কেইমাহমান আগৰ কথা, আবেলিৰ ভাগৰ ক্ষীণ ৰ’দত কণমানি শক্তিভেলে নিজ ঘৰৰ চোতালত এন্দুৰৰ পোৱালী এটাৰ লগত খেলি আছে। সি আঙুলি এটাৰে লাহেকৈ এন্দুৰটোৰ পেটত হেঁচুকি তাক দৌৰিবলৈ দিয়ে, তাৰপিছত নেজডালত ধৰি আকৌ আগৰ ঠাইলৈ লৈ আহে। এবছৰীয়া শক্তিভেলৰ বাবে সিটোৱেই খেলনা বস্তু।
শিশুটি তাৰ মাক-দেউতাক (আৰ বনাজা, ১৯ আৰু আৰ জনচন, ২২)ৰ সৈতে বাংগালামেডু চুবুৰীত খেৰ চালি দিয়া টিনৰ কেঁচাঘৰ এটাত থাকে। “আমি পুতলা নিকিনো। কেতিয়াবাহে সদ্যজাত শিশুৰ বাবে জুনুকাজাতীয় খেলনা কিনা হয়। আমাৰ গাঁৱৰ বহুতৰ ঘৰত এনে খেলনা আছে বুলি মই নাভাবো,” ৰাজ্য চৰকাৰ পৰিচালিত মনৰেগা ছাইটত কাম কৰা বনাজাই কয়। তেওঁৰ গিৰীয়েক জনচনে নিৰ্মাণ ছাইট, ইটাৰ ভাটীত কাম কৰে নাইবা তামিলনাডুৰ তিৰুট্টানি ব্লকৰ চেৰুক্কানুৰ পঞ্চায়তৰ অন্তৰ্গত গাঁওবোৰত গছ কটা কাম কৰে।
“আমাৰ শিশুবোৰে পোহনীয়া জীৱৰ লগত খেলে। আমি শহাপহু, এন্দুৰ, কেৰ্কেটুৱা আদি পোহো। সিহঁতে প্ৰায়ে এন্দুৰেই ৰাখে। বিচাৰি আনিবলৈও সহজ। মই শহাপহু ভাল পাওঁ। ইমান কোমল, কিন্তু পোৱালী এন্দুৰ আপুনি সহজে বিচাৰি নাপাব,” চুবুৰীটোৰ প্ৰাথমিক বিদ্যালয়খনৰ টিউটৰ ২৮ বৰ্ষীয় এছ. সুমতিয়ে কয়। তেঁৱো মনৰেগা ছাইটত আৰু ইটাৰ ভাটীত কাম কৰে।
ৰাজ্যখনৰ তিৰুভাল্লুৰ জিলাৰ ৩৫টা ইৰুলা আদিবাসী পৰিয়ালৰ এই গাঁওখনত শিশুসকলৰ মাজত পোহনীয়া জীৱ হিচাপে বিশেষভাৱে জনপ্ৰিয় এন্দুৰ। (চাওক: বাংগালামেডুৰ মাটিৰ তলৰ পৰা খান্দি উলিওৱা সম্পদ)। এই কণমানি পোৱালীবোৰে নাকামোৰে আৰু আন পোহনীয় জন্তুৰ দৰে ঘৰতে থাকে। (এবাৰ এগৰাকী মহিলাৰ সৈতে দেখা হৈছিলো, তেওঁৰ লগত আছিল এটা পোহনীয় এন্দুৰ, সভা এখনলৈ তেওঁ তাঁৰৰ সজা এটাত এন্দুৰটো লৈ আহিছিল)।












