“খাট বোৱাটো মোৰ তেজত আছে বুলিয়েই ক’ব লাগিব,” তৃতীয় প্ৰজন্মৰ জৰীৰ খাট বা খাটিয়া নিৰ্মাণকাৰী ৪৫ বছৰীয়া কৃষ্ণাৱতীয়ে হাঁহি মাৰি কয়। থাৰু জনজাতীয় সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে এই প্ৰতিবেদকক জনায়, “মই বিয়াও হৈছো এনে এজনৰ লগত, যিয়ে এই শিল্প খুব ভাল পায়!”
প্ৰায় তিনিটা দশক ধৰি কৃষ্ণাৱতী আৰু তেওঁৰ স্বামী চন্দ্ৰপাল সিং ৰাণাই জৰীৰ খাট তৈয়াৰ কৰি আহিছে। এই খাট হৈছে কাঠৰ তক্তাৰ পৰিৱৰ্তে জৰী গাঁথি বনোৱা এবিধ বিচনা। তেওঁলোকে কাঠ কাটি খাটৰ খুৰাকেইটা সাজু কৰে আৰু তাৰপিছত জৰীৰে খাটখনৰ ভিতৰৰ অংশ বোৱে।
গৰমৰ দিনত মানুহে বিচনাতকৈ খাটতে শুব ভাল পায়। সেয়ে খাট বনোৱা শিল্পীসকলে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই কামত মনোনিৱেশ কৰে। বছৰটোৰ বাকী সময়ছোৱাত তেওঁলোকে কৃষিশ্ৰমিক হিচাপে কাম কৰে। কৃষ্ণাৱতীয়ে দিনে ৩৫০ টকা মজুৰি পায় আৰু চন্দ্ৰপালে তেওঁতকৈ এশ টকা বেছি পায়। তেওঁলোকে বছৰটোত প্ৰায় ১২০-১৫০ দিন এই কাম কৰে।















