গংগুবাই চৱনে এনেয়ে সুধিলে পানী নাপায়, তেওঁ তাৰ বাবে কাকূতি-মিনতি কৰিব লাগিব। ক’ব লাগিব, “চাহাব! অ’ চকীদাৰ বাবু! পানী অকণ খাবলৈ দিব নেকি, মই ইয়াতেই থাকো বাবু।”
কিন্তু কেৱল কাকূতি কৰাতেই কথা শেষ নহয়। লগতে গংগুবাইয়ে প্ৰতিশ্ৰুতিও দিব লাগিব, “পাত্ৰটো স্পৰ্শ নকৰোঁ” বুলি।
গংগুবাইয়ে (নাম সলনি কৰা হৈছে) পানীৰ বাবে কাৰোবাৰ ঘৰৰ নল, চাহ দোকান আৰু বিবাহ ভৱনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলীয়া হয়। তেওঁ পানীৰ বাবে অট্টালিকাৰ চকীদাৰবোৰক কাবৌ কৰে। একেদৰে নান্দেৰ চহৰৰ গকুলনগৰ এলেকাৰ ফুটপাথৰ ওপৰত থকা তেওঁৰ ‘ঘৰ’টোৰ বিপৰীতে থকা হোটেলখনতো পানীৰ বাবে হাত পাতে। যিমানবাৰ পানীৰ প্ৰয়োজন হয়, সিমানবাৰ, প্ৰতিদিনে তেওঁ এনেকৈয়ে চলিবলগীয়া হয়।
পানী বিচৰাটো তেওঁৰ বাবে নিত্য-নৈমিত্তিক কাম। ফান্সে পাৰ্ধি জনজাতিৰ পৰিচয় কঢ়িওৱাৰ বাবে খোৱাপানী-আশ্ৰয় আদিৰ জীয়াই থকাৰ প্ৰতিটো খোজতে তেওঁ বাধাৰ সন্মুখীন হয়। ঔপনিৱেশিক কালত ব্ৰিটিছে যিখন আইনৰ অধীনত পাৰ্ধিসকলক ‘অপৰাধী জনজাতি’ হিচাপে তালিকাবদ্ধ কৰিছিল, সেই আইনখন ১৯৫২ত ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰে। প্ৰত্যাহাৰৰ ৭০ বছৰ পাৰ হৈ গ’ল যদিও গংগুবাইৰ দৰে সেই জনজাতিৰ লোকে মৌলিক অধিকাৰখিনিৰ বাবেও সকলো সময়তে হাত পাতি ফুৰিবলগীয়া হয়। এবাল্টি পানীৰ বাবে তেওঁ সকলোকে পতিয়ন নিয়াবলগীয়া হয় যে তেওঁ চোৰ নহয়।
“আমি আপোনালোকৰ একো বস্তুত হাত দিয়া নাই বুলি কোৱাৰ পিছতহে তেওঁলোকে আমাক অকণমান পানী দিয়ে,” গংগুবাইয়ে কয়। এবাৰ অনুমতি দিয়াৰ পিছত তেওঁ প্লাষ্টিকৰ ড্ৰাম, পানীৰ বটল আদি য’তে পাৰে তাতেই পানী ভৰাই লয়। এখন হোটেলে নিদিলে আনখনলৈ যায়। মালিকবোৰৰ ৰুক্ষ ব্যৱহাৰ গাত লগাই নলয়। ৰন্ধা-বঢ়া আৰু খোৱাৰ বাবে পানী যোগাৰ কৰিবলৈ তেওঁ কমেও চাৰি-পাঁচখন হোটেলত পানীৰ বাবে হাতযোৰ কৰিবলগীয়া হয়।
















