সপ্তাহটোত এটা দিনো কামৰ পৰা বিৰতি নাপায় লতাবায়ে৷ প্ৰতিটো দিনেই কৰ্মদিন। কৰ্তব্যৰ সময়ত যদি তেওঁ অসুখত ভুগি ছুটিও ল’বলগীয়া হয়, তৎসত্বেও প্ৰতিদিনৰ হিচাপত কোম্পানীয়ে তেওঁৰ দৰমহাৰ পৰা ৫০০ টকাকৈ কাটি ৰাখে৷
ইফালে লতাবাইৰ জীৱনৰ বিড়ম্বনা এয়ে যে তেওঁ এগৰাকী পুৰস্কাৰপ্ৰাপ্ত আৱৰ্জনা সংগ্ৰহকাৰী কৰ্মী৷
‘‘লাটুৰ চহৰত ময়েই একমাত্ৰ মহিলা চালক৷ ২০১১ চনত মই আমাৰ বিধায়ক অমিত দেশমুখৰ পৰা লাটুৰ উৎসৱত লাটুৰ ভূষণ বঁটা লাভ কৰিছিলো৷ এই বঁটা চহৰখনৰ মোক আৱণ্টিত এলেকা পৰিষ্কাৰকৈ ৰখাৰ বাবে দিয়া হৈছিল’’, পাৰিৰ সন্মুখত লতাবায়ে এইদৰে কয়৷
‘‘পৌৰ নিগমৰ মানুহে মোৰ এলেকা নিৰীক্ষণ কৰি কোনো ধৰণৰ আৱৰ্জনা প্ৰত্যক্ষ কৰা নাছিল৷ বিশাল জনসভাত মন্ত্ৰী, চেলিব্ৰেটিৰ সন্মুখত মোক এই পুৰস্কাৰ দিয়াত মই অভিভূত হৈ পৰিছিলো৷ মই ভাবিছিলো যে অতদিনৰ মোৰ পৰিশ্ৰমে আজি স্বীকৃতি পালে - কিন্তু সেয়া আছিল মাথোঁ এদিনৰ বাবে’’, হুমুনিয়াহ কাঢ়ি লতাবায়ে এইদৰে কয়৷
মহাৰাষ্ট্ৰৰ লাটুৰ চহৰৰ বাসিন্দা লতাবাই ৰছলে ২০০২ চনৰ পৰা আৱৰ্জনা সংগ্ৰহৰ কাম কৰি আহিছে৷ সেই বছৰটোতেই তেওঁ স্বামীহাৰা হৈছিল৷ ১৫ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱা লতাবায়ে স্বামীক হেৰুওৱাৰ পিছত পাঁচোটা সন্তানৰ সৈতে এই আৱৰ্জনা সংগ্ৰহ কৰা কামটোৰ জৰিয়তে জীৱিকাৰ বাবে সংঘৰ্ষ কৰিবলগীয়া হৈছিল৷
















