নামদেৱ ভাঙড়েয়ে অনিশ্চয়তা আৰু তিক্ত অভিজ্ঞতা বুকুত লৈ ২৫ জানুৱাৰীত প্ৰতিবাদী সমদলত যোগ দিছিল। তিনিদিন পিছত তেওঁ ঘাইকৈ নাচিক আৰু আহিল্যনগৰ (পূৰ্বৰ আহমেদনগৰ)ৰ আন হাজাৰ হাজাৰ আদিবাসী কৃষকৰ সৈতে আশা বুকুত বান্ধি ঘৰলৈ ঘূৰি আহিল।
আহিল্যনগৰ জিলাৰ খাড়কি বুদৰুক গাঁৱৰ মহাদেৱ ক’লি সম্প্ৰদায়ৰ ভাঙড়ে পৰিয়ালটোৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আকোলে তালুকৰ ছয় একৰ বন্যভূমিত খেতি কৰি আহিছিল। কিন্তু মহাৰাষ্ট্ৰৰ আন হাজাৰ হাজাৰ আদিবাসী খেতিয়কৰ দৰে তেওঁলোকেও নিজৰ মাটিখিনিৰ অধিকাৰ নাপালে।
“মোৰ আজোককাৰ দিন ধৰি আমি ধান আৰু ৰাগিৰ খেতি কৰি আহিছো,” তেওঁ কয়। “কিন্তু কেতিয়াও সুৰক্ষিত অনুভৱ কৰা নাই। যিকোনো মুহূৰ্ততে আমাক ইয়াৰ পৰা উচ্ছেদ কৰা হ’ব পাৰে।”
২০০৬ত ভাৰত চৰকাৰে বনাঞ্চলত বাস কৰা আদিবাসী লোকৰ সেই আশংকা দূৰ কৰাৰ বাবে বন অধিকাৰ আইন বলবৎ কৰে। বহুবছৰৰ সংগ্ৰামৰ পিছতো আইনখন কেৱল কাগজে-পত্ৰইহে চলি থাকিল। এই আইনখনে বনাঞ্চলৰ ভূমি আৰু সম্পদৰ অধিকাৰ অনুসূচিত জনজাতি আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বনাঞ্চলত বাস কৰি অহা আন আন পৰম্পৰাগত বন নিবাসী লোকৰ ওপৰত ন্যস্ত কৰে। গ্ৰামসভাই এই দাবীসমূহ উৰ্ধতন কৰ্তৃপক্ষলৈ পঠিয়ায় আৰু মহকুমা আৰু জিলা পৰ্য্যায়ৰ কমিটিয়ে সেয়া সত্যাপিত কৰি বনাঞ্চলবাসীৰ অধিকাৰ নিশ্চিত নোহোৱালৈকে তেওঁলোকক উচ্ছেদৰ পৰা সুৰক্ষা দিয়ে।
কিন্তু বাস্তৱত আইনখনৰ বলবৎকৰণ তেনেই শোচনীয়।






