মোৰ গাওঁখনৰ নাম ইন্দিৰা ক’লনি, এখন আদিবাসী গাওঁ। বিভিন্ন আদিবাসী সম্প্ৰদায়ৰ ২৫ টা পৰিয়াল এইখন গাঁৱত থাকে। আমাৰ গাঁৱত এটা পানীৰ টেংকি আৰু টয়লেট আছে আৰু পানী খাবলৈ কুঁৱাৰ পানী আছে
গাঁৱৰ কিছুমানৰ খেতি কৰিবপৰা মাটি আছে। তেওঁলোকে ধান, বেঙেনা, মাকৈ, ঝুলানা, ভেণ্ডি, তিঁতাকেৰেলা, ৰঙালাও আৰু বিভিন্ন দাইল যেনে চেপেটা কলাই, ৰহৰ দাইল, মগুমাহ আদিৰ খেতি কৰে। খোৱাও হয় কাৰণে আমি ঘাইকৈ ধানখেতি কৰো। বাৰিষাৰ দিনত আমি ধানখেতি কৰা হয়।
ফচল চপোৱাৰ সময়ত অলপ ধান আমি খাবলৈ বুলি ৰাখো। বাকীখিনি বিক্ৰী কৰি দিও। বিক্ৰী কৰি পোৱা হোৱা লাভখিনি সাৰৰ নামত আৰু আন বিভিন্ন খৰছ বাদ দি ধৰা হয়।
আমাৰ গাঁৱৰ কিছুমানৰ ঘৰবোৰ খেৰৰ চালি দিয়া। চালিখনে আমাক ৰ’দ-বৰষুণ আৰু শীতৰ পৰা বচায়। প্ৰতি এক-দুই বছৰৰ মূৰে মূৰে চালিবোৰ সলনি কৰিব লাগে। আমি আগুলি ঘাঁহ, চালুৱা, বাঁহ, লাহি আৰু কাঠেৰে ঘৰবোৰ মেৰামতি কৰো।








