তেওঁলোকে সম্পূৰ্ণ পিপিই গীয়েৰ পৰিধান কৰি দেখাত বহিঃজগতৰ প্ৰাণী হৈ যেন দক্ষিণ ২৪ পৰগনা গাঁৱত পদাৰ্পণ কৰিছিল৷ ‘‘মই যেন বনৰীয়া পশু, এনেদৰে তেওঁলোকে মোক ধৰি নিবলৈ আহিছিল’’, হাৰানচন্দ্ৰ দাসে এইদৰে কয়৷ বন্ধুসকলে তেওঁক হাৰু নামেৰে মাতে যদিও হাৰানচন্দ্ৰৰ মতে এতিয়া তেওঁলোক আৰু বন্ধু হৈ থকা নাই৷ শেহতীয়াকৈ বন্ধুসকলে হাৰুৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিছে৷ ‘‘আৰু মানুহবোৰে আমাক গেলামালৰ সামগ্ৰী আৰু গাখীৰ দিয়াও বন্ধ কৰিছিল৷ বিভিন্ন ধৰণে আমি হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু বহু উজাগৰী নিশা কটাইছিলো৷ ওচৰ-চুবুৰীয়াসকলে আমাক ভয় কৰিছিল৷’’ আচৰিত কথা এয়াই যে হাৰানচন্দ্ৰ আনকি ক’ভিড-১৯ত আক্ৰান্তও হোৱা নাছিল৷
তেওঁৰ অপৰাধ: তেওঁ চিকিৎসালয়ত কাম কৰে৷ আনবোৰ স্বাস্থ্যকৰ্মীয়েও একেই পৰিস্থিতিৰ সন্মুখীন হৈছে৷ সম্ভৱতঃ সেইসকল স্বাস্থ্যকৰ্মীসকলৰ লগতো এই দশাই হৈছে, যিসকলে হাৰানচন্দ্ৰ আক্ৰান্ত বুলি সন্দেহ কৰি ধৰি নিবলৈ আহিছিল৷
‘‘মই চিকিৎসালয়ত কাম কৰো, গতিকে মই আক্ৰান্ত বুলি সকলোৱে ভয় খাইছিল’’, তেওঁ এইদৰে কয়৷
৩০ বছৰীয়া হাৰানচন্দ্ৰই কলকাতাস্থিত ইনষ্টিটিউট অব্ চাইল্ড হেলথ্ (আইচিএইচ)ৰ ব্যৱস্থাপনা ৰূমত কাম কৰিছিল৷ এই চিকিৎসালয় এক বেচৰকাৰী ন্যাসৰ দ্বাৰা পৰিচালিত৷ ইয়াত কলকাতা মহানগৰৰ উপৰিও অন্যান্য গ্ৰামীণ তথা মহানগৰৰ উপকণ্ঠ অঞ্চলৰ শিশুসকলৰো চিকিৎসা কৰা হয়৷ ১৯৫৬ চনত স্থাপিত এই ২২০খন বিচনাযুক্ত চিকিৎসালয়খন ভাৰতৰ প্ৰথমখন শিশু চিকিৎসালয় হিচাপে জনাজাত৷ অন্য স্থানত চিকিৎসাৰ ব্যয় অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত বহুলোক এই চিকিৎসালয়খনলৈ আহে৷
ক’ভিড-১৯ আৰু লকডাউনে তেওঁলোকৰ জীৱন দুৰ্বিবহ কৰি তুলিছে৷ ‘‘আইচিএইচলৈ অহাটো সমস্যা হৈ পৰিছে’’, দক্ষিণ ২৪ পৰগনাৰ এখন গাঁৱৰ পৰা অহা ৰতন বিশ্বাসে এইদৰে কয়৷ ‘‘মই তামোল-পাণৰ বাৰী এখনত দিন-হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰিছিলো৷ আমফানে [২০ মে’ত উপদ্ৰৱ কৰা ঘূৰ্ণীবতাহ] বাৰীখন ধ্বংস কৰিলে আৰু মই মোৰ উপাৰ্জন হেৰুৱালো৷ মোৰ সৰুটো ল’ৰাৰ কাণৰ পিছফালে সংক্ৰমণে দেখা দিছে আৰু সেয়ে তাক ইয়ালৈ লৈ আহিছো৷ ৰে’লৰ সুবিধা নোহোৱাৰ ফলত চিকিৎলায়লৈ অহা-যোৱা কৰাটোও সমস্যা হৈ পৰিছে৷’’ দাসৰ দৰে লোকে কেইবাখনো বাছে-ৰিক্সাই বগাই, অৰ্ধেক অংশ খোজকাঢ়ি আহি চিকিৎসালয় পায়হি৷
আইচিএইচৰ চিকিৎসকে সমস্যা অধিক হ’ব পাৰে বুলি সাৱধানবাণী জনাইছে৷




















