নৱেম্বৰৰ ফিৰফিৰীয়া বতাহত আম্বিয়া খাতুনৰ বগা, উৱলি যোৱা পুৰণি শাৰীখনৰ আচলৰ বেঙুনীয়া ফুলবোৰ উৰিব ধৰিছে আৰু তেওঁ চুলিখিনি ঢাকিবলৈ যত্ন কৰিছে। জঁট লাগি ধৰা মৰাপাটৰ সূতাবোৰ চিজিল লগাই পকাই, মণি সুমৱাই আৰু গাঁঠি মাৰি থকাৰ মাজতে তেওঁৰ সোঁহাতখন মূৰলৈ গৈছে - নিজৰ ওৰণিখন ধৰি ৰাখিবলৈ। নদীৰ পাৰতে থকা তেওঁৰ অস্থায়ী ঘৰটোৰ কাষেৰে পাৰ হৈ যোৱা পুৰুষৰ দৃষ্টি সম্পৰ্কে আম্বিয়া সচেতন। ধুমুহা-বৰষুণ আৰু বানপানীৰ সময়ত বেকী নদীৰ খহি যোৱা পাৰ এনে এক ঠাই, য’ত ব্যক্তিৰ গোপনীয়তা ৰক্ষা কৰাটো টান কাম।
ঘৰৰ মজিয়াত বহি আম্বিয়াই শিকা (শিগা বুলিও কোৱা হয়, অসমীয়াত শিকিয়া) গুঁথি আছে। মৰাপাটৰ ৰছীৰে সজা শিকিয়া হৈছে আলংকৰিক হেংগাৰ য’ত বাচন-বৰ্তন, বীজ, কাপোৰ-কানি, তুলি-কম্বল আনকি গহনা আদি ওলমাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। শিকিয়া কেৱল এক আলংকৰিক সামগ্ৰীয়েই নহয়, ই সাংস্কৃতিক দিশৰ পৰাও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ মিঞা মুছলমানসকলৰ লগতে বৰ্তমানৰ বাংলাদেশৰ কৃষিপ্ৰধান সমাজত ইয়াৰ বিশেষ স্থান আছে। সঘনে বানপানী হোৱা অঞ্চলত এই শিকিয়াতেই খাদ্য-সামগ্ৰীৰ লগতে অনান্য সামগ্ৰী মাটিৰ পৰা উচ্চতাত ওলমাই ৰাখি পানীৰ পৰা বচাব পাৰি।
৭১ বছৰীয়া এই অভিজ্ঞ শিল্পীগৰাকীয়ে সুৰ্যৰ পোহৰে মাটি স্পৰ্শ কৰাৰ আগৰ পৰাই কামত ধৰে। ঘৰুৱা সমস্ত কাম-বন শেষ কৰি নিজৰ শিল্পত মনোনিবেশ কৰে। তেওঁৰ এটা কোঠাৰ ঘৰটোৰ বাৰান্দাখনেই তেওঁৰ কৰ্মশালা। কোমোৰাৰ চাং এখনৰ কাষতে ছাঁ পৰা ঠাইখিনিত তেওঁ মৰাপাটৰ ৰছীৰে শিকিয়া বোৱা কাম কৰিছে। ওলমি থকা ৰঙীন মণিবোৰ কোমোৰাৰ পাতৰ মাজেৰে সৰকি অহা ৰ’দত তিৰবিৰাই উঠিছে।
















