“এইখনৰ স্পীড প্ৰতিঘণ্টাত ৩০ কিলোমিটাৰ। কিন্তু ২৭ৰ ওপৰত ই নাযায়।”
তথাপি ৱাচিম কুৰেছিয়ে তেওঁৰ বাহনখন ভাল হোৱাত বৰ সন্তোষ পাইছে। এইখন মটৰচালিত ট্ৰাই-চাইকেল লৈয়েই ৩৪ বৰ্ষীয় ৱাচিম কামলৈ অহা-যোৱা কৰে।
বাইকখনত উঠি লৈ তেওঁ মোক ক’লে যে বাইকখনৰ ৱায়াৰিঙৰ এতিয়াও সমস্যা নথকা নহয়। সেয়ে তেওঁ ব্ৰেক মৰাৰ সময়ত সাৱধান হ’ব লাগিব। ট্ৰাই-চাইকেলখনত ফিটিং কৰা চকীখনত আৰামত বহি তেওঁ ছীটটোৰ তলত থকা বেটাৰীটো হাউলি চাই তেওঁ কয়।
ৱাচিমে বাইকখন ষ্টাৰ্ট কৰিলে আৰু দিল্লী-অলৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছৰ আঁৰত থকা ম’বাইল মেৰামতিৰ সৰু দোকানখনলৈ বুলি আগবাঢ়িল। হাৰিয়ানাস্থিত তেওঁৰ গাঁও মন্দিখেৰাৰ পৰা দোকানখনৰ দূৰত্ব এক কিলোমিটাৰতকৈ কম। তেওঁৰ বাইকখনৰ পিছে পিছে চুবুৰীটোৰ ল’ৰা-ছোৱালীবোৰ দৌৰিছে আৰু দুজনমানে আকৌ বাইকখনৰ পিছফালৰ অকণমান যি ঠাই আছে, তাতেই উঠিবলৈ চেষ্টা কৰিছে। তেওঁ অৱশ্যে সেই লৈ অশান্তি পোৱা নাই, বৰঞ্চ সিহঁতৰ লগত ফুৰ্তি কৰিছে, হাঁহিছে।












