“সোণটো,
মুক্তছৰত ফুল তোলা
জোতা কিনি দিবা
মোৰ ভৰিত শুৱাব সেয়া”


Sri Muktsar Sahib District, Punjab
|SAT, FEB 03, 2024
‘মোৰ দৰে ভাল জুট্টি কোনৱে বনাব নোৱাৰে’
পাঞ্জাৱৰ দলিত পৰিয়ালৰ মাজত পৰম্পৰাগতভাৱে চলি অহা জীৱিকা - হাতেৰে জুট্টি (জোতা) বনোৱা কামটো পটুতাৰে কৰিব পৰা এতিয়া কেৱল এজনেই লোক আছে, তেওঁ হৈছে ৰূপানা গাঁৱৰ হংস ৰাজ
Author
Editor
Translator
হংস ৰাজে কপাহী সূতাখিনি টানকৈ ধৰিছে। ষ্টীলৰ তীক্ষ্ণ বেজীৰে তেওঁ খৰকৈ সূতাডালেৰে টান চামৰা চিলাই গৈছে। এনেকৈ তেওঁ প্ৰায় চাৰিশটা চিলাই মৰাৰ পিছত এযোৰ পাঞ্জাৱী জোতা হৈ উঠে। কামটো কৰি থকাৰ সময়ত তেওঁৰ কেৱল উশাহ-নিশাহ আৰু বেজীৰ খচ খচ শব্দ শুনা যায়।
পাঞ্জাৱৰ শ্ৰী মুক্তছৰ চাহিব জিলাৰ ৰূপানা গাঁৱত হংস ৰাজেই একমাত্ৰ ব্যক্তি, যিয়ে পৰম্পৰাগত পদ্ধতিৰে জোতা বনায়।
“বহুতেই নাজানে যে কেনেকৈ এযোৰ পাঞ্জাৱী জোতা বনাব লাগে আৰু কোনে সেয়া বনায়। বহুতেই ভাৱে যে মেচিনত এই জোতা বনোৱা হয়। কিন্তু চামৰা সাজু কৰাৰ পৰা চিলাই কৰালৈকে, আটাইখিনি কাম হাতেৰে কৰা হয়,” প্ৰায় অৰ্ধ-শতিকা ধৰি জোতা বনাই অহা ৬৩ বৰ্ষীয় শিল্পীগৰাকীয়ে কয়। “আপুনি য’লৈকে যায়, মুক্তছৰ, মালৌত, গিদ্দেৰবাহা কিম্বা পাটিয়ালা, কোনেও মোৰ দৰে ইমান খুঁটি-নাটি মাৰি জোতা বনাব নোৱাৰে,” হংস ৰাজে কয়।
প্ৰতিদিনে পুৱা ৭ বজাত তেওঁৰ কৰ্মদিন আৰম্ভ হয়। ভাৰাত লোৱা দোকানখনৰ দুৱাৰমুখতে কপাহী দলিচা এখনত তেওঁ বহে। তেওঁৰ দোকানৰ বেৰত পুৰুষ-মহিলাৰ পাঞ্জাৱী জোতাবোৰ আঁৰি থোৱা আছে। জোতা এযোৰৰ দাম ৪০০ৰ পৰা আৰম্ভ কৰি ১,৬০০ পৰ্য্যন্ত হয়। এই জীৱিকাৰে তেওঁ মাহে প্ৰায় ১০,০০০ টকা উপাৰ্জন কৰে।

