

Kolhapur, Maharashtra
|THU, JUL 24, 2025
এই চিগো এই চিগো সূতা: শিপিনীৰ কিমান মোল?
পাৰিৰ স্বেচ্ছাসেৱী সংকেট জৈনে সমগ্ৰ ভাৰতৰ ৩০০ খন গাঁও ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে: এই ভ্ৰমণকালত তেওঁ লিপিবদ্ধ কৰিব গ্ৰাম্য জীৱন বা কোনো অনুষ্ঠানৰ ছবি আৰু সেই আলোকচিত্ৰৰ স্কেটছ্৷ এয়া হ’ল পাৰিৰ ধাৰাবাহিকৰ নৱমখন চিত্ৰ
Author
Editor
Translator
পাৰিৰ স্বেচ্ছাসেৱী সংকেট জৈনে সমগ্ৰ ভাৰতৰ ৩০০ খন গাঁও ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে: এই ভ্ৰমণকালত তেওঁ লিপিবদ্ধ কৰিব গ্ৰাম্য জীৱন বা কোনো অনুষ্ঠানৰ ছবি আৰু সেই আলোকচিত্ৰৰ স্কেটছ্৷ এয়া হ’ল পাৰিৰ ধাৰাবাহিকৰ নৱমখন চিত্ৰ
‘‘মই সূতা কটাৰ কাম বাদ দিব নোৱাৰো’’, যঁতৰটোৰ পিনে চাই মিচিকিয়া হাঁহি এটি মাৰি লক্ষ্মীবাই ধনগৰে এইদৰে কয়৷ সত্তৰৰ দেওনাত উপনীত হোৱা লক্ষ্মীবায়ে প্ৰায় অৰ্ধ শতিকাজুৰি ভেঁড়াৰ নোম আৰু ঊণৰ পৰা সূতা কটাৰ কাম কৰি আহিছে৷ তেওঁৰ এই অভূতপূৰ্ব দক্ষতাৰ মূল্য কোনো বজাৰে দিব নোৱাৰে৷
পূৰ্বে তেওঁ দিনে দহ ঘণ্টাকৈ সূতা কটাৰ কাম কৰিছিল৷ ‘‘মোৰ পোন্ধৰ বছৰ বয়সত বিয়া হৈছিল৷ মোৰ বিয়াৰ ঠিক আগে আগেয়ে শাহু আয়ে প্ৰায় ১২০ কিলোগ্ৰাম ভেঁড়াৰ নোম সাঁচি থৈছিল৷ প্ৰতিদিনে আঠৰ পৰা দহ ঘণ্টা পৰিশ্ৰম কৰি সেই ১২০ কিলোগ্ৰাম নোমৰ পৰা সূতা কাটি উলিয়াবলৈ মোৰ ছমাহ সময়ৰ প্ৰয়োজন হৈছিল৷ এতিয়া প্ৰতিদিনে দুঘণ্টাকৈহে কাম কৰিব পাৰো’’, লক্ষ্মীবায়ে এইদৰে কয়৷
লক্ষ্মীবাই ছাগলী আৰু ভেঁড়াৰখীয়া সম্প্ৰদায়- ধনগৰ সম্প্ৰদায়ৰ লোক (বৰ্তমান এই সম্প্ৰদায়টো মহাৰাষ্ট্ৰৰ অন্যান্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে)৷ তেওঁ মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ আদুৰ গাঁৱৰ কাৰবিৰ ব্লকত বাস কৰে৷ ইয়াত বছৰত দুবাৰকৈ ভেঁড়াৰ নোম গুচোৱা হয়৷ অক্টোবৰ-নৱেম্বৰ মাহত দেৱালীৰ পিছত আৰু এপ্ৰিল-মে’ মাহত অক্ষয় তৃতীয়াৰ পিছত৷
‘‘শতিকাজুৰি মহিলাই সূতা কাটি আহিছে আৰু পুৰুষে ভেঁড়া চৰোৱাৰ লগতে গাখীৰ খীৰোৱাৰ কাম কৰি আহিছে৷ সাধাৰণতে পুৰুষসকলে পশু চৰোৱাৰ কাম কৰে যদিও এতিয়া মহিলাসকলেও পশু চৰোৱাৰ কাম আৰম্ভ কৰিছে’’, লক্ষ্মীবায়ে এইদৰে কয়৷
