নামঘৰৰ মজিয়াখন মাটিৰ চাকিৰে ভৰি পৰিছে। তাৰ ঢিমিক-ঢামাক পোহৰত মানুহ গোট খাবলৈ ধৰিছে। গায়ন আৰু বায়নো সাজু। চাকিৰ পোহৰত দেখা মুখবোৰত বৰতালৰ চিকমিকনি আহি পৰিছে। ভাওনা আৰম্ভ হ’ব এতিয়া।
সুত্ৰধাৰে নাটৰ আভাস দিছে। নামঘৰটো নিজম পৰিছে। সামান্য পোহৰত বিপুলৰ মুখখন দেখা গৈছে।
নিশাটো চলিবলগীয়া ভাওনা আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে। নাটবোৰ ঘাইকৈ ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীৰ এটা এটা অধ্যায়ক লৈ পৰিৱেশন কৰা হয়।
বিপুলৰ প্ৰিয় চৰিত্ৰটো হৈছে মহাভাৰতৰ পঞ্চ-পাণ্ডৱৰ মাতৃ কুন্তীৰ চৰিত্ৰ। “গাঁৱত মানুহে মোক কুন্তী বুলি মাতে,” তেওঁ মিচিকিয়াই হাঁহি কয়। মাকে তুলি-তালি ডাঙৰ-দীঘল কৰা বিপুলে মাকৰ মমতা কি সেয়া ভালদৰে বুজি পায়। “মোৰ ভিতৰতো এগৰাকী মাতৃ আছে। সেই মমতাময়ী সত্তাটোক মই কুন্তীৰ চৰিত্ৰটোৰ জৰিয়তে তুলি ধৰো।” এইবুলি কৈ তেওঁ নাটৰ প্ৰিয় শাৰী কেইটামান গাই শুনায়:
















