“আমাৰ সম্প্ৰদায়ৰ কোনোবাই যদি বাঁহৰ পাৰাৰা (বস্তু শুকুৱাৰ বাবে ব্যৱহৃত চেপেটা চালনি) বা চুপা (কুলা) বনাব বিচাৰে, তেতিয়া তেওঁলোকে তাৰ আগতে আন এটা উপগোটক জৰিমনা হিচাপে শস্য দিব লাগে,” মংগলী বাইয়ে বাইগা আদিবাসী সম্প্ৰদায়টোৰ উপগোটসমূহ যেনে বিঞ্জৱাৰ, নাহৰ, নাৰোতিয়া, ভাৰোতিয়া, ৰায় মেইনা আৰু কাথ মেইনা আদি সম্পৰ্কত কয়। এই গোটসমূহ মধ্যপ্ৰদেশৰ বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাবদ্ধ। “প্ৰতিটো সম্প্ৰদায়ৰ লোকে বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰে।”
তেওঁ নিজে বিঞ্জৱাৰ বাইগা আদিবাসী সম্প্ৰদায়। ঘৰত তেওঁৰ পাণ্ডা তোলাত। নাতা গাঁৱৰ বালাঘাট জিলাৰ ১০-১২ টা আদিবাসী পৰিয়ালৰ নিজ চুবুৰীটোত মংগলী বাইয়ে তেওঁৰ লগৰীয়াৰ সৈতে শুকুৰবাৰে অৰণ্যলৈ যাব ওলাইছে। মালধাৰ গাঁৱৰ কাষতে থকা অৰণ্যৰ পৰা তেওঁলোকে বাঁহ আনিব। সাধাৰণতে তেওঁলোকে পুৱা ৪ বজাতে ওলায়। কিন্তু তেওঁলোকে মোৰ বাবে অলপ ৰ’বলগীয়া হৈছে। তথাপি আমি সুৰ্য্যোদয় হোৱাৰ আগতেই আৰম্ভ কৰিছো।
তেওঁলোকে যোৱাৰ আগতে নদীৰ শুকান বালিত তেওঁলোকৰ খাদ্যৰ বাকচকেইটা লুকুৱাই থৈ গৈছে। লগত নিছে পানীৰ বটল আৰু কুঠাৰ। “এনেকৈ আমি অৰণ্যলৈ যাওতে ওজন কমাই লও,” মংগলী বাইয়ে কয়। আবেলি তেওঁলোকে ৮-১০ কিলোমিটাৰ বাট বাই পুনৰ পাণ্ডা তোলালৈ ঘূৰি আহিব। তেওঁলোকৰ মূৰত থাকিব তিনিৰ পৰা চাৰিডাল বাঁহ, ওজন প্ৰায় ২৫ কিলোমিটাৰ।






