Naveen Macro

Naveen Macro

Naveen Macro

Naveen Macro
উৱলি যোৱা বেৰখনত আউজি তেওঁ আগন্তুক ১২ ঘণ্টা কাম কৰিব। তেওঁ যিখন বেৰত আউজি কাম কৰে, সেইখনৰ চিমেণ্ট এৰাই গৈ ইটা দেখা হৈছে। “গা বিষায়, বিশেষকৈ ভৰিদুখন,” আঠুৰ যোৰাদুটা পিহি পিহি তেওঁ কয়। গৰমৰ দিনত, তেওঁ কয়, “পিঠি ঘামি-জামি খজুৱায় আৰু বিষ উঠে।”
প্ৰায় ১৫ বছৰ বয়সৰ পৰাই হংস ৰাজে এই কাম শিকিছিল। তেওঁৰ গুৰু আছিল তেওঁৰ পিতৃ। “মই বাহিৰৰ জগতখন চাই ফুৰাত আগ্ৰহী আছিলো। কেতিয়াবা মই বহি শিকো, কেতিয়াবা নবহো,” কিন্তু তেওঁ ডাঙৰ হৈ অহাত কামৰ বোজা বাঢ়িল, সেয়ে তেওঁ বাকী সকলো এৰি কামত বেছি সময় বহিবলৈ ল’লে।
হিন্দী আৰু পাঞ্জাৱী মিশ্ৰিত ভাষাত তেওঁ কয়, “এই কাম বৰ নিখুঁতভাৱে কৰিব লাগে।” হংস ৰাজে চশমা নিপিন্ধাকৈয়ে অতবছৰ কাম কৰি আহিছে, “কিন্তু এতিয়া চকুৰ পাৱাৰ কমি অহা যেন লাগিছে। বেছিসময় কাম কৰি থাকিলে চকু বিষায়। এটা বস্তুকে দুটা দুটা দেখো।”
নিয়মীয়া দিন এটাত তেওঁ চাহ খায় আৰু ৰেডিঅ’ত বাতৰি আৰু গান, লগতে ক্ৰিকেটৰ ধাৰাভাষ্য শুনে। তেওঁৰ পছন্দৰ কাৰ্য্যসূচী হৈছে “ফৰ্মাইচি প্ৰগ্ৰাম,” তাত শ্ৰোতাই পুৰণি পাঞ্জাৱী আৰু হিন্দী গানৰ ফৰ্মাইচ কৰে। তেওঁ নিজে কেতিয়াও ৰেডিঅ’লৈ গানৰ অনুৰোধ জনাই ফোন কৰি পোৱা নাই, তেওঁ কয়, “সংখ্যা মই বুজি নাপাও, ডায়েল কৰিব নাজানো।”

Naveen Macro

Naveen Macro
হংস ৰাজে কেতিয়াও স্কুললৈ যোৱা নাই, কিন্তু তেওঁৰ গাওঁখনৰ বাদে আন বিভিন্ন ঠাইত ভ্ৰমি তেওঁ ভাল পায়। বিশেষকৈ চুবুৰীয়া গাওঁখনৰ তেওঁৰ বন্ধুজনৰ সৈতে তেওঁ বিভিন্ন ঠাই ঘূৰিছে। “প্ৰতিবছৰে আমি ফুৰিবলৈ যাও। তেওঁৰ নিজৰ গাড়ী এখন আছে আৰু প্ৰায়ে তেওঁ মোক ফুৰিবলৈ যাবলৈ লগ ধৰে। আৰু এজন-দুজনক লগত লৈ আমি হাৰিয়ানা আৰু ৰাজস্থানৰ আলৱাৰ, বিকানেৰ আদি ঠাই ফুৰিছো।”
*****
সন্ধিয়া চাৰি বাজি গৈছে। নৱেম্বৰৰ মাজভাগৰ সন্ধিয়াটোত ৰূপানা গাওঁখন সুৰুযৰ ৰূপালী আভাৰে জিলিকি উঠিছে। হংস ৰাজৰ নিয়মীয়া গ্ৰাহক এজন বন্ধুৰ সৈতে দোকানত আহি উপস্থিত হৈছে, তেওঁক এযোৰ পাঞ্জাৱী জোতা লাগে। “আপুনি তেওঁৰ বাবেও কাইলৈৰ ভিতৰত জোতা এযোৰ বনাই দিব পাৰিবনে?” তেওঁ সুধিলে। বন্ধুজন বহুত দূৰৰ পৰা আহিছে, হাৰিয়ানাৰ তোহানাৰ পৰা। তাৰপৰা ১৭৫ কিলোমিটাৰ দূৰ।
হংসৰাজে হাঁহি এটা মাৰি বন্ধুত্বৰ ভাৱত গ্ৰাহকজনক কয়, “আৰে ভাই, কাইলৈ সম্ভৱ নহ’ব।” গ্ৰাহকজন পিছে নাছোৰবান্দা। “মুক্তছৰখন পাঞ্জাৱী জোতাৰ বাবে জনজাত। চহৰখনত হাজাৰ হাজাৰ জোতাৰ দোকান আছে। কিন্তু ৰূপানাত কেৱল তেঁৱেই আছে, যিয়ে হাতেৰে জোতা বনায়। আমি তেওঁৰ কাম জানো।”
গ্ৰাহকজনে কয় যে দেৱালীলৈকে গোটেই দোকানখন জোতাৰে ভৰি আছিল। এমাহ পিছত, নৱেম্বৰৰ শেষৰফালে কেৱল ১৪ যোৰমানহে থাকিল। এনে কিহে হংস ৰাজৰ জোতাক বিশেষ কৰি তোলে? “তেওঁ বনোৱা জোতাকেইযোৰৰ মাজভাগ বেছি চেপেটা,” গ্ৰাহকজনে বেৰত ওলমাই থোৱা জোতাৰ ফালে দেখুৱাই কয়, “হাতৰ কামৰ ওপৰতে (শিল্পনৈপুণ্য) পাৰ্থক্য ওলাই পৰে।”

