চহৰখন চালে এনে লাগে যেন এখন ধুনীয়া ডাকপখিলী (প’ষ্টকাৰ্ড)। চকু জুৰোৱা এখন চহৰ। ৰাস্তাৰ কাষৰ কাগজ ফুলৰ জোপোহা গছবোৰ হাউলি পৰিছে। ৰং-বিৰঙী ঘৰ-দুৱাৰ, সুসজ্জিত উপাসনাস্থলী আৰু তাৰ পৰা ভাঁহি অহা সুমধুৰ ভক্তিগীতৰ সুৰে টুমকুৰৰ পথচাৰীৰ মন পুলকিত কৰাটো ধুৰূপ। কিন্তু আমি যি কথা পাতিবলৈ গৈ আছো, আপুনি ভাল নাপাবও পাৰে। কিয়নো আমি মানুহৰ গুৰ কথা ক’বলৈ গৈ আছো।
শব্দটো পোনপটীয়াকৈ লিখিবলগীয়া হ’ল। সাধাৰণতে আমি মানুহৰ মল-মূত্ৰ বুলিয়েই লিখো। কিন্তু যি বুলিয়েই নিলিখো কিয়, চাফা যিজনে কৰিব, তাৰ বাবে গু গুৱে, তাক বিষ্ঠা বা মল নাম দিলেও বাস্তৱ পৰিস্থিতি একো সলনি নহয়। ৰামাঞ্জানাপ্পাৰ দৰে মানুহৰ বাবে শব্দৰ বিলাসিতা নাই। পাভাগড়া তালুকৰ কান্নামেদি গাঁৱৰ এই চাফাই কৰ্মীজনে ক্ষোভেৰে কয়, “মোৰ এই হাত দুখনেৰেই মানুহৰ বিষ্ঠা চাফা কৰোঁ।” কিন্তু যন্ত্ৰণা কেৱল ইয়াতেই শেষ নহয়। এই চৰম অমানৱীয় কামটোৰ বিনিময়ত যি অলপ সকাহ হিচাপে প্ৰাপ্য মজুৰি পাব লাগিছিল, তাৰো কোনো আশা নাই। ২০১৭ চনৰ অক্টোবৰ মাহৰ পিছত ৰামাঞ্জানাপ্পাই নিজৰ দৰমহাৰ মুখ দেখা নাই।
পাভাগড়াৰ টাউন হলৰ দেৱালত আৱৰ্জনা পৃথকীকৰণক লৈ চৰকাৰী নিয়মৰ চকুত লগা ছবি অঁকা আছে। কিন্তু এই সকলোবোৰ যে কেৱল চৰকাৰী ভেকোভাওনা, সেই কথা উদঙাই দিলে হাতেৰে মল-মূত্ৰ চাফা কৰা প্ৰায় বিশগৰাকী মেনুৱেল স্কেভেঞ্জাৰে। তেওঁলোক আটায়েই মাদিগা সম্প্ৰদায়ৰ দলিত লোক। সেই প্ৰাচীৰ-চিত্ৰ থকা টাউন হলৰ পৰা মাত্ৰ ১০ মিটাৰমান দূৰৈৰ আম্বেদকাৰ ভৱনৰ এক বৈঠকত তেওঁলোকে নিজৰ ক্ষোভ আৰু হতাশা ব্যক্ত কৰিছিল।
ৰামাঞ্জানাপ্পাৰ মাহিলী মজুৰি আছিল ৩,৪০০ টকা। এই সামান্য মজুৰিৰে পত্নী আৰু পঢ়ি থকা তিনিটা সন্তানসহ পাঁচজনীয়া পৰিয়ালটো মাহৰ ৩০ দিন পোহপাল দিয়াটো এনেও অসম্ভৱ কথা আছিল। এতিয়া আকৌ তেওঁ যোৱা ৯ মাহ ধৰি এটকাও পোৱা নাই।
সমবেত হোৱাসকলৰ কিছুমানে তেওঁলোকৰ মজুৰি পোৱা নাই, আন কিছুমানে আকৌ কেবামাহ আগতে প্ৰতিশ্ৰুতি দি থোৱা ইনক্ৰিমেণ্ট (বেতন বৃদ্ধি)ৰ পৰা প্ৰতাৰিত হৈছে।












