ইফালে, ২০১২ চনৰ তুলনাত ২০১৩ চনত মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা ৬৪০ জন হ্ৰাস পাইছে (মুঠ ৩,১৪৬ জন)। প্ৰকৃততে, কৃষকৰ আত্মহত্যাৰ ঘটনা সৰ্বাধিক হোৱা বৃহৎ ৫ ৰাজ্যকেইখনৰ আটাইকেইখনতে ২০১২ চনৰ তুলনাত ২০১৩ চনত এই সংখ্যা হ্ৰাস পাইছে। অন্ধ্ৰপ্ৰদেশত ৫৫৮ জন, ছত্তীশগড়ত ৪ জন, মধ্যপ্ৰদেশত ৮২ জন আৰু কৰ্ণাটকত ৪৭২ জন কৃষকৰ আত্মহত্যাৰ ঘটনা হ্ৰাস পোৱা বুলি দাবী কৰা হৈছে।
তেন্তে বৰ্তমান ভাৰতত আত্মহত্যা কৰা কৃষকৰ সংখ্যা হ্ৰাস হৈছে নেকি? ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ শেহতীয়া এডিএছআই প্ৰতিবেদনত তেনে এক ইংগিতেই পোৱা গৈছে। সমগ্ৰ দেশজুৰি কৃষকৰ আত্মহত্যাৰ সংখ্যা ১১,৭৪৪ জনলৈ হ্ৰাস পাইছে, যি ২০১২ চনৰ ১৩,৭৫৪ জনৰ তুলনাত ১,৯৮২ জন কম হোৱা পৰিলক্ষিত হৈছে। অধিক জানিবলৈ এই লিংকটো চাওক - http://ncrb.gov.in/adsi2013/table-2.11.pdf ।
কমাটো আদৰণীয় বুলি ভাবিব পাৰি, কিন্তু তেতিয়ালৈকেহে ভাবিব পাৰিব, যেতিয়ালৈকে আপুনি এই পৰিসংখ্যা পুংখানুপুংখভাৱে নাচায়। মুঠ ৭,৬৫৩ টা ঘটনাৰে বৃহৎ ৫ ৰাজ্যকেইখনেই এতিয়াও দেশৰ মুঠ কৃষকৰ আত্মহত্যাৰ সম্পূৰ্ণ দুই-তৃতীয়াংশৰ অধিকাৰী। সেইক্ষেত্ৰত চাবলৈ গ’লে আত্মহত্যাৰ ধৰণৰ কোনো পৰিৱৰ্তন দৰাচলতে হোৱা নাই। আনহাতে আন ১৫ খন ৰাজ্যত বেছিভাগ ক্ষেত্ৰতে সামান্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত কেৱল হাৰিয়ানাতহে ৯৮ টা তেনে ঘটনাৰ এক উল্লেখনীয় বৃদ্ধি নথিভুক্ত কৰা হৈছে।
এই তথাকথিত 'হ্ৰাস'ৰ ঘটনাই এনে এক বৰ্ধিত প্ৰৱণতাক প্ৰশ্ৰয় দিছে য’ত অধিক আত্মহত্যাৰ হাৰ প্ৰদৰ্শন কৰা ৰাজ্যসমূহে বছৰৰ পিছত বছৰ ধৰি শূন্য বা শূন্যৰ ওচৰা-উচৰি আত্মহত্যাৰ সংখ্যা ঘোষণা কৰি আহিছে। ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে তিনি বছৰ ধৰি ছত্তীশগড়ে এই কাম কৰি আহিছে। ৰাজ্যখনে কৃষকৰ আত্মহত্যাৰ সংখ্যা ০, ৪ আৰু ০ বুলি ঘোষণা কৰিছে। পশ্চিমবংগয়ো ২০১২ আৰু ২০১৩ দুয়োটা বছৰতে শূন্য বুলি তথ্য লিপিবদ্ধ কৰিছে। যদিহে এই শূন্যৰ খেল আৰম্ভ কৰাৰ আগৰ তিনি বছৰৰ গড় পৰিসংখ্যা আমি চাওঁ, তেতিয়া কি হ’ব? ছত্তীশগড়ৰ বাবে সেই গড় আছিল ১,৫৬৭ আৰু পশ্চিম বংগৰ বাবে ৯৫১। অৰ্থাৎ মুঠ ২,৫১৮। ২০১৩ চনৰ সৰ্বমুঠ সংখ্যাৰ সৈতে এইখিনি যোগ কৰিলে ই ১৪,২৬২ লৈ বৃদ্ধি পাব, যিটো ২০১২ চনৰ পৰিসংখ্যাতকৈও অধিক (সেই সময়তো একেধৰণৰ তথ্যৰ হেৰফেৰ কৰা হৈছিল)।