Naveen Macro

Naveen Macro
হংস ৰাজে অকলে জোতাবোৰ নবনায়। কেইযোৰমান তেওঁ ১২ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ খুনন খুৰ্দৰ পাকৈত জোতানিৰ্মাতা সন্ত ৰামৰ হতুৱাইও চিলায়। দেৱালীৰ সময়ত বা ধানখেতিৰ সময়ত জোতাৰ চাহিদা বহুত, তেতিয়া তেওঁ সহায় লয় সন্ত ৰামৰ। এযোৰ জোতা চিলোৱাৰ বাবদ সন্ত ৰামক তেওঁ ৮০ টকাকৈ দিয়ে।
কাম কৰা মানুহ আৰু কাৰিকৰী শিল্পীৰ মাজৰ পাৰ্থক্য বুজাই হংস ৰাজে আমাক কয়, “মই সদায় জোতাযোৰৰ পান্না (ওপৰৰ অংশ) চিলাইৰে কামটো আৰম্ভ কৰোঁ। ইয়াতেই আটাইতকৈ বেছি কষ্ট হয়। এই কাম কৰাজন এজন মিস্ত্ৰী (কাৰিকৰী শিল্পী) হ’বই লাগিব, আনে নোৱাৰে।”
এই কৌশল তেওঁ সহজে শিকা নাছিল। “সূতাৰে জোতা চিলোৱাত আগতে মই ইমান ভাল নাছিলো,” হংস ৰাজে মনত পেলায়। “কিন্তু যেতিয়া মনপুতি এই কাম কৰিবলৈ ল’লো, দুমাহতে শিকি পেলালো। বাকীখিনি কৌশল মই সময়ৰ লগে লগে শিকিলো, প্ৰথমে পিতাইক সুধি থাকিছিলো। বাকীখিনি তেওঁক চাই চাই আয়ত্ব কৰিলো,” তেওঁ কয়।
বছৰ বছৰ ধৰি কাম কৰি তেওঁ কেতবোৰ বিশেষ কিটিপ উদ্ভাৱন কৰিছে, জোতাৰ দুয়োফালে সৰু সৰু চামৰাৰ ফিটা সুন্দৰকৈ জোৰা দি চিলাই কৰাৰ কৌশল তেওঁ উদ্ভাৱন কৰিছে। “এই সৰু সৰু ফিটাবোৰে জোতাযোৰ সবল কৰে। জোতাযোৰ বহুদিনলৈ টিকে,” তেওঁ বুজাই কয়।

