গুজ্জৰ সম্প্ৰদায়ৰ আব্দুল ৰছিদ শ্বেইখে ৰেচনৰ বিতৰণ সম্পৰ্কে, ৰাজ্যৰ পুঁজিসমূহৰ কিদৰে ব্যৱহাৰ হৈছে আদি বিভিন্ন বিষয়ক লৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰি আহিছে। ৫০ বৰ্ষীয পশুপালকজনে প্ৰায় ৫০ টাৰো অধিক ভেড়া আৰু ২০মান ছাগলী হিমালয়ৰ কাশ্মীৰ অঞ্চলত চৰাই ফুৰে, তেওঁ যোৱাটো দশকত দুই ডজনৰো অধিক আৰ.টি.আই. দাখিল কৰিছে।
“আগতে মানুহে (বিষয়াসকলে) কি আঁচনি আহিছে বা আছে, সেই সম্পৰ্কে নাজানিছিল; আমিও আমাৰ অধিকাৰ সম্পৰ্কে নাজানিছিলো,” নিজৰ কোঠা (মাটি, শিল আৰু কাঠেৰে পাৰম্পৰিক আৰ্হিত নিৰ্মিত ঘৰ)ৰ বাহিৰত থিয় দি থকা আব্দুলে কয়। বৰ্তমান দুধপথ্ৰিত পৰিয়ালৰ সৈতে থকা পৰিয়ালটোৱে প্ৰতিবছৰে গ্ৰীষ্মকালত তালৈ আহে। বড়গাম জিলাৰ খানচাহিব ব্লকৰ মুজপথ্ৰি গাঁৱত তেওঁলোকৰ ঘৰ।
“আইন আৰু আমাৰ অধিকাৰৰ বিষয়ে জানিবলৈ আৰ.টি.আই. আবেদন কৰাটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, আমিও বিষয়াসকলৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে, শিকিলো,” আব্দুলে কয়। প্ৰাৰম্ভিকতে বিষয়াসকলে নিজেও আৰ.টি.আই. আইনৰ কথা বিশেষ নাজানিছিল আৰু “আঁচনি আৰু পুঁজিৰ বিতৰণৰ বিষয়ে তথ্য বিচাৰি আবেদন কৰিলে আচৰিত হৈ গৈছিল।”
এনেদৰে আৰ.টি.আই. আবেদন কৰা কামটোৰ বাবে গাঁৱৰ মানুহে পুলিচৰ পৰা হাৰাশাস্তি খাবলৈ ধৰিলে। খণ্ড বিষয়াসকলে পুলিচৰ লগত মিলি গাঁৱৰ বহুতৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিলে। জনা-বুজা নাগৰিক যেনে আব্দুলহঁতে আৰ.টি.আই. আন্দোলনত আগভাগ লৈছিল, তেওঁলোককে ব্যৱস্থাটোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।
“বিষয়াসকলহে দুৰ্নীতিত লিপ্ত আছিল। তেওঁলোকৰ এতিয়া সম্পত্তিবোৰ চাওকচোন,” নিজৰ কথাত যুক্তি দাঙি ধৰি তেওঁ কয়। আৰ.টি.আই. আবেদন দাখিল কৰাৰ উপৰিও মুজপথ্ৰিৰ ৫০ জন লোকৰ বাবে ৰেচন কাৰ্ড দিয়াৰ বাবেও তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত দাবী জনাইছিল।











