‘ভয়ৰ পৰা মুক্তি’ আৰু ‘শাস্তিমুক্ত এলেকা’- বিদ্যালয়ৰ দেৱালে দেৱালে খোদিত শ্লোগান এয়া৷ ই বিদ্যালয়ৰ পুৰণিকলীয়া পাঠদানৰ সময়ত প্ৰদান কৰা শাস্তি প্ৰণয়নৰ ব্যৱস্থা বন্ধ হোৱাৰ তাৎপৰ্য প্ৰদৰ্শন কৰিছে৷ কিন্তু এই শ্লোগানৰ বিপৰীত অৰ্থহে ধিনকিয়া আৰু গোবিন্দপুৰত দেখিবলৈ পোৱা গৈছে৷ পস্কোৰ পাৱাৰ আৰু তীখা প্ৰকল্পৰ বাবে কৃষিভূমিসমূহ অধিগ্ৰহণ কৰাৰ বাবে গাঁওবাসীয়ে চৰকাৰৰ এই কাৰ্যৰ বিক্ষোভ প্ৰদৰ্শন কৰাৰ বিপৰীতে আৰক্ষীয়ে এই বিক্ষোভ দমন কৰিবলৈ বিদ্যালয়ৰ স্থানসমূহ দখল কৰিছে৷
অঞ্চলটোৰ কৃষকসকলে কৃষিভূমিৰ বলপূৰ্বক অধিগ্ৰহণৰ বাবে প্ৰদৰ্শন কৰা বিক্ষোভত তেওঁলোকৰ সন্তানসকলেও অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত ওড়িশাৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অঞ্জলি বেহেৰাই অসন্তোষ প্ৰকাশ কৰিছে৷ তেওঁৰ মতে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস হোৱাটো গ্ৰহণযোগ্য নহয়৷ শিক্ষাৰ্থীসকলে বিক্ষোভত যোগদান কৰা বাবেই যে বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে, এই কথা তেওঁ বিশ্বাস নকৰে৷
ওড়িশাত শিক্ষা ব্যৱস্থাৰ গম্ভীৰ স্থিতি প্ৰদৰ্শিত হৈছে৷ এই ৰাজ্যত লক্ষাধিক শিক্ষাৰ্থীৰ বাবে বিদ্যালয়ৰ শিক্ষা লাভ কৰাটো অসম্ভৱ হৈ পৰিছে৷ তাৰোপৰি উচ্চতম ন্যায়ালয়ৰ খাদ্য আয়োগৰ উপদেষ্টা বিৰাজ পাটনায়কৰ মতে ওড়িশাৰ অধিকাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনি (মিড-ডে-মীল) জুনৰ মাজভাগৰ পৰাই বন্ধ হৈছে৷ তেওঁ ইয়াকো কয় যে যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক এই আঁচনিৰ বাবে প্ৰদান কৰা ১৪৬ কোটি টকাও ব্যয় কৰা হোৱা নাই৷
আনহাতে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহো বিক্ষোভ দমন কৰিবলৈ অহা আৰক্ষীয়ে দখল কৰি লৈছে৷ বালিয়া নোডেল আপাৰ প্ৰাইমাৰী স্কুলৰ এগৰাকী শিক্ষকে তেওঁলোকৰ বিদ্যালয়ৰ ছয়টা কোঠালিৰ চাৰিটায়েই আৰক্ষীয়ে দখল কৰি থোৱা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই বিদ্যালয়খনত সপ্তমমান শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে৷ প্ৰতিটো পুৱা আটাইবোৰ শিক্ষাৰ্থী এঠাইত সমবেত হয়, তেওঁলোকৰ উপস্থিতি লোৱা হয় আৰু প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ঘৰলৈ যাব দিয়া হয়৷ কেৱল এইখন বিদ্যালয়েই নহয়, ৰাজ্যখনৰ আন বিদ্যালয়সমূহতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বালিটুঠৰ এখন বিদ্যালয় আৰক্ষীয়ে খালী কৰি দিছে যদিও বালিয়াৰ আন চাৰিখন বিদ্যালয়ত এতিয়াও তেওঁলোকে অধিগ্ৰহণমুক্ত কৰি দিয়া নাই৷