Naveen Macro

Naveen Macro
*****
পত্নী বীৰপাল কৌৰ আৰু দুই জীয়াৰীৰে চাৰিজনীয়া পৰিয়ালটোৰ সৈতে হংস ৰাজ। দুই জীয়াৰীৰে বিয়া হৈছে। পৰিয়ালটোৱে ১৮ বছৰ আগতেই খুনন খুৰ্দ এৰি ৰূপানাত নিগাজী হৈছিল। সেই সময়ত তেওঁৰ ডাঙৰজন ল’ৰাই (এতিয়া বয়স ৩৬) গাঁৱৰে কাগজ কল এটাত কাম কৰিবলৈ লৈছিল।
“খুনন খুৰ্দত ঘাইকৈ দলিতসকলে ঘৰৰ পৰাই নিজে জোতা বনাইছিল। সময় বাগৰাৰ লগে লগে নতুন প্ৰজন্মই সেই কলা নিশিকিলে আৰু জনাসকল ঢুকাই থাকিল,” হংস ৰাজে কয়।
এতিয়া তেওঁৰ পুৰণি গাঁৱত ৰামদাসী চমাৰ সম্প্ৰদায়ৰ (ৰাজ্যখনত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ) তিনিজনেই মাত্ৰ কাৰিকৰ আছে, যিয়ে পাঞ্জাৱী হাতে বনোৱা জোতাৰ পৰম্পৰা আগবঢ়াই নিছে। আনফালে ৰূপানা গাঁৱত এই কামত নিয়োজিত হৈ আছে কেৱল হংস ৰাজ।
“খুনন খুৰ্দ গাঁৱত আমাৰ ল’ৰা-ছোৱালীৰ একো ভৱিষ্যত আমি দেখা নাছিলো। সেয়ে মাটি-সম্পত্তি বিক্ৰী কৰি আমি ইয়াতে এটুকুৰা মাটি কিনিলো,” আশা আৰু আত্মপ্ৰত্যয়ৰে ভৰা কণ্ঠৰে বীৰপাল কৌৰে কয়। তেওঁ সলসলীয়াকৈ হিন্দী ক’ব পাৰে। তাৰ এটা কাৰণ আছে। অঞ্চলটোত ভাৰাঘৰত থাকি কাগজ কলকে ধৰি বিভিন্ন কামত নিয়োজিত উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰা অহা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে কথা পাতি পাতি তেওঁৰ হিন্দী সলসলীয়া হৈ পৰিছে।