২০১৩ চনৰ বাবে ১১,৭৪৪ জনৰ এই পৰিসংখ্যাটোক যদি আমি সঠিক বুলি মানিও লওঁ, তথাপিও ই ১৯৯৫ চনৰ পৰা সমগ্ৰ দেশত কৃষকৰ আত্মহত্যাৰ মুঠ সংখ্যা ২,৯৬,৪৩৮ জনলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে (এনচিআৰবি এডিএছআই প্ৰতিবেদন ১৯৯৫-২০১৩)।
ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজ্যসমূহত কোনো ধৰণৰ হ্ৰাস হোৱা নাই বা হ’ব নোৱাৰে৷ (অৱশ্যে, বছৰেকীয়া হিচাপত সংখ্যাৰ সামান্য উত্থান-পতন হোৱাটো নিতান্তই স্বাভাৱিক)। কথাটো হ’ল যে যোৱা তিনিবছৰত নথিবদ্ধ হোৱা এই হ্ৰাসৰ ধৰণটো অত্যন্ত সন্দেহজনক। উদাহৰণস্বৰূপে, ছত্তীশগড়ৰ দৰে এখন ৰাজ্য য’ত ২০০১ চনৰ পৰা ২০১০ চনৰ ভিতৰত ১৪,০০০ তকৈও অধিক কৃষকৰ আত্মহত্যাৰ ঘটনা ঘটিছিল, তাত হঠাতে পৰৱৰ্তী তিনিবছৰত তেনে কোনো ঘটনাই নোহোৱা হৈ গ’ল। এয়া জানো অনুকৰণ কৰিবলগীয়া এক আৰ্হি? নিশ্চিতভাৱে আন আন ৰাজ্যসমূহেও তেনেদৰেই চিন্তা কৰিছে। তেওঁলোকেও এতিয়া এই পৰিসংখ্যাৰ জালিয়াতিৰ আশ্ৰয় লৈছে।
কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত দীৰ্ঘদিন ধৰি কৃষকৰ আত্মহত্যাৰ ছবিখন আটাইতকৈ ভয়াৱহ আছিল। তেওঁলোকেও ২০১১, ২০১২ আৰু ২০১৩ চনত এই সংখ্যা 'শূন্য' বুলি ঘোষণা কৰিছে। ২০১০ চনত তেওঁলোকে এই সংখ্যা মাত্ৰ চাৰি বুলি দাবী কৰিছিল। কিন্তু ২০০৯ চনত পুডুচেৰীত কৃষকৰ আত্মহত্যাৰ সংখ্যা আছিল ১৫৪ জন।
“স্পষ্টকৈ ক’বলৈ গ’লে তথ্যৰ এই জালিয়াতি এতিয়াও অব্যাহত আছে,” এয়া চেন্নাইৰ এছিয়ান কলেজ অব্ জাৰ্নালিজমৰ এগৰাকী অৰ্থনীতিবিদ অধ্যাপক কে. নাগৰাজৰ মন্তব্য। ভাৰতত কৃষকৰ আত্মহত্যাৰ ওপৰত কৰা অধ্যাপক নাগৰাজৰ ২০০৮ চনৰ অধ্যয়ন আজিও এই বিষয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গৱেষণা হিচাপে বিবেচিত হৈ আহিছে। তেওঁ কয়, "যেতিয়া আপুনি কোনো এক পৰিসংখ্যাত উদ্বেগজনক সংখ্যাবোৰ লুকুৱাব বিচাৰে, আপুনি সেইবোৰ কেৱল মচি পেলাব নোৱাৰে। আপুনি সেইবোৰক আন কোনো সকলো ভৰাই থ’ব পৰা শিতানত অন্তৰ্ভুক্ত কৰিব লাগিব। অবাঞ্ছিত সংখ্যাবোৰক 'অন্যান্য' শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটোৱেই হ’ল তথ্যৰ জালিয়াতি কৰাৰ আটাইতকৈ সহজ পথ।"
আৰু এনেকৈয়ে ডেটাবোৰ চলিছে, যাক ৰাজ্যসমূহে এনচিআৰবি-লৈ প্ৰেৰণ কৰা তথ্যত দেখা গৈছে। এইবছৰো তাৰ ব্যতিক্ৰম নহয়।
