“আগতেই যদি মেচিন আনিলেহেঁতেন, মই মোৰ স্বামীক হেৰুৱাবলগীয়া নহ’লহেঁতেন, ইহঁতো নিঠৰুৱা হ’বলগীয়া নহ’লহেঁতেন,” নিজৰ সন্তানৰ মুখলৈ চাই ৰাণীয়ে কয়। “এতিয়া মেচিন আনিলে মোৰ একো লাভ নহয়, কিন্তু কাৰোবাৰ হ’লেও ঘৰখন এনেকৈ চন নপৰিব। গিৰীয়েক নলাত সোমাই নমৰিব। মই যেনেকৈ ভুগিছো, আন কোনেও ভুগিবলগীয়া নহ’ব।” এইখিনি কৈ হঠাতে ৰাণী কুমাৰী নীৰৱ হৈ পৰিল।
যোৱা বছৰৰ শেষৰ ফালে যেতিয়া এই প্ৰতিবেদকে ৰাণীক প্ৰথমবাৰ লগ পাইছিল, তেতিয়া তেওঁ দিল্লীৰ এটা সভাগৃহৰ ছিৰিত বহি আছিল। সমগ্ৰ দেশজুৰি মানুহৰ দ্বাৰা মানুহৰ মল-মূত্ৰ পৰিষ্কাৰ কৰা ব্যৱস্থা আৰু নলা বা ছেপ্টিক টেংকত ইজনৰ পিছত সিজন শ্ৰমিকৰ ধাৰাবাহিক মৃত্যুৰ সংগঠিত প্ৰতিবাদৰ বাবে গঢ়ি উঠা ‘চাফাই কৰ্মচাৰী আন্দোলন’ৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত অংশ ল’বলৈ তেওঁ তাত উপস্থিত হৈছিল। এই কাৰ্যসূচীত মানুহে হাতেৰে কৰা চাফাইকৰ্মৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা বিভিন্ন প্ৰযুক্তিগত সমাধান প্ৰদৰ্শন কৰা হৈছিল।
চিৰিত বহি থকা ৩৬ বছৰীয়া ৰাণীয়ে তেওঁৰ হাতত থকা প্লাষ্টিকৰ বেগটোৰ পৰা ফটো এখন উলিয়ালে। ফটোখন তেওঁৰ সংগী ৩০ বছৰীয়া অনিল কুমাৰৰ। তেওঁ নিজৰ উৱলি যোৱা বগা দোপাট্টাখনেৰে ফটোখন মচিলে। তেওঁক অশান্ত যেন দেখা গ’ল। তাৰ অলপ পিছতে তেওঁ নিজৰ ৭ বছৰীয়া কন্যা লক্ষ্মী, ১১ বছৰীয়া গৌৰৱ আৰু কোলাত ২.৫ বছৰীয়া সোণমক লৈ উচ্-পিচ কৰি ইফালে-সিফালে খোজ কাঢ়িবলৈ ধৰিলে।
ছেপ্টিক টেংকত পৰি গিৰীয়েকক হেৰুওৱা মহিলাই কেৱল সেই মৰ্মন্তুদ ঘটনাৰ দুখবোধকেই কঢ়িয়াই লৈ ফুৰিবলগীয়া নহয়, ন্যায় আৰু ক্ষতিপূৰণৰ বাবেও যুঁজিবলগীয়া হয়। লগতে পৰিয়ালটোক পোহপাল দিয়াৰ যুঁজখন আছেই। এইক্ষেত্ৰত ৰাণীৰ অৱস্থা অতিকৈ শোচনীয়া, সংগ্ৰাম তাতোকৈ কঠিন। দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি নামে কলনিটোত থকা তেওঁৰ জুপুৰী ঘৰটোলৈ গৈ এই প্ৰতিবেদকে সেয়াই অনুধাৱন কৰাৰ যত্ন কৰিলে।