Naveen Macro

Naveen Macro

Naveen Macro

Naveen Macro
তেওঁৰ পৰিয়ালটোৰ সেয়া প্ৰথম প্ৰব্ৰজন নাছিল। “মোৰ পিতৃ নাৰনৌল (হাৰিয়ানা)ৰ পৰা পাঞ্জাৱলৈ উঠি আহিছিল আৰু জোতা বনোৱা কাম আৰম্ভ কৰিছিল,” হংস ৰাজে কয়।
শ্ৰী মুক্তছৰ চাহিব জিলাৰ গুৰু নানক কলেজ অৱ গাৰ্লছৰ ২০১৭ৰ এক অধ্যয়নে কয় যে ১৯৫০ৰ দশকত জোতা বনোৱা ভালেমান পৰিয়াল ৰাজস্থানৰ পৰা পাঞ্জাৱলৈ আহিছিল। হংস ৰাজৰ পূৰ্বপুৰুষৰ গাঁও নাৰনৌল হাৰিয়ানা আৰু ৰাজস্থানৰ সীমান্তত অৱস্থিত।
*****
“মই কাম কৰিবলৈ লোৱাৰ সময়ত এযোৰ জোতাৰ দাম আছিল ৩০ টকা। এতিয়া সম্পূৰ্ণ ফুল তোলা জোতা এযোৰৰ দাম ২,৫০০ টকা পৰ্য্যন্ত হয়,” হংস ৰাজে অতীতৰ কথা সুঁৱৰি কয়।
দোকানত সিঁচৰতি হৈ থকা সৰু-ডাঙৰ চামৰাৰ টুকুৰাবোৰৰ মাজৰ পৰা হংস ৰাজে আমাক দুই ধৰণৰ চামৰা দেখুৱালে: এবিধ গৰুৰ চামৰা আৰু আনবিধ ম’হৰ। “ম’হৰ চামৰা জোতাৰ তলুৱাখন বনাবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে গৰুৰ চামৰাৰে জোতাৰ ওপৰৰ অংশ বনোৱা হয়,” তেওঁ বুজাই কয়।
শুকুওৱা গৰুৰ চামৰাখন ওপৰলৈ তুলি লৈ তেওঁ আমাক সুধিলে যে আমি কিবা অসুবিধা পাইছো নেকি। নাই পোৱা বুলি কোৱাৰ পিছতে তেওঁ আমাক এতিয়া শুকুওৱা চামৰা দুখনৰ মাজত থকা পাৰ্থক্যখিনি ফঁহিয়াইও দেখুৱাবলৈ ল’লে। ম’হৰ চামৰা ৮০ খন খিলা কাগজ লগ লগালে যিমান ডাঠ হ’ব, সিমানখিনি ডাঠ। আনহাতে গৰুৰ চামৰা বহুত পাতল, প্ৰায় ১০ খিলা কাগজ লগ লগালে যিমান ডাঠ হ’ব, সিমান। টেক্সাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে ম'হৰ চামৰাবোৰ মসৃণ আৰু কঠিন যেন অনুভৱ হয়, আনহাতে গৰুৰ ছালখন অলপ খহটা হ'লেও নমনীয়তা বেছি আৰু সহজে ভাঁজ কৰিব পাৰি।

Naveen Macro

Naveen Macro

Naveen Macro
তেওঁৰ বেপাৰখনৰ আটাইতকৈ জৰুৰী কেঁচামাল চামৰাৰ দাম বৃদ্ধি পোৱা আৰু জোতা আৰু চেন্দেল (তেওঁ বুট-চপ্পল বুলি কয়) মানুহে বেছিকৈ কিনিবলৈ ধৰাৰ ফলত চাহিদা হ্ৰাস পাইছে। সেয়ে এই বৃত্তিটো ল’বলৈ ইচ্ছুক লোকৰ সংখ্যাও কমিছে।
হংস ৰাজে নিজৰ সঁজুলিবোৰ বৰ যতনাই ৰাখে। চামৰা খোদনৰ বাবে আৰু খুঁচিবলৈ তেওঁ ৰাম্বি (কাটাৰ) ব্যৱহাৰ কৰে। মৰ্গা (কাঠৰ হাতুৰী)ৰে চামৰা কোবাই কোবাই চামৰাখন টান কৰি পেলোৱা হয়। কাঠৰ মৰ্গাটো তেওঁৰ দেউতাকৰ আছিল। লগতে হৰিণাৰ শিং এটাও পিতৃপ্ৰদত্ত। যিটো তেওঁ জোতাৰ আগভাগক ভিতৰৰ পৰা আকৃতি দিবলৈ ব্যৱহাৰ। সেই কাম হাতেৰে কৰাটো টান।
হংস ৰাজে নিজ গাঁৱৰ পৰা ১৭০ কিলোমিটাৰ দূৰৰ জলন্ধৰৰ জোতাৰ বজাৰলৈ গৈ টেন কৰা চামৰা কিনি আনে। মাণ্ডি (পাইকাৰী বজাৰ) পাবলৈ তেওঁ এখন বাছত উঠি মোগালৈ যায়। তাৰপিছত আৰু আন এখন বাছেৰে মোগাৰ পৰা জলন্ধৰলৈ যায়। এনেকৈ যাতায়াতৰ নামত তেওঁৰ ৪০০ৰো অধিক টকা খৰছ হয়।
দেৱালীৰ দুমাহ আগত তেওঁ সেইখন বজাৰলৈ গৈছিল। তেওঁ ২০ হাজাৰ টকা মূল্যৰ ১৫০ কিলোগ্ৰাম টেন কৰা চামৰা কিনিছিল। চামৰাখিনি এনেকৈ অনাত কেতিয়াবা কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “টেন কৰা চামৰাতকৈ টেন নকৰা চামৰা অনাটোহে মস্কিল কাম,” তেওঁ কয়।