এতিয়া ধনগৰসকলে ৰুক্ষ নোম মেচিনত কোমল আৰু সম আকাৰ কৰাৰ বাবে প্ৰতি কিলোগ্ৰামত আঠ টকাকৈ দিয়ে৷ এই কাম কাষৰ গাঁৱৰ লোকসকলে কৰে৷ পূৰ্বে মহিলাসকলে ধেনু আকৃতিৰ কাঠৰ সঁজুলিৰে নিজে এই কাম কৰিছিল৷
যঁতৰত কোমল নোম সূতালৈ পৰিৱৰ্তিত কৰা হয়৷ তাৰ পিছত এই সূতাবোৰ সনগৰলৈ পঠিওৱা হয় (সনগৰ হ’ল ধনগৰৰ এটা উপ শাখা৷ এওঁলোক তাঁতশাল ঊণসূতাৰ কাপোৰ বোৱাত সিদ্ধহস্ত)৷ সনগৰৰ পুৰুষসকলে ইয়াৰ পৰা ঘুংগাড়িয়া (কম্বল) প্ৰস্তুত কৰে৷ ৭.৫ ফুট দীঘল আৰু ২.৫ ফুট বহল এখন ঘুংগাড়িয়া প্ৰস্তুত কৰিবলৈ সনগৰসকলে ৪০০ টকাকৈ লয় আৰু ইয়াৰ বাবে ছয় কিলোগ্ৰাম ভেঁড়াৰ নোমৰ প্ৰয়োজন হয়৷ আনহাতে ধনগৰ মহিলাসকলে তেওঁলোকৰ সূতা কটাৰ শ্ৰমৰ সময়খিনি অন্তৰ্ভুক্ত কৰি একোখন ঘুংগাড়িয়া ১,৩০০ টকাত বিক্ৰী কৰিবলৈ চেষ্টা কৰে৷
‘‘একোখন কম্বল এতিয়া ১,৩০০ টকাত বিক্ৰী কৰাটো কঠিন হৈ পৰিছে৷ মেচিনত বনোৱা বিচনা চাদৰ এখন ৫০০ টকাতেই পাব পাৰি আৰু মানুহে ঘুংগাড়িয়া এখন বনাওতে প্ৰয়োজন হোৱা পৰিশ্ৰমৰ সাৰ্থকতা বুজি নাপায়’’, তিনিমাহ ধৰি বিক্ৰী কৰিব নোৱাৰা এখন ঘুংগাড়িয়ালৈ আঙুলিয়াই লক্ষ্মীবায়ে এইদৰে কয়৷ এটা দশক পূৰ্বে তেওঁলোকে মাহত চাৰিখনকৈ বিক্ৰী কৰিব পাৰিছিল যদিও এতিয়া মাহত কেতিয়াবা এখনো বিক্ৰী নোযোৱাৰ দৰে অৱস্থা হৈছে৷
পূৰ্বে কালাম্বে, টাৰ্ফ কালে, ভামাটে, চুয়ে, কোপাড়ে (আটাইকেইখন কোলহাপুৰ জিলাত অৱস্থিত) গাঁৱৰ লোকসকলে ইয়ালৈ ঘুংগাড়িয়া কিনিবলৈ আহিছিল কিন্তু এতিয়া কেৱল বয়োজ্যেষ্ঠ লোকসকলেহে কিনিবলৈ আহে৷
‘‘তিনি দশক পূৰ্বে প্ৰায় ৩০ গৰাকী ধনগৰ মহিলাই মোৰ গাঁৱত সূতা কাটিছিল৷ এতিয়া মাত্ৰ বাৰগৰাকী মানেহে সূতা কাটে’’, লক্ষ্মীবায়ে এইদৰে কয়৷ কাপোৰৰ দাম নোপোৱা, বৰ্ধিত বয়স আৰু ঘুংগাড়িয়াৰ চাহিদাৰ অভাৱেই ইয়াৰ কাৰণ বুলি অনুমান কৰা হৈছে৷
