গোটেই জীৱনটো গৰু-ছাগলীৰ পিছতে কটাইছো। ৰাইকা মানুহ হিচাপে আমাৰ এইটোৱে কাম, জীৱ-জন্তুৰ চোৱাচিতা কৰা।
মোৰ নাম সীতা দেৱী, বয়স ৪০ বছৰ। আমাৰ সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি পশুপালন কৰি আহিছে। ঘাইকৈ উটপালন কৰে যদিও শেহতীয়াকৈ ভেড়া, ছাগলী, গৰু-ম’হো পালন কৰিবলৈ লৈছে। আমাৰ চুবুৰীটোৰ নাম তাৰামাগ্ৰি, ৰাজস্থানৰ পালি জিলাৰ জইতৰন খণ্ডৰ কুৰ্কি গাঁৱৰ পৰা এক কিলোমিটাৰ দূৰত চুবুৰীটো আছে।
হৰি ৰাম দেৱাচি (৪৬)ৰ সৈতে মোৰ বিয়া হৈছে। দুই পুত্ৰ চাৱাই ৰাম দেৱাচি আৰু জামতা ৰাম দেৱাচি আৰু সিহঁত দুয়োৰে পত্নী ক্ৰমে আচু দেৱী আৰু সঞ্জু দেৱীৰ সৈতে আমি থাকো। আচু আৰু চাৱাইৰ দহ মহীয়া সন্তান এটা আছে। মোৰ মা ছায়াৰি দেৱী (৬৪)ও আমাৰ লগত থাকে।
মোৰ দিনটো পুৱা ৬ বজাত ছাগলীৰ গাখীৰ দিয়া একাপ চাহেৰে আৰম্ভ হয়, মই নিজে বনাও বা মোৰ বোৱাৰীয়ে বনাই দিয়ে। তাৰপিছত আমি ৰন্ধা-বঢ়া কৰো আৰু বাৰা (গোহালি)লৈ যাও, তাত আমাৰ ভেড়া আৰু ছাগলীবোৰ থাকে। গোবৰ-পানী পৰি লেতেৰা হৈ থকা গোহালিখন চাফা কৰি গোবৰবোৰ সাৰ বনাবলৈ একাষৰীয়াকৈ থৈ দিও।
গোহালিখন আমাৰ ঘৰৰ ঠিক পিছফালে আছে, তাত ষাঠিটা ভেড়া-ছাগলী একেলগে ৰাখো। আমাৰ এটা সৰুকৈ আচুতীয়া গোহালি আছে, তাত ভেড়া আৰু ছাগলীৰ পোৱালীবোৰ ৰাখো। গোহালিৰ এটা মূৰে শুকান খেৰ-ঘাঁহ জমা ৰাখো। তাত সচৰাচৰ মাহজাতীয় উদ্ভিদৰ খেৰবোৰ ৰখা হয়। ভেড়া আৰু ছাগলীৰ উপৰিও আমাৰ দুটা গাইগৰু আছে, সিহঁতৰ কাৰণে পৃথকে ঘৰৰ সন্মুখৰ ভাগত গোহালি আছে।