ইয়াত আন এটা দিশ আছে যিটোৱে ৰাজ্যিক পৰ্যায়ত এই তথ্যসমূহত কেনেধৰণৰ ব্যাপক জালিয়াতি কৰা হৈছে সেয়া স্পষ্টকৈ উদঙাই দিয়ে।
এনচিআৰবি-ৰ যিখন তালিকাত “স্ব-নিয়োজিত (খেতি/কৃষি)” নথিবদ্ধ কৰা হৈছে, সেই একেখন পৃষ্ঠাতে আন এটা স্তম্ভ আছে: “স্ব-নিয়োজিত (অন্যান্য)।” (http://ncrb.gov.in/adsi2013/table-2.11.pdf)
যিহেতু ছত্তীশগড়ত কৃষকৰ আত্মহত্যাৰ সংখ্যা হ্ৰাস হৈ শূন্য হৈছে, সেয়েহে “স্ব-নিয়োজিত (অন্যান্য)” স্তম্ভত ইয়াৰ আত্মহত্যাৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। যিবোৰ বছৰত ছত্তীশগড়ত কৃষকৰ আত্মহত্যাৰ সংখ্যা লুকুওৱা হোৱা নাছিল (যেনে ২০০৮ আৰু ২০০৯ চনত), সেই সময়ত এই "অন্যান্য" স্তম্ভত আত্মহত্যাৰ সংখ্যা আছিল ক্ৰমে ৮২৬ আৰু ৮৫১ জন। কিন্তু যোৱা দুবছৰত, যেতিয়া ৰাজ্যখনে কৃষকৰ আত্মহত্যাৰ সংখ্যা 'শূন্য' বুলি দেখুৱাইছে, তেতিয়া এই "অন্যান্য" শ্ৰেণীৰ সংখ্যা ক্ৰমে ১৮২৬ আৰু ২০৭৭ জনলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাৰ সংখ্যা ৬৪০ জনলৈ হ্ৰাস পোৱা বুলি দাবী কৰা হৈছে ঠিকেই, কিন্তু একে সময়তে “স্ব-নিয়োজিত (অন্যান্য)” শ্ৰেণীত আত্মহত্যাৰ সংখ্যা ১,০০০তকৈও অধিক বৃদ্ধি পাইছে। একেদৰে, মধ্যপ্ৰদেশত কৃষকৰ আত্মহত্যাৰ সংখ্যা ৮২ জন হ্ৰাস পাইছে, কিন্তু "অন্যান্য" শ্ৰেণীত এই সংখ্যা ২৩৬ জনলৈ বৃদ্ধি পাইছে।
পুডুচেৰীৰ ক্ষেত্ৰতো একেই ছবি দেখা পোৱা গৈছে। আনহাতে, পশ্চিমবংগই ২০১২ চনত কোনো তথ্য দাখিল নকৰাকৈয়ে এই সমগ্ৰ সমস্যাটো সমাধান কৰি পেলাইছে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে যদি আপুনি সংখ্যাবোৰ সম্পূৰ্ণৰূপে নোহোৱা কৰিব নোৱাৰে, তেন্তে তাৰে কিছুমানক ‘‘অন্যান্য’’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰে।
যিসকলে কৃষকৰ আত্মহত্যাৰ সংখ্যা হ্ৰাস হোৱা বুলি আগতীয়াকৈ আনন্দ-উল্লাস কৰিছে তেওঁলোকে এটা অতি গুৰুত্বপূৰ্ণ দিশ পাহৰি গৈছে। লোকপিয়লৰ তথ্যই দেখুৱাইছে যে ২০০১ চনৰ তুলনাত ২০১১ চনত কৃষকৰ সংখ্যা ৭৭ লাখ হ্ৰাস পাইছে। লাখ লাখ কৃষকে হয়তোবা এই বৃত্তি ত্যাগ কৰিছে, নতুবা তেওঁলোকে নিজৰ পূৰ্ণকালীন কৃষকৰ মৰ্যাদা হেৰুৱাইছে। সেই সময়ছোৱাত দেশত প্ৰতিদিনে গড়ে ২,০০০ জনকৈ কৃষক হ্ৰাস পাইছিল। গতিকে নিশ্চিতভাৱে ২০১৩ চনত কৃষকৰ সংখ্যা আৰু অধিক কমি গৈছিল। এতিয়া যদি আমি এই সংকুচিত হৈ অহা কৃষকৰ সংখ্যাৰ বিপৰীতে আত্মহত্যাৰ পৰিসংখ্যাটো চাওঁ, তেন্তে আমি কি দেখা পাম?