মাহটোত অপৰিসীম শ্ৰম, ঘণ্টাজুৰি সূতা কটা আৰু তাৰ পিছত ঘুংগাড়িয়া বিক্ৰী কৰা- এই আটাইবোৰৰ বিনিময়ত লক্ষ্মীবায়ে মাহে ৫০০০ টকা উপাৰ্জন কৰে৷ এটা দশক পূৰ্বে লক্ষ্মীবায়ে আনৰ খেতিপথাৰত শ্ৰমিকৰ কাম কৰি দুগুণ উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছিল৷ নিতৌ আঠ ঘণ্টা পৰিশ্ৰমৰ অন্তত তেওঁ ১০০ টকা লাভ কৰিছিল৷ ‘‘মোৰ পিতৃ-মাতৃয়েও কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল আৰু মোক পঢ়ুবাৱলৈ তেওঁলোকৰ সামৰ্থ নাছিল’’, লক্ষ্মীবায়ে কয়৷
প্ৰতি বছৰে লক্ষ্মীবাইৰ পয়সত্তৰ বৰ্ষীয় স্বামী শামৰাও ধনগৰে মহাৰাষ্ট্ৰৰ পুণে, চাংলি, কোলহাপুৰ, সাতাৰা আৰু সোলাপুৰ জিলা তথা কৰ্ণাটকৰ বেলগাম জিলাৰ গাঁওবোৰত প্ৰায় ২০০টা ছাগলী আৰু ভেঁড়া চৰায়৷ জুনৰ পৰা ছেপ্টেম্বৰ মাহত পশ্চিম মহাৰাষ্ট্ৰত হোৱা মূষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত ধনগৰসকলে তিনিমাহৰ বাবে প্ৰব্ৰজন কৰে৷
শামৰাও আৰু লক্ষ্মীবাইৰ দুটি পুত্ৰ সন্তান- ৩৫ বছৰীয়া বীৰদেৱ আৰু ৪০ বছৰীয়া সুৰেশ৷ তেওঁলোকৰ নিজাকৈ ৬৪টা ভেঁড়া আৰু ৬টা ছাগলী আছে৷ পোহনীয়া জন্তুৰ সংখ্যা কম হোৱাৰ কাৰণ ব্যাখ্যা কৰি শামৰাৱে কয়, ‘‘আজিকালি চৰণীয়া পথাৰবোৰত মানুহে কুঁহিয়াৰৰ খেতি কৰিবলৈ ধৰিছে৷ সেয়ে তেওঁলোকে পথাৰত আমাৰ পশু সোমাবলৈ নিদিয়ে৷ পশুবোৰ চৰোৱা কঠিন হৈ পৰিছে৷’’
তেওঁলোকৰ ৪০ বছৰীয়া জীয়ৰী ভাৰতী আৰু ৩০ বছৰীয়া জীয়ৰী সংগীতাৰ বিয়া হৈ গৈছে৷ ভাৰতীয়ে এতিয়াও সূতা কাটে৷ ‘‘মোৰ বোৱাৰীসকলে সূতা কটা কাম কৰিবলৈ নিবিচাৰে৷ তেওঁলোকৰ মতে কৃষি শ্ৰমিক হোৱাটোৱেই সহজ কাম’’, লক্ষ্মীবায়ে হুমুনিয়াহ কাঢ়ে৷ এতিয়াৰ যুৱচামে সূতা কটা কামৰ পৰিৱৰ্তে অন্য চাকৰিলৈ মন মেলিছে৷ তেওঁলোকে কাৰখানা আদিত কাম কৰিবলৈ বিচাৰে৷
লক্ষ্মীবায়ে প্ৰতিদিনে যঁতৰত দিনে দুঘণ্টাকৈ কাম কৰে৷ কামটোৰ চাহিদা হ্ৰাস হৈ অহাৰ লগে লগে নতুনকৈ দেখা দিয়া কঁকালৰ বিষটোৰ কথা উল্লেখ কৰি লক্ষ্মীবায়ে কয়, ‘‘আজিকালিৰ ডেকাচামে সূতা কটাৰ কামটো বৃত্তি হিচাপে নলয়৷ মোৰ এটায়েই সপোন- আমি কৰা কঠোৰ পৰিশ্ৰমৰ যেন সঠিক মূল্য লাভ কৰো৷’’
অনুবাদক: মনোৰঞ্জন মজুমদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/laxmibais-skills-hang-by-a-rough-thread-as

