“ঔষধ-পাতিও শেষ, সাঁচতীয়া টকাও শেষ আৰু ইপিনে ৰন্ধন গেছো খতম,” এপ্ৰিলৰ মাজভাগতে সুৰেশ বাহাদুৰে এই প্ৰতিবেদকক জনাইছিল।
বিগত চাৰি বছৰ ধৰি এটা হুইচেল আৰু এডাল লাঠীক সম্বল কৰি সুৰেশে ৰাতি ৰাতি চাইকেল চলাই দোকান-পোহাৰ আৰু চুবুৰীৰ ঘৰবোৰ পহৰা দিছিল। সি আৰু তাৰ দেউতাক ৰাম বাহাদুৰে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ ভীমাৱৰম চহৰতে চুবুৰী-চকীদাৰিৰ কাম কৰিছিল।
২২ মাৰ্চৰ পাছত, অৰ্থাৎ লকডাউন আৰম্ভ হোৱাৰ লগে লগে চাইকেলখনৰ কাম নোহোৱা হ'ল আৰু মোবাইলত পাকেপতি কোভিড-১৯ সংক্ৰান্তীয় বা-বাতৰি লোৱা আৰু তাৰ সমানে খোৱা বস্তু, ৰন্ধন গেছ আৰু পানী গোটোৱাৰ ধান্দাতে সুৰেশৰ দিনবোৰ অতিবাহিত হৈছিল।
২৩ বছৰীয়া সুৰেশ, আনুমানিক ৪৩ বছৰীয়া শুভম বাহাদুৰ আৰু ২১ বছৰীয়া ৰাজেন্দ্ৰ বাহাদুৰে তাম্বী ৰাজু নগৰ এলেকাত একেলগে এটা কোঠা ভাৰাত লৈ আছিল। তেওঁলোক আগৰে বন্ধু - নেপালৰ বজহং জিলাৰ দিক্লা গাঁৱখনৰ বাসিন্দা। লকডাউন আৰম্ভ হোৱাৰ কিছুদিন পাছতে সুৰেশৰ দেউতাক ৰাম বাহাদুৰো সিহঁতৰ ওচৰলৈ গুচি আহিল। তাৰ আগলৈকে তেওঁ চহৰৰ আন এটা এলেকাত বেলেগে ভাৰা লৈ আছিল।
তাৰ আগলৈকে প্ৰত্যেক মাহৰ প্ৰথম দুই সপ্তাহত ৰাম আৰু সুৰেশে নিজে গৈ বেতন সংগ্ৰহ কৰিছিল - ঘৰমূৰি ১০-২০ টকাকৈ আৰু দোকানৰ পৰা ৩০-৪০ টকাকৈ লৈছিল। প্ৰতিজনেই ৭০০০-৯০০০ টকাৰ ভিতৰত উপাৰ্জন কৰিছিল। সমগ্ৰ আয়োজন অনানুষ্ঠানিক হোৱাৰ ফলত তেওঁলোকৰ উপাৰ্জন সদায় একে পৰিমাণৰ নহৈছিল। "কেতিয়াবা একেবাৰে কমি গৈ মাহিলী ৫০০০ টকাও হৈছিল," এপ্ৰিল মাহত কথা পাতোতে সুৰেশে সেইদৰে কৈছিল। "এতিয়াতো সমূলি বন্ধ।”