Naveen Macro

Naveen Macro

Naveen Macro

Naveen Macro
মাণ্ডিলৈ গৈ তেওঁ চাই-চিতি ভাল গুণগত মানৰ চামৰা কিনে আৰু বেপাৰীয়ে সেইখিনি তেওঁৰ নিকটৱৰ্তী চহৰ, মুক্তছৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে। তাৰপৰা তেওঁ মালখিনি সংগ্ৰহ কৰে। “বাছত ইমান গধুৰ মাল অনাটো সম্ভৱ নহয়,” তেওঁ কয়।
সময় বাগৰাৰ লগে লগে জোতা বনোৱাৰ প্ৰক্ৰিয়া আৰু সামগ্ৰীও সলনি হৈছে। জোতা বনোৱা তৰুণ প্ৰজন্মই, যেনে মালৌতৰ গুৰু ৰবিদাস কলনিৰ ৰাজ কুমাৰ আৰু মহিন্দৰ কুমাৰে আজিকালি কৃত্ৰিম চামৰা যেনে ৰেগজিন আৰু মাইক্ৰ’ চেলুলাৰ শ্বীট আদি ব্যৱহাৰ কৰিবলৈ লৈছে। ৰাজ আৰু মহিন্দৰ, দুয়োজনৰ বয়স দুকুৰিৰ ভিতৰত, তেওঁলোক দলিত জাটভ সম্প্ৰদায়ৰ।
“মাইক্ৰ’ শ্বীটৰ দাম প্ৰতিকিলোত ১৩০ টকা, আনহাতে গৰুৰ চামৰাৰ দাম ১৬০ৰ পৰা ২০০ টকা প্ৰতি কিলো,” মহিন্দৰে কয়। অঞ্চলটোত চামৰা আজিকালি দুষ্প্ৰাপ্য হৈ পৰিছে। “আগতে কলনিটোত টেন কৰা চামৰা উভৈনদী আছিল, বতাহত টেন নকৰা চামৰাৰ গোন্ধ বিয়পি আছিল। কিন্তু বস্তিটোৰ উন্নয়ন হোৱাৰ লগে লগে টেনাৰীবোৰ বন্ধ হৈ গ’ল,” ৰাজে কয়।
নতুন প্ৰজন্মই এই জীৱিকা আদৰি লোৱাত আগ্ৰহী নোহোৱাৰ কাৰণ কেৱল কম আয়েই নহয়। “চামৰাৰ গোন্ধ গায়ে-কাপোৰে বিয়পি পৰে, কেতিয়াবা বন্ধুয়েও হেণ্ডচেক কৰিবলৈ সংকোচবোধ কৰে,” মহিন্দৰে কয়।

