৬০ ফুট গভীৰতলৈ খন্দাৰ পিছতো পাণ্ডুৰং আডচুল আৰু তেওঁৰ ভাৰাতীয়া বনুৱাসকলে মাটিৰ পৰা “আনকি এগিলাচ পানীও” নাপালে, তেওঁৰ বিধৱা পত্নী ইন্দুবাইয়ে কয়। “তেওঁ গাঁৱলৈ পানী অনাৰ চেষ্টা কৰিছিল, কিন্তু শেষত এই পৰিণতি হ’ল।”
কুঁৱা খান্দি কপাহ আৰু ছ’য়াবিনৰ খেতি পথাৰত পানী যোগান ধৰি পৰিয়ালৰ অন্তহীন দুশ্চিন্তা দূৰ কৰাৰ উদ্দেশ্যে ২০১২ চনত পাণ্ডুৰঙে বেংকৰ পৰা প্ৰায় এক লাখ টকা ঋণ লৈছিল। লগতে আত্মীয়-স্বজনৰ পৰাও বিভিন্ন পৰিমাণে ঋণ লৈছিল। পথাৰত এই কুঁৱাৰ পানীৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি ভাল শস্য উৎপাদন হ’ব আৰু তাৰে সকলো ঋণ পৰিশোধ কৰিব পৰা যাব - এই পৰিকল্পনাৰেই তেওঁ আগবাঢ়িছিল।
কিন্তু খৰাংপ্ৰৱণ মাৰাঠৱাড়া অঞ্চলৰ ওচমানাবাদ জিলাৰ কালম্ব তালুকৰ ভোগাজী গাঁৱৰ মাটিৰ তলৰ পৰা এটোপাল পানীও উলিয়াব পৰা নগ’ল। লাহে লাহে পাণ্ডুৰং ঋণৰ চিন্তাত মানসিকভাৱে সেই কুঁৱাতকৈও গভীৰলৈ নিমজ্জিত হ’বলৈ ধৰিলে। ২০১৪ চনত (ইন্দুবাইয়ে সঠিক দিন-বাৰ মনত পেলাব পৰা নাই), তেওঁ নিজৰ ঘৰতে চিপজৰী লয়। তেওঁ কয়, “মই তেতিয়া পথাৰত কাম কৰি আছিলো। চুবুৰীৰে এজনে উধাতু খাই আহি মোক জনালে যে তেওঁ ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিছে…”
এতিয়াও স্বামীক হেৰুওৱাৰ যন্ত্ৰণাৰ সৈতে যুঁজি থকাৰ মাজতে যুদ্ধৰ আন এটা পৰ্ব ইন্দুবাইৰ বাবে অপেক্ষা কৰি আছিল: আত্মহত্যা সম্পৰ্কে চৰকাৰে নিৰ্ধাৰণ কৰা অদ্ভুত মানদণ্ড অনুসৰি (কৃষকৰ আত্মহত্যাৰ পৰিসংখ্যা কাগজত কমকৈ দেখুৱাবলৈ) তেওঁৰ স্বামীৰ আত্মহত্যাক ‘যোগ্য’ বুলি বিবেচনা কৰা নহ’ল। চৰকাৰী চৰ্ত মানি যদি পাণ্ডুৰঙে আত্মহনন কৰিবলৈ সক্ষম হ’লহেঁতেন, তেতিয়া হয়তো ইন্দুবাইয়ে ক্ষতিপূৰণ হিচাপে ৰাজ্য চৰকাৰৰ পৰা এক লাখ টকা পালেহেঁতেন। ৩০,০০০ টকা নগদ আৰু বেংকত স্থায়ী আমানত (এফডি) হিচাপে বাকী ৭০,০০০ টকা।









