টেম্পু মাঁঝিৰ পৰিয়ালে কয় যে তেওঁ নকৰা অপৰাধ এটাৰ কাৰণে জেলত আছে।
জহানাবাদ আদালতত তেওঁৰ গোচৰটোৰ শুনানীৰ সময়ত তেওঁৰ ঘৰৰ পৰা পোৱা সামগ্ৰী আদালতত দৰ্শাইছিল যদিও সেইখিনি তেওঁ ঘৰৰ পৰাই যে পাইছে, তাৰ কোনো স্পষ্ট প্ৰমাণ দিব পৰা নাছিল।
টেম্পুৰ পত্নী গুণা দেৱী (৩৫)য়ে কয়, “তেওঁক এটা মনেসজা গোচৰত ফঁচোৱা হৈছে।”
তেওঁৰ দাবীৰ প্ৰাসংগিকতাও নথকা নহয়, কিয়নো চাক্ষুস সাক্ষী হিচাপে পুলিচে আদালতত হাজিৰ কৰোৱা পাঁচজনৰ পাঁচোজনেই পুলিচ। তেওঁৰ বিৰুদ্ধে বিহাৰ সুৰা নিবাৰণ আৰু আবকাৰী (সংশোধন) আইন, ২০১৬ৰ অধীনত ৰুজু কৰা গোচৰত এজনো স্বতন্ত্ৰ সাক্ষী নাছিল।
“সুৰা আমাৰ ঘৰৰ পিছফালৰ খেতিপথাৰ এখনত উদ্ধাৰ হৈছিল। সেই মাটিখিনিৰ গৰাকী কোন সেয়া আমি নাজানো। তেওঁলোকে পোৱা সুৰাখিনিৰ সৈতে আমাৰ একো সম্পৰ্ক নাই বুলি আমি পুলিচক কৈছিলো,” গুণা দেৱীয়ে কয়। কিন্তু তেওঁলোকে তাইৰ কথাত কাণকে নকৰিলে। “তৌৰা ঘৰ কে পীচ্ছে হৌ (দাৰু), তা তৌৰে না হৌতাও (তোমাৰ ঘৰৰ পিছফালে সুৰা পাইছো, সেয়া তোমালোকৰ নহৈ আন কাৰ হ’ব),” পুলিচ এজনে তেওঁক কৈছিল।
টেম্পু মাঁঝিক ২০১৯ত জেলত দিয়া হয় আৰু তিনি বছৰ পাছত, ২০২২ৰ ২৫ মাৰ্চত তেওঁক ঘৰতে সুৰা বিক্ৰীৰ অপৰাধত পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহা হয়।
টেম্পু মাঁঝি আৰু গুণা দেৱী তেওঁলোকৰ চাৰি সন্তানৰ সৈতে জহানাবাদ জিলাৰ কেনাৰি গাঁৱত তেওঁলোকৰ এটা কোঠাৰ ঘৰটোত থাকে। মুছহৰ সম্প্ৰদায়ৰ পৰিয়ালটো ইয়াত মুছহৰ তলি (চুবুৰী)ত থাকে। ২০১৯ৰ ২০ মাৰ্চৰ দিনা যেতিয়া পুলিচৰ অভিযান চলে, সিদিনা টেম্পু ঘৰত নাছিল। খালাচি (সহায়ক) কাম এটাৰ বাবে তেওঁ ওলাই গৈছিল। মহাজন এজনৰ শস্যবোৰ গাড়ীত বোজাই কৰি দি ঘৰলৈ পঠিয়াই দিয়া কামত তেওঁ ব্যস্ত আছিল।