Naveen Macro

Naveen Macro
“মোৰ নিজৰ পৰিয়ালটোতেই মোৰ ল’ৰাহঁতে জোতা বনোৱা কামটো কৰিবলৈ ইচ্ছুক নহয়। কেতিয়াও সিহঁতে দোকানখনত সোমাই এই কামটোনো কি, কেনেকৈ কৰে, সেয়া শিকাত আগ্ৰহী নহয়, গতিকে জানিবনো কেনেকৈ? আমাৰ প্ৰজন্মৰ ময়েই শেষৰজন এই কাম জনা মানুহ। আৰু পাঁচবছৰ এই কাম কৰি থাকিব পাৰিম, কিন্তু তাৰপিছত কামটো আগবঢ়াই নিবলৈ মানুহ নাই,” তেওঁ আক্ষেপেৰে কয়।
পাচলি কাটি থকাৰ মাজতে বীৰপালে কয়, “জোতা বনাই ঘৰ চলাবলৈ টান।” দুটা বছৰ আগতে পৰিয়ালটোৱে পকী ঘৰ এটা সাজি উলিয়াইছে। কাগজ কলত কাম কৰা ডাঙৰজন ল’ৰাই কাগজ কলৰ পৰা ঋণ লৈ ঘৰটো সাজিছে।
“মই তাইক জোতাত ফুল তোলা শিকিবলৈ কৈছিলো, কিন্তু তাই ভালকৈ নিশিকিলে,” হংস ৰাজে পত্নীক জোকাই কথাষাৰ কয়। তেওঁলোকৰ বিয়াৰ ৩৮ বছৰ হ’ল। “মোৰ ইমান ইচ্ছা নাছিল আকৌ,” বীৰপালে মিচিকিয়াই হাঁহি কয়। শাহুৱেকৰ পৰা শিকা বীৰপালে এঘণ্টাত জাৰী সূতাৰে এযোৰ জোতাত ফুল তুলিব পাৰে।
পৰিয়ালটোৰ ডাঙৰজন ল’ৰাৰ তিনিজনীয়া সদস্যৰে তেওঁলোক দুটা কোঠালী, এটা পাকঘৰ, এটা শোৱনী কোঠা আৰু বাহিৰত থকা শৌচালয়েৰে ঘৰটোত থাকে। বি. আৰ. আম্বেদকাৰ আৰু সন্ত ৰবিদাসৰ ফটোৱে কোঠাবোৰৰ বেৰবোৰ শুৱনি কৰিছে। সাধু ৰবিদাসৰ ফটো হংস ৰাজৰ দোকানতো আছে।

Naveen Macro
“১০-১৫ বছৰৰ মূৰকত মানুহে আকৌ এই জোতা পিন্ধিবলৈ লৈছে,” বীৰপালে কয়। “তাৰ আগতে মানুহে এই জোতা বিচৰা বাদেই দিছিল।”
সেইখিনি সময়ত হংস ৰাজে কৃষিকৰ্মত মন দিছিল আৰু গ্ৰাহকে আহি বিচাৰিলেহে মাজে-সময়েহে জোতা বনাইছিল।
“এতিয়া কলেজলৈ যোৱা ল’ৰা-ছোৱালীয়ে এই জোতা পিন্ধি যাবলৈ ভাল পায়,” বীৰপালে কয়।
গ্ৰাহকে এই জোতা বিভিন্ন ঠাইলৈ যেনে লুধিয়ানা, ৰাজস্থান, গুজৰাট আৰু উত্তৰ প্ৰদেশ পৰ্য্যন্ত নিছে। মিলৰ শ্ৰমিক এজনে আঠ যোৰকৈ জোতাৰ ডাঙৰ অৰ্ডাৰ এটা দিয়াৰ কথা হংস ৰাজে মনত পেলায়। মিলৰ শ্ৰমিকজনে তেওঁলোকৰ সম্পৰ্কীয়ৰ বাবে সেই জোতাকেইযোৰ কিনি নিছিল।
তেওঁৰ ঠাইখিনিত তেওঁৰ এই কাৰুশিল্পৰ নিয়মীয়া চাহিদা আছে, হংস ৰাজে সেয়ে কয়, “প্ৰতিটো দিনেই মোৰ বাবে দেৱালীৰ দৰেই।”
২০২৩ৰ নৱেম্বৰত, তেওঁৰ সাক্ষাৎকাৰ লোৱাৰ কেইসপ্তাহমান পিছতে হংস ৰাজৰ আংশিকভাৱে পক্ষাঘাত হয়। এতিয়া তেওঁৰ লাহে লাহে আৰোগ্য লাভ কৰিব ধৰিছে।
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ পৰা প্ৰাপ্ত ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/no-one-can-craft-a-jutti-like-i-do-as

