সেই নিশা মীনা শুব পৰা নাছিল। বৰষুণৰ পানী তেওঁলোকৰ ঘৰত সোমাই গৈছিল। পাতল তিৰ্পালখন ধাৰাসাৰ বৰষুণ পানী ৰখাব নোৱাৰিলে আৰু ডোঙা ভাঙি পানী সোমাই আহিল। উপায়হীন হৈ বন্ধ দোকান এখনৰ সন্মুখৰ ঠাইখিনিত মীনা আৰু তেওঁৰ পৰিয়ালটোৱে আশ্ৰয় ল’বলৈ দৌৰি গ’ল।
আবেলিৰ ভাগত এদিন মূল পথৰ কাষৰ বগা ৰঙৰ প্ৰিণ্টেড শ্বীট এখনত বহি থকা মীনাই কয়, “আমি গোটেই ৰাতিটো (জুলাই মাহৰ আৰম্ভণিৰ কথা) বৰষুণ নকমালৈকে তাত বহি থাকিলো।”
সেই বৰষুণজাকৰ পিছত মীনা ঘূৰি আহি পুনৰাই তিৰ্পালখন তৰিলে, কিন্তু তেতিয়ালৈ তেওঁলোকৰ বাচন-বৰ্তন, চাউল-দাইল, স্কুলৰ কিতাপ-বহী সকলো পানীত তিতি-ভাহি গৈছিল।
লকডাউনৰ প্ৰাৰম্ভিক পৰ্যায়ত স্বেচ্ছাসেৱকসকলে দিয়া সেউজীয়া কাপোৰৰ মাস্কৰ প্ৰসংগত মীনাই কয়, “আমাৰ মাস্কবোৰো ওপঙি গৈছিল। আৰু মাস্ক যদি পিন্ধিও থাকো, কিনো পাৰ্থক্য আহিব?” তেওঁ কয়, “আমি ইতিমধ্যে মৰিছো, গতিকে কৰ’নাৰ ফলত আমাৰ কিবা হ’ব, কোনে এইবোৰ চিন্তা কৰে?”
মীনা (কেৱল প্ৰথম নামটো ব্যৱহাৰ কৰে) আৰু তেওঁৰ স্বামী আৰু চাৰিটা সন্তানে তেওঁলোকৰ কিঞ্চিৎ সামগ্ৰীখিনি পানীত ভাহি যোৱা দেখাত অভ্যস্ত। বাৰিষা অহাৰে পৰা ততোধিকবাৰ এনে হৈছে আৰু প্ৰতি বছৰে পুনৰাবৃত্তি ঘটি থাকে। উত্তৰ মুম্বাইৰ কান্দিভালি পূব উপকণ্ঠ অঞ্চলৰ এটা ফুটপাথত প্ৰচণ্ড বৰষুণে তেওঁলোকৰ জুপুৰীটো প্ৰায়ে ভাঙি পেলায়।
কিন্তু যোৱা বছৰলৈকে, ধাৰাসাৰ বৰষুণৰ সময়ত পৰিয়ালটোৱে ওচৰৰ নিৰ্মাণস্থলীলৈ দৌৰি গৈ আশ্ৰয় ল’ব পাৰিছিল। কিন্তু কৰ’নাৰ কাৰণে এতিয়া সকলো বন্ধ। প্ৰায় ৩০ বছৰীয়া মীনাই কয়, “আমি এই বৰষুণৰ লগত অভ্যস্ত, কিন্তু এইবাৰ কৰ’নাই আমাক অসুবিধা দিছে। অন্যথা আমি সেই বিল্ডিঙৰ তলত ৰৈ থাকিলোঁহেঁতেন। চকীদাৰবোৰে আমাক চিনি পাইছিল। আনকি দোকানীয়েও আমাক আবেলি নিজৰ দোকানৰ ঠিক বাহিৰত বহিবলৈ দিয়ে। কিন্তু এতিয়া তেওঁলোকে আমাক কাষেৰে যাবলৈকো নিদিয়ে।”













