এক মনোমোহা পৰিৱেশত মিনতিৰ ঘৰ। অজয় নদীখন তেওঁলোকৰ ঘৰৰ কাষেৰে পাৰ হৈ গৈছে আৰু দূৰৈত উকি মাৰি যোৱা ৰেলগাড়ীখন আৰু তেওঁলোকৰ ঘৰৰ মাজত আছে কেৱল পদুম ফুলৰ পুখুৰী।
কিন্তু জন্মৰে পৰা মেৰুদণ্ড আৰু ভৰিৰ যক্ষ্মাৰোগত ভুগি অহা পাঁচ বছৰীয়া এইগৰাকী ছোৱালীৱে কেৱল দূৰৈৰ পৰাহে চাব পাৰিছিল। পশ্চিমবংগৰ বিৰভুম জিলাৰ মহুলা গাঁৱৰ মিনতিয়ে খোজকাঢ়িব নোৱাৰিছিল, ইফালে-সিফালে যাবও নোৱাৰিছিল।
“তাইৰ মেৰুদণ্ড বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল,” তেওঁৰ আইতাক জবা মাৰ্দিয়ে কয়। “তাই ইমান কষ্ট পাই আছিল যে আমি ভাবিব পৰা নাছিলো যে তাই জীয়াই থাকিব।”
ৰাজ্যখনৰ প্ৰায় অৰ্ধেক অংশ লোকেই চাওঁতালী আৰু তেওঁলোকে ঘাইকৈ গ্ৰামীণ এলেকাত বাস কৰে। তেওঁলোকে ঘাইকৈ স্থানীয় চিকিত্সকৰ ওপৰতে নিৰ্ভৰ কৰি চলে। স্বাস্থ্যসেৱাৰ সুবিধা যেনে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইছচি) আদিত কৰ্মচাৰীৰ সংখ্যা এইখন ৰাজ্যত প্ৰয়োজনতকৈ বহুত কম (গ্ৰামীণ স্বাস্থ্য পৰিসংখ্যা ২০২১-২২)।
শিশু অৱস্থাত মিনতিৰ উশাহ লোৱাত অতিকৈ কষ্ট হোৱা দেখি তেওঁৰ পৰিয়ালে তেওঁক স্থানীয় ডাক্তৰ এগৰাকীৰ ওচৰলৈ লৈ যায়। সেইজন প্ৰমাণপত্ৰ থকা চিকিত্সাসেৱা প্ৰদানকাৰী লোক হয় নে নহয়, তেওঁলোক সেই লৈ নিশ্চিত নাছিল। বিৰভুম জিলাৰ এই ভিতৰুৱা অঞ্চল চিউৰি-১ ব্লকত সেয়া জনাটো তেওঁলোকৰ পক্ষে সম্ভৱ নাছিল। জবাই কয় যে তেওঁলোকে নাজানেই, ক’ত কেনেকৈ অৰ্হতাসম্পন্ন চিকিত্সা সেৱাৰ পেছাদাৰী লোক পোৱা যায়।


