শংকৰদহ গাঁৱৰ পৰা প্ৰায় প্ৰতিদিনে ভাগৌলি চাহুৱে বতৰৰ ওপৰত নিৰ্ভৰ কৰি দুই বোজা ঘাঁহ বা খেৰ লৈ ধামতাৰি চহৰলৈ ওলায়। তেওঁ ‘কানৱাৰ’ (হুলা বাৰি)এডালেৰে এফালে বোজাটো বান্ধি লয় আৰু কান্ধত তুলি ধামতাৰিলৈ বুলি ওলায়। চহৰখন চত্তীশগড়ৰ ৰাজধানী চহৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত। ভাগৌলিয়ে গৰু-ম’হ পোহা মানুহক সেইখিনি পশুখাদ্য হিচাপে বিক্ৰী কৰে।
তেওঁ ভালেকেইবছৰ ধৰি এনেকৈ ধামতাৰিলৈ পশুখাদ্য নিয়া কামটো কৰি আহিছে। এনেয়ে গোটেই বছৰটোত তেওঁ সপ্তাহত চাৰিদিনকৈ যায়, কেতিয়াবা ছদিনো যায়। চাইকেল চলাই স্কুললৈ যোৱা শিশু, কামলৈ বুলি চহৰলৈ ৰাওনা হোৱা শ্ৰমিক, বিভিন্ন কাৰিকৰ আৰু নিৰ্মাণ ছাইটৰ শ্ৰমিকৰ সৈতে তেওঁ খোজকাঢ়ি গৈ থাকে।
ভাগৌলিয়ে সত্তৰৰ দেওনা পাৰ কৰিছে। কেতিয়াবা তেওঁক ধামতাৰি পাবলৈ এঘণ্টা লাগে, যিখন তাৰপৰা চাৰে চাৰি কিলোমিটাৰমান দূৰত্বত আছে। কেতিয়াবা তেওঁ এদিনত দুবাৰ অহা-যোৱা কৰে। এনেকৈ তেওঁৰ ১৮ কিলোমিটাৰমান খোজ কঢ়া হয়। ইয়াত আকৌ তেওঁ কোনো খেতিয়কৰ পৰা ঘাঁহ-খেৰ কিনা বা কেনেলৰ কাষৰ বনৰীয়া ঘাঁহ কটা সময়খিনি ধৰা হোৱা নাই।




