‘‘মোৰ নাম তুলসীভাই নাৰনভাই, কিন্তু মোক বিচাৰিবলৈ হ’লে আপুনি ক’ব লাগিব ‘‘বচ্চনক মাতা’৷ মানুহবোৰে মোক এই নামেৰেই জানে’’, তুলসীভাইক কিয় চলচ্চিত্ৰৰ এজন ছুপাৰষ্টাৰৰ নামেৰে মতা হয় সেই বিষয়ে তেওঁ ক’লে৷
৬০ৰ দেওনা গৰকা এই ব্যক্তিজন তেওঁৰ পুতেক তনুভাইৰ সৈতে আহমেদাবাদৰ গুলবাই তেকৰাৰ পদপথত বাস কৰে৷ তনুভাইৰ জন্মৰ সময়তে তেওঁৰ পত্নীয়ে ইহলীলা ত্যাগ কৰে৷ ‘‘মোৰ আইতাই মোক ডাঙৰ-দীঘল কৰিছে৷ তেওঁ এতিয়াও জীৱিত আৰু বসয় তেওঁৰ এশৰো অধিক,’’ ৩০ বছৰীয়া তনুভাইয়ে এইদৰে কয়৷
পিতা-পুত্ৰই পুৱা ন বজাৰ পৰা নিশা ন বজালৈ আৱৰ্জনা বুটলি ফুৰে আৰু চহৰখনৰ তালুকা মেমনগৰত কিলো হিচাপত ভাংগাৰৱালাৰ (আৱৰ্জনা সামগ্ৰীৰ ডীলাৰ)তাত বিক্ৰী কৰে৷ তাতেই চহৰৰ আৱৰ্জনা সংগ্ৰহকাৰীয়ে কিলোগ্ৰাম হিচাপত পেলনীয়া সামগ্ৰী বিক্ৰী কৰে।
এই প্ৰতিবেদকে তেওঁলোকক সাক্ষাৎ কৰাৰ দিনা আবেলি ২ বজাৰ পৰা তেওঁলোকে চাৰি কিলো প্লাষ্টিকৰ বটল আৰু এক কিলো কাৰ্ডব’ৰ্ড সংগ্ৰহ কৰিছিল৷ আৱৰ্জনা সামগ্ৰীৰ ডীলাৰৰ পৰা এই সামগ্ৰীৰ বাবদ তেওঁলোকে ১১০ টকা লাভ কৰিছিল৷ ‘’গ্ৰীষ্মৰ দিনকেইটা এইবাৰ অসহনীয় আছিল৷ আমি বেমাৰত পৰিলোহেঁতেন৷ সংগ্ৰহ কৰা কাৰ্ডব’ৰ্ডেৰে আমি দিনটোৰ গৰম আঁতৰাবলৈ নিজকে বিচিছিলো’’, তুলসীভাইয়ে এইদৰে কয়৷