অধ্যাপক নাগৰাজ আৰু এম.এছ. স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেচনৰ (MSSRF) গৱেষকসকলে যোৱা বছৰ এনচিআৰবি আৰু লোকপিয়লৰ এক দশকৰ তথ্য বিশ্লেষণ কৰি এইদৰে গণনা কৰিছিল: “২০১১ চনত কৃষকৰ আত্মহত্যাৰ পৰিৱৰ্তিত হাৰ প্ৰকৃততে ২০০১ চনৰ তুলনাত সামান্য বেছিহে।” (http://psainath.org/farmers-suicide-rates-soar-above-the-rest/) আৰু এইটো তেতিয়াহে সম্ভৱ হৈছে যেতিয়া ৰাজ্যিক পৰ্যায়ত তথ্যৰ ব্যাপক জালিয়াতি কৰা হৈছে।
তেওঁলোকৰ গণনাই দেখুৱাইছে যে ২০১১ চনত ভাৰতীয় কৃষকৰ মাজত আত্মহত্যাৰ হাৰ দেশৰ বাকী জনসংখ্যাৰ তুলনাত ৪৭ শতাংশ অধিক আছিল। কৃষি সংকটে আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা কিছুমান ৰাজ্যত এই হাৰ ১০০ শতাংশতকৈও অধিক আছিল। মহাৰাষ্ট্ৰত কৃষকসকলে আত্মহত্যা কৰা হাৰ দেশৰ কৃষকৰ বাহিৰে অন্য যিকোনো ভাৰতীয়ৰ তুলনাত ১৬২ শতাংশ অধিক আছিল। অৰ্থাৎ, এই ৰাজ্যখনৰ এজন কৃষকৰ আত্মহত্যা কৰাৰ সম্ভাৱনা দেশৰ আন যিকোনো ব্যক্তিৰ কৃষকৰ বাহিৰে তেওঁলোকৰ তুলনাত আঢ়ৈ গুণ অধিক।
এই আত্মহত্যাৰ পৰিঘটনাৰ অন্তৰালত খৰাং আৰু শস্য নষ্ট হোৱাৰ পৰিৱেশেই প্ৰধান ভূমিকা পালন কৰিছে নেকি?
শস্যৰ উৎপাদন অতি উৎকৃষ্ট হোৱা বছৰবোৰতো কৃষকসকলে আত্মহত্যা কৰিছে। একেদৰে শস্য নষ্ট হোৱা বতৰতো তেওঁলোকে একেই পথ বাছি লৈছে। ভিন্ন পৰিস্থিতিৰ বছৰবোৰতো কৃষকসকলে বৃহৎ সংখ্যাত আত্মহত্যা কৰিছে। যেতিয়া বৰষুণ হয় তেতিয়াও তেওঁলোক লোকচানৰ সন্মুখীন হয় আৰু যেতিয়া খৰাং হয় তেতিয়া তেওঁলোকৰ অৱস্থা অধিক শোচনীয় হৈ পৰে। আনকি মৌচুমী বৰষুণ ভাল হোৱা বছৰবোৰতো আত্মহত্যাৰ সংখ্যা ভয়াৱহ হৈ পৰিছে। ঠিক তেনেদৰে, খৰাং বছৰবোৰতো পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে।
এই আত্মহত্যাৰ ঘটনাবোৰ বেছিভাগেই নগদী শস্য উৎপাদন কৰা কৃষকসকলৰ মাজত দেখা গৈছে। কপাহ, কুঁহিয়াৰ, চীনাবাদাম, ভেনিলা, কফি, জালুক আৰু অন্যান্য শস্যৰ খেতিয়কসকলৰ মাজত এই প্ৰৱণতা অধিক। ইয়াৰ বিপৰীতে ধান বা ঘেঁহু উৎপাদন কৰা কৃষকসকলৰ মাজত আত্মহত্যাৰ ঘটনা বহু পৰিমাণে কম। আমি এই যুক্তি দিব পাৰো নে যে খৰাঙে কেৱল নগদী শস্যৰ খেতিয়ককহে বিপৰ্যস্ত কৰে, আনহাতে খাদ্যশস্যৰ খেতি কৰাসকলক নকৰে?
