স্মৃতি মনত পেলাই হাঁহি এটা মাৰি ক’লে। তাৰ পিচত তেওঁ পুনৰাই দোহাৰিলে, “ৰূপৰ টকা দেই, আজিকালিৰ কাগজৰ টকা নহয়।”








