আঠ বছৰীয়া ৰঘুৱে চেন্নাইৰ পৌৰনিগমৰ দ্বাৰা পৰিচালিত নতুন স্কুলখনৰ প্ৰথম দিনা ব’ৰ্ড বা পাঠ্যপুথিত লিখা তামিল ভাষাৰ এটা আখৰো বুজি পোৱা নাছিল। তাৰ আগতে উত্তৰ প্ৰদেশৰ নাওলি গাঁৱৰ ৰঘুৱে স্কুলত হিন্দী বা ভোজপুৰী ভাষাতে লিখা-পঢ়া কৰিছিল আৰু কথা-বতৰা পাতিছিল।
এতিয়া কিতাপত কি লিখা আছে সেয়া বুজি পোৱাৰ একমাত্ৰ উপায় আছিল ছবি চাই অনুমান কৰা। ৰঘুৰ ভাষাত “এখন কিতাপত যোগ-বিয়োগ চিন আছিল। মানে সেইখন গণিত পুথি। আন এখন কিতাপ বিজ্ঞানৰ হ’ব পাৰে। আৰু এখনত মহিলা, ল’ৰা-ছোৱালী আৰু পাহাৰৰ ছবি আছিল।”
চতুৰ্থ শ্ৰেণীৰ শ্ৰেণীকোঠাৰ দ্বিতীয় শাৰীত যেতিয়া সি মনে মনে বহি আছিল, তেতিয়া ৰঘুৰ কাষতে বহা আন এটা ল’ৰাই তাক এটা প্ৰশ্ন কৰিলে। “সকলোৱে মোক আগুৰি ধৰি তামিল ভাষাতে কিবা এটা সুধি আছিল। সিহঁতে যে কি কৈ আছিল, মই একো তালু-মুধা বুজি পোৱা নাছিলো। সেয়ে মই মাত্ৰ ক’লো, ‘মোৰ নাম ৰঘু’। তাকে শুনি সিহঁতে হাঁহিবলৈ ধৰিলে। মোৰ বৰ ভয় লাগিছিল।”
২০১৫ চনৰ মে’ মাহত যেতিয়া ৰঘুৰ মাক-দেউতাকে জালাউন জিলাৰ নাদিগাঁও গাঁৱৰ নিজৰ ঘৰ-দুৱাৰ এৰি থৈ অহাৰ সিদ্ধান্ত লয়, ট্ৰেইনত উঠি চেন্নাইলৈ যোৱাৰ দিনা ৰঘুৱে মাটিত বাগৰি বাগৰি কান্দিছিল। তাৰ ভায়েকৰ বয়স পাঁচ বছৰ। সি দেউতাকৰ হাতখন জোৰেৰে ধৰি আছিল। “তাৰ (ৰঘুৰ) চেন্নাইলৈ যোৱাৰ অলপো ইচ্ছা নাছিল। তাক তেনেকৈ দেখি বৰ কষ্ট পাইছিলো,” ৰঘুৰ মাক গায়ত্ৰী পালে কয়।
কিন্তু ৰঘুৰ মাক-দেউতাকৰ আন কিবা উপায় আছে জানো? গাঁও এৰি কামৰ সন্ধানত আন কোনোবা ঠাইলৈ যাবই লাগিব। “খেতি কৰি একো লাভ নহ’লে আন ক’ৰবালৈ যাবই লাগিব। সেই বছৰ (২০১৩–২০১৪)ত আমি দুই কুইণ্টল বাজৰাও পোৱা নাছিলো। খেতি কৰিবলৈ গাঁৱত পানী নাই। কৰিবলৈ আন কামো নাই। গাঁৱৰ আধা মানুহ ইতিমধ্যে কামৰ সন্ধানত বহিঃৰাজ্যলৈ ওলাই গৈছে। য’ত কাম পাইছে তাতেই থাকিছে,” ৩৫ বছৰ বয়সীয়া গায়ত্ৰীয়ে কয়। তেওঁ আৰু তেওঁৰ ৪৫ বছৰীয়া স্বামী মনীষ ৰেলেৰে গৈ শেষত উপস্থিত হয় চেন্নাইৰ এটা নিৰ্মাণ কাৰ্য চলি থকা ছাইটত। তাতে তেওঁলোকৰ গাঁৱৰে কেইজনমানে ইতিমধ্যে কাম পাইছিল।












