চম্পা ৰাৱতে ক’লে, “বেছিভাগ সময়ত ময়েই সকলোতকৈ শেষত অৰ্থাৎ দুপৰীয়া ২ মান বজাত কাম সামৰি ঘৰলৈ উভতি আহো। তেতিয়া মই হাজিৰা বহীখন লৈ ঘৰলৈ বুলি দৌৰ মাৰো। ঘৰ নোপোৱালৈকে মই উশাহ নুঘুৰাওঁ যদিও কোনোবা ৰৈ গৈছে নেকি বুলি কেবাবাৰো পিছলৈ ঘূৰি ঘূৰিও চাওঁ। কিছুমান ঠাইত কাম কৰিব যাবলৈ ভয় লাগে যদিও আমাৰ হাতত কোনো উপায় নাথাকে, আমি যাবই লাগিব। কাৰণ আমাৰ নিচিনা মানুহৰ বাবে এইকেইটা পইচাৰ বহুত দৰকাৰ।”
চম্পাই খৰখেদাকৈ খোজ কাঢ়ি গৈ থাকোতে সিহঁতৰ গাঁৱখনত এমজিএনৰেগাৰ অধীনৰ প্ৰজেক্টসমূহে কেনেদৰে কাম কৰে মোক বুজাই দিছে। তাৰে মাজতে মুখখন ওলাই নপৰিবলৈ ওৰণিখন বাৰে বাৰে টানি অনাৰ চেষ্টা কৰি আছে। তেওঁৰ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰমান আঁতৰত থকা জলসিঞ্চনৰ খাঁদ থকা মাটি এডোখৰলৈ আঙুলিয়াই দি মোক ক’লে, “এয়া যে দেখিছে আমি ইয়াতেই আগতে কাম কৰিছিলো। কিন্তু এইবাৰ (২০১৯ চনৰ এপ্ৰিল মাহ) আমাক ঘৰৰ পৰা চাৰি কিলোমিটাৰমান দূৰৈত থকা ইয়াতকৈও অধিক জনশূন্য ঠাইত কাম কৰিবলৈ দিছে।” সেইখিনি পাবলৈ হয়তো চম্পাক এঘণ্টা আৰু ঘুৰি আহি ঘৰ পাবলৈও এঘণ্টা সময় লাগিব। আচলতে চম্পা নাম মহিলাগৰাকীৰ এই কাহিনীটোৱে ২০০৫ চনত কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইনৰ (এমজিএনৰেগা) অধীনত ৰূপায়িত কৰা ঐতিহাসিক আঁচনিটোৰ সুবিধা তথা দুৰ্বলতাখিনি ভালদৰে দেখুৱাই দিছে। উক্ত আঁচনিটোৰ লক্ষ্যই হৈছে গ্ৰাম্য ভাৰতৰ পৰিয়ালসমূহক বছৰটোৰ এশটা দিন কাম কৰিবলৈ দি মজুৰি আদায় দিয়া।
চম্পাই বাস কৰা গাঁওখন ৰাজস্থানৰ ভিলৱাড়া জিলাৰ মণ্ডল নামৰ তালুকত অৱস্থিত। ২০১৯ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰ মাহলৈকে থানাৰ প্ৰায় ৮৬২,১৩৩ টা অভাৱী পৰিয়ালৰ লোকক এই আঁচনিৰ অধীনত কাম দিয়া হৈছিল। আনহাতে ২০১৩ চনৰ পৰা এম.জিএনৰেগাই ভিলৱাড়াৰ প্ৰায় ৬০ লাখ পৰিয়ালক কাম দিছে।
এই মজুৰিয়ে কিমানটা দৰিদ্ৰ পৰিয়ালক যে ৰক্ষা কৰি আছে তাৰ কোনো ঠিকনা নাই। তাৰে ভিতৰত ১৯ বৰ্ষীয় মীনা চালভিৰ পৰিয়ালটোও আছে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী হ’ল মীনাই নিজৰ অসুখীয়া মাক-দেউতাকক চোৱা-চিতা কৰিব লাগে। জনশূন্য ঠাইসমূহত কাম কৰিব দিলে তেওঁলোকৰ কেনেকুৱা সমস্যা হয়, সেই বিষয়ে মীনাই আমাৰ আগত কৈ আছিল, “যদিহে মোৰ আটাইতকৈ দেৰিকৈ কাম শেষ হয় তেতিয়াহ’লে মই অকলেই উভতি আহিব লাগিব। আৰু সেইবাবে মোৰ মাজে মাজে বৰ ভয় লাগি থাকে।”
চম্পাৰ লগত কাম কৰা অন্য ২৫ গৰাকী মহিলা শ্ৰমিকে মে’ মাহত ইমান দূৰৈত কাম কৰিব দিয়া কাৰণে এক প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে কাম নকৰাৰ সিদ্ধান্ত লয়। তেওঁলোকৰ চিন্তা মাথো একেটাই আছিল যে যদিহে তেওঁলোকে এইবাৰ তাতে কাম কৰিবলৈ যায়, তেন্তে পঞ্চায়তে পিছত তাতকৈও দূৰৈত পঠিয়াব পাৰে। এই সংক্ৰান্তত চম্পাই ক’লে, “তাৰ ওচৰে-পাজৰে কাম কৰিবলগীয়া অন্য বহুতো স্থান আছে।” চম্পাৰ সৈতে একেলগে কাম কৰা সবিতা ৰাৱতেও ক’লে, "সেই ঠাইখিনি পাবলৈ জংঘলখনৰ ভিতৰেদি যোৱাত বাহিৰে অন্য বিকল্প নাই আৰু। কিন্তু আপোনালোকে জানেই দেখোন যে জংঘলত কিমান ধৰণৰ বন্যপ্ৰাণী থাকে বা কেতিয়াবা কোনোবা মদাহীও থাকে…ভয়েই লাগে।” কিন্তু দুখৰ কথা যে সেই প্ৰতিবাদ এসপ্তাহৰ বেছি নিটিকিল, কাৰণ তাতে এনেকুৱা বহু শ্ৰমিক আছে যাক ধনৰ খুবেই প্ৰয়োজন থাকে। চম্পাৰ লগত শেষলৈ মুঠেই কেইগৰাকী মানেহে প্ৰতিবাদ কৰি থাকিল। অৱশেষত পঞ্চায়তেও তেওঁলোকৰ দাবী মানি লৈ এমাহৰ পিছত চম্পাহঁতক বেলেগ এঠাইত কামত মকৰল কৰি দিলে।








