“পঢ়াত একাণপতীয়াকৈ লাগি থাকা। তুমি তোমাৰ সম্প্ৰদায়ৰ আন ল’ৰা-ছোৱালীৰ কাৰণে প্ৰেৰণাৰ উৎস হ’ব পাৰিবা।”
জীতেন্দ্ৰ শৰ্মা ছাৰৰ পৰা এই কথাষাৰ শুনাৰ সময়ত মই চাগে ৯ম মানত পঢ়ি আছিলো। গোটেই ক্লাছৰ আগত মোক এই কথা কৈছিল ছাৰে। তৎমুহূৰ্ততে ইমানেই আৱেগিক হৈ পৰিছিলো যে এটা শব্দ মুখৰ পৰা ওলোৱা নাছিল মোৰ। প্ৰথমবাৰৰ বাবে মুছহৰ সম্প্ৰদায়ৰ ল’ৰা এটাৰ ওপৰত শিক্ষকে ইমান বিশ্বাস ৰখা দেখি মই অবাক হৈ পৰিছিলো। তেওঁ কোৱা কথাষাৰ ঘৰলৈ ঘূৰি অহাৰ সময়ত মোৰ কাণত বাজি আছিল - “তুমি প্ৰেৰণাৰ উৎস হ’ব পাৰিবা…।” নিজক লৈ কেতিয়াও তেনেকৈ ভবা নাছিলো।
সিদিনাই মই প্ৰথমবাৰৰ বাবে হৃদয়ংগম কৰিছিলো যে মোৰ এই শিক্ষা কেৱল মোৰ বাবেই নহয়। এই শিক্ষাই মোৰ আশে-পাশে থকা আমাৰ ল’ৰা-ছোৱালীহঁতক পঢ়াৰ বাবে সাহস যোগাব পাৰে। সেয়ে মই আৰু বেছি কষ্ট কৰিবলৈ ল’লো। যেতিয়াই মোৰ পঢ়াত ব্যাঘাত জন্মা পৰিৱেশ আহি পৰিছিল, মই যেতিয়া উপায়হীন হৈ পৰিছিলো, তেতিয়াই শৰ্মা ছাৰে কোৱা কথাকেইটা মনলৈ আহিছিল। সমস্যা সমাধানৰ বাট দেখিছিলো। এজন শিক্ষকৰ কথাৰ কিমান যে সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব পাৰে, কাৰোবাৰ জীৱনত কিমান পাৰ্থক্য আনিব পাৰে! মই বুজি উঠিছিলো যে শৰ্মা ছাৰে কেৱল গণিত পঢ়াবলৈ জনাই নহয়, তেওঁৰ ছাত্ৰ-ছাত্ৰীখিনিৰ মাজত লুকাই থকা প্ৰতিভাও দেখিছিল।
শিক্ষকে আপোনাক কেৱল কিতাপ পঢ়িবলৈ নিশিকায়, আপোনাৰ সপোনবোৰো পঢ়িবলৈ শিকায়।
মোৰ নাম আশীষ নন্দ। বয়স ২৫। মোৰ ঘৰ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ মাঝহাৱা গাঁৱত। আমি মুছহৰ সম্প্ৰদায়ৰ। মানুহে আমাৰ বিষয়ে বহুকথাই শুনিছে, কিন্তু আমাক কাচিৎহে বুজি পায়। মুছহৰ বুলি ক’লে মানুহৰ মনলৈ আহে দাৰিদ্ৰ্য, কায়িক শ্ৰমিক আৰু শোষিত-বঞ্চিতৰ এখন ছবি। এয়া কিছু পৰিমাণে সঁচা নহয় বুলিও মই নকওঁ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ মুছহৰ লোকসকল সমাজৰ আটাইতকৈ বেছি উপান্ত শ্ৰেণীৰ লোক হিচাপে জীৱন ধৰি আহিছে। উত্তৰ প্ৰদেশত তেওঁলোকক অনুসূচিত জাতি হিচাপে চিনাক্ত কৰা হৈছে। আমাৰ পূৰ্বপুৰুষৰ মাটি নাছিল, নিয়োগ নাছিল, নিয়মীয়া আয় নাছিল। আমি দলিত মানুহ। শিক্ষা আমাৰ অধিকাৰ নাছিল। গাঁৱৰ দৰিদ্ৰ ব্ৰাহ্মণ মানুহৰ দৰে শিক্ষা আমাৰ কোনোদিন জীৱনৰ অংশ নাছিল।