কৃষিৰ ওপৰত মৌচুমী বৰষুণৰ এক বাস্তৱিক প্ৰভাৱ নিশ্চিতভাৱে আছে। কিন্তু কোনো কাৰণতেই ই কৃষকৰ আত্মহত্যাৰ মুখ্য কাৰণ হ’ব নোৱাৰে। যিহেতু এই আত্মহত্যাৰ অধিকাংশ ঘটনাই নগদী শস্য উৎপাদন কৰা কৃষকসকলৰ মাজত ঘটিছে, সেয়েহে ঋণৰ বোজা, অতি-ব্যৱসায়িকীকৰণ, কৃষি খৰচৰ অস্বাভাৱিক বৃদ্ধি, পানীৰ ব্যৱহাৰৰ ধৰণ আৰু মূল্যৰ তীব্ৰ পৰিৱৰ্তন তথা অনিশ্চয়তাৰ দৰে বিষয়বোৰহে অধিক প্ৰাসংগিক হৈ পৰিছে। এই সকলোবোৰ কাৰক মুখ্যতঃ ৰাষ্ট্ৰীয় বা চৰকাৰী নীতিৰ দ্বাৰাহে পৰিচালিত।
এই কাৰকসমূহৰ পটভূমিত আপুনি নিশ্চিত হ’ব পাৰে যে যদি এই বছৰ সঁচাকৈয়ে খৰাং পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে তেওঁলোক বৃহৎ বিপদৰ সন্মুখীন হ’ব। আৰু আমি অতি সোনকালেই এই কথা গম পাম। জুলাই মাহ হৈছে মৌচুমী ঋতুৰ মুখ্য মাহ। সাধাৰণতে এই এটা মাহতে ৫০ শতাংশতকৈও অধিক বৰষুণ হয়, যাৰ ফলত ই জুন, আগষ্ট আৰু ছেপ্টেম্বৰৰ সন্মিলিত গুৰুত্বৰ সমান হৈ পৰে। বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া প্ৰত্যক্ষ কৰি আনন্দ-উল্লাস উদযাপন কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ’বলৈহে মই পৰামৰ্শ দিম।
ইংৰাজীত পি সাইনাথৰ এই লেখাকেইটা পঢ়িব পাৰে:
কৃষকৰ আত্মহত্যাৰ হাৰ দেশৰ বাকী অংশতকৈ বহু বেছি
২০১২ চনত কৃষকৰ আত্মহত্যাৰ ধাৰা অতি হতাশাজনক হৈয়েই আছে
প্ৰতিদিনে ২,০০০ তকৈও অধিক কৃষকৰ সংখ্যা হ্ৰাস পাইছে
১৯৯৫ চনৰ পৰা ২০১৩ চনলৈ মহাৰাষ্ট্ৰ ৰাজ্যত কৃষকৰ আত্মহত্যাৰ ধাৰা
মহাৰাষ্ট্ৰৰ কৃষকৰ আত্মহত্যাৰ বছৰেকীয়া পৰিসংখ্যা
১৯৯৫ ১,০৮৩
১৯৯৬ ১,৯৮১
১৯৯৭ ১,৯১৭
১৯৯৮ ২,৪০৯
১৯৯৯ ২,৪২৩
২০০০ ৩,০২২
২০০১ ৩,৫৩৬
২০০২ ৩,৬৯৫
২০০৩ ৩,৮৩৬
মুঠ ১৯৯৫-২০০৩ ২৩,৯০২
২০০৪ ৪,১৪৭
২০০৫ ৩,৯২৬
২০০৬ ৪,৪৫৩
২০০৭ ৪,২৩৮
২০০৮ ৩,৮০২
২০০৯ ২,৮৭২
২০১০ ৩,১৪১
২০১১ ৩,৩৩৭
২০১২ ৩,৭৮৬
২০১৩ ৩,১৪৬
মুঠ ২০০৪-২০১৩ ৩৬,৮৪৮
মুঠ ১৯৯৫-২০১৩ ৬০,৭৫০
এই কাহিনীটো মূলতঃ ইয়াত প্ৰকাশ পাইছিল: http://psainath.org/maharashtra-crosses-60000-farm-suicides/#prettyPhoto
এই লেখাটোৰ এটা চমু সংস্কৰণ বিবিচিত ইয়াত প্ৰকাশ পাইছিল: http://www.bbc.co.uk/news/world-asia-india-28205741
অনুবাদ: মনোৰঞ্জন মজুমদাৰ