চম্পা বাট্টিৰ কেঁচুৱাটো এটা বান্দৰে এক প্ৰকাৰ থপিয়াই নিবই খুজিছিল৷ এই ঘটনা ঘটিছিল যেতিয়া তেওঁ ৰাজপুৰ গাঁৱৰ নিকটৱৰ্তী অৰণ্যলৈ গৈছিল৷ সদ্য মাতৃত্ব লাভ কৰা চম্পাই কেঁচুৱাটো পিঠিত বান্ধি মহুৱা আৰু শাল গছৰ গুটি বুটলি আছিল৷ এই মহুৱা আৰু গুটি সাপ্তাহিক বজাৰত বিক্ৰী কৰাৰ কথা আছিল৷
‘‘মই কেঁচুৱাটোক সামান্য সময়ৰ বাবে মাটিত থৈছিলো৷ এনেতে দেখিলো এটা বান্দৰে আহি কেঁচুৱাটোক থপিয়াই নিবলৈ ধৰিছে’’, চম্পাই এইদৰে কয়৷ অৰণ্যত কাম কৰি থকাৰ সময়ত চম্পাই কেঁচুৱাটোৰ নিৰাপত্তা সন্দৰ্ভত উদ্বিগ্ন হৈ থাকিবলগীয়া হৈছিল৷
কিন্তু এতিয়া চম্পাৰ সেই চিন্তা দূৰ হ’ল৷ এতিয়া তেওঁ অৰণ্যলৈ কাম কৰিবলৈ যাওঁতে কেঁচুৱাটোৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে৷ ছট্টিশগড়ত চম্পাৰ দৰে নৱজাতকৰ মাতৃ তথা অন্যান্য সৰু সৰু শিশুসকলৰ মাতৃসকলে এতিয়া নিজৰ কেঁচুৱা আৰু শিশুক নিকটৱৰ্তী শিশু ওমলাঘৰ অথবা লাইকা ঘৰত থৈ দিনটোৰ বাবে কাম কৰিবলৈ ওলাই যায়৷ সেই ওমলাঘৰত সাত মাহৰ পানীকেঁচুৱাৰ পৰা আৰম্ভ কৰি তিনি বছৰীয়া শিশুৰ যত্ন লোৱা হয়৷


















