“গৰাল!” অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ চিংচুং চহৰৰ অকোৱা-পকোৱা বাটেৰে গাড়ী চলাই গৈ থাকোতে ড. উমেশ শ্ৰীনিবাসনে এই চাৰিঠেঙীয়া জন্তুবিধ দেখি উল্লসিত হৈ পৰে।
পূব হিমালয়ৰ ওখ-চাপৰ অৰণ্য আৰু পৰ্বতৰ মাজত, নাতিদূৰত এটি চুটি-চাপৰ গাঁঠলু ছাই-বৰণীয়া জন্তু এটা ৰাস্তাৰ সিপাৰে দেখা গৈছে।
“আপুনি কেতিয়াও আগতে এনে দৃশ্য নেদেখিলেহেঁতেন,” ৱেষ্ট কামেং বনাঞ্চলত যোৱা ১৩ বছৰে কাম কৰি অহাৰ অভিজ্ঞতাসম্পন্ন বন্যপ্ৰাণী জীৱবিজ্ঞানীগৰাকীয়ে বিস্মিত হৈ কয়।
ছাঁইবৰণীয়া গৰাল (Naemorhedus goral) হিমালয়ৰ থিয় পৰ্বতীয়া অঞ্চল যেনে ভুটান, চীন, উত্তৰ ভাৰত, নেপাল আৰু পাকিস্তানৰ ছাগলীজাতীয় প্ৰাণী। কিন্তু ২০০৮ চনত প্ৰকৃতি সংৰক্ষণৰ আন্তৰাষ্ট্ৰীয় সংঘ (আই.ইউ.চি.এন.)য়ে সংকুচিত বসতিস্থলৰ আৰু চোৰাং চিকাৰৰ ফলত এই জন্তুবিধক “সংকটাসন্ন” বুলি তালিকাভুক্ত কৰিছে।
“সিহঁত আগৰে পৰা গভীৰ হাবিত থাকিছিল, ওলাই আহিবলৈ সংকোচবোধ কৰিছিল,” হিমালয়ৰ নামনিৰ ভাগত আৰু উত্তৰ-পূব ভাৰতত মানুহৰ বসতি অধিক থকা অঞ্চলত বৰ্তমান দেখিবলৈ পোৱা সংকটাসন্ন প্ৰাণীবিধৰ প্ৰসংগত উমেশে কয়।
গৰালটো দেখাৰ পিছত চিংচুঙৰ খেতিয়ক নিমা চেৰিং মনপাই আমালৈ চাহ আগবঢ়ায় আৰু আন এবিধ জন্তুৰ বিষয়ে কিছু তথ্য দিয়ে। “কেইসপ্তাহমান আগতে মই খেতিপথাৰত এটা ৰঙা পাণ্ডা (Ailurus fulgens) দেখিছিলো, সেই স্থান ইয়াৰ পৰা বেছি দূৰত নহয়।” বিলুপ্তপ্ৰায় প্ৰজাতিৰ ৰঙা পাণ্ডা চীন, ম্যানমাৰ, ভূটান, নেপাল আৰু ভাৰতত পোৱা যায় যদিও যোৱা তিনিটা প্ৰজন্মত জন্তুবিধৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পাইছে। আগন্তুক দুটা দশকত জন্তুবিধৰ সংখ্যা আৰু হ্ৰাস পাব বুলি আই.ইউ.চি.এন.য়ে সতৰ্ক কৰি দিছে।






















