আৰ্হেন গাঁওখনৰ শেষৰগৰাকী মহিলা, যি এটা সময়ত টাটু শিল্পী আছিল।
পৰম্পৰাগত কন্যাক শৈলীত নিৰ্মিত জুপুৰীটোত বহি অশীতিপৰ আৰ্হেনে শৈশৱতে শিকা গীত এটি গাই আছে। টাটু আঁকি থকাৰ সময়ত এই গীতটি গোৱা হয়।



আৰ্হেন গাঁওখনৰ শেষৰগৰাকী মহিলা, যি এটা সময়ত টাটু শিল্পী আছিল।
পৰম্পৰাগত কন্যাক শৈলীত নিৰ্মিত জুপুৰীটোত বহি অশীতিপৰ আৰ্হেনে শৈশৱতে শিকা গীত এটি গাই আছে। টাটু আঁকি থকাৰ সময়ত এই গীতটি গোৱা হয়।
ৰেন-আম মান্যু, নাও হুংখু তো
গলিং নিহ।
ফোন কাত তাখা, চিলম নাগাম্পো মে নিউইহেই
(ৰেন-আম মান্যুয়ে যিদিনা টাটু কৰাই আছে,
সিদিনা পথাৰলৈ নাযাবা,
চিলামতে জীৰাবা)
এই গীতটো ৰেন-আম মান্যু নামে এগৰাকী টাটু কৰাই থকা ৰাজকুঁৱৰীৰ, চিলাম হৈছে মৰঙৰ নাম (পুৰুষৰ বাবে মেল বহা পৰম্পৰাগত স্থান)।
নাগালেণ্ডত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ কন্যাকসকলৰ বাবে জীৱনৰ বিভিন্ন স্তৰত আৰু বিভিন্ন পৰ্বত টাটু কৰোৱাটো তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ এটা অংশ আছিল, যিটোৰ প্ৰচলন ১৯৬০ৰ পৰা ৭০ৰ দশকত কমি যায়। আৰু এটা দশক তেনেকৈয়ে চলি থাকিল, কিন্তু ১৯৭০ৰ দশকত ই সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ পৰিল। খ্ৰীষ্টান ধৰ্মৰ আগমন আৰু কন্যাক ছাত্ৰ সংগঠনৰ প্ৰভাৱত এই প্ৰথা শিথিল হৈ পৰে আৰু এটা সময়ত এনেদৰে নাইকিয়া হৈ যায়।
কিন্তু তাৰ আগলৈকে সকলো কন্যাক সম্প্ৰদায়ৰ কন্যাই তেওঁলোকৰ শিক্ষাৰ অংশ হিচাপে টাটু কৰিব জানিছিল, মাকে গাই থকাৰ মাজতে তেওঁৰ পুতেক আলোহ নগৱাঙে কয়। তেওঁ বৰ্তমান আৰ্হেনে বসবাস কৰা চিয়াংহাচিংয়ু গাঁৱৰ আংঘ (গাঁওবুঢ়া)। এইখন গাঁৱতে ১৯৬৭-৬৮ত তেওঁ শেষৰটো টাটু বনাইছিল।

Swadesha Sharma

Swadesha Sharma

Sarbajaya Bhattacharya
অৰ্ধশতিকা পিছত এপ্ৰিলৰ গৰম দিন এটাত পাৰিয়ে মন জিলাৰ উজনি অঞ্চলত থকা চিয়াংহাচিংয়ুত থকা আৰ্হেন আৰু আন আন টাটু শিল্পীসকলক সাক্ষাৎ কৰে। গাঁওখন ভাৰত-ম্যানমান সীমান্তত অৱস্থিত।
গাঁওখনৰ ৫,০০০ বাসিন্দাই কন্যাকসকলৰ ছদিনীয়া উৎসৱ আওলেং উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছে। নতুনকৈ ঝুম খেতিত বীজ সিঁচাৰ পিছত ইশ্বৰৰ আশীষ বিচাৰি প্ৰতিবছৰে বসন্তৰ সময়ত গোট খায়। তেওঁলোকে ভাল ফচলৰ বাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। নাগালেণ্ডত এই সম্প্ৰদায়সমূহে এতিয়াও ঝুমখেতি কৰি আহিছে।
কাষৰ গাঁওবোৰৰ পৰা মানুহে জাকে জাকে আংঘৰ বাসগৃহলৈ আহিছে। বহুতেই কন্যাকসকলৰ পৰম্পৰাগত পোছাক পৰিধান কৰি আছে, বিশেষকৈ যিসকলে পৰম্পৰাগত অনুষ্ঠানত ভাগ ল’ব, সেইসকলে। উৎসৱ তেতিয়াও আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা নাই, বসন্তকালৰ সতেজ বায়ুমণ্ডল সংগীতৰ শব্দৰে ভৰি পৰিছে।
নাগালেণ্ডৰ প্ৰায়ভাগ কন্যাক গাঁৱৰ দৰে ছিয়াং গাঁওখনো পাহাৰৰ টিলা এটাত অৱস্থিত। গাঁওবোৰৰ তেনে অৱস্থিতিৰ কাৰণ আছিল শত্ৰুৰ আগমন ঘটিলে যাতে দূৰৰ পৰাই দেখা পোৱা যায়। মৰংবোৰ এটা সময়ত পুৰুষৰ বাবে বৈঠক বহাৰ ঠাই আছিল। গাঁও অঞ্চলত অ’ত-তত সেয়া সিঁচৰতি হৈ আছে, বেৰত সজাই থোৱা আছে জন্তুৰ লাওখোলা। সেইবোৰ য়েষ্টাৰৰ সময়ত কৰা চিকাৰৰ স্মৃতি। বাঁহ আৰু কাঠেৰে নিৰ্মিত মহিলাসকলে এতিয়া মৰঙত সোমাব পাৰে। কিন্তু মৰং হৈছে পৰম্পৰাগতভাৱে কন্যাক যুৱকে পুৰুষত্ব আহৰণৰ বাবে জীৱনশৈলী আয়ত্ত কৰাৰ উপায়। এতিয়া মৰং হৈছে জিৰণি লোৱা ঠাই, মানুহৰ মেল মৰা ঠাই।
জিলাখনৰ আন কন্যাক গাঁৱৰ দৰে ইয়াতো সম্প্ৰদায়টোৰ লোকসকলৰ গাঁৱৰ মুৰব্বী এজন আছে। শেহতীয়াকৈ নিৰ্বাচিত সদস্যসহ গাঁও পৰিষদ এখনো আছে। কন্যাকসকলৰ মূল জীৱিকা হৈছে খেতি আৰু ঘাইকৈ তেওঁলোকে ধানখেতি কৰে। মাটিৰ মালিকানা স্বত্ব সামূহিক যদিও চোৱাচিতাৰ দায়িত্ব ন্যস্ত থাকে আংঘৰ ওপৰত। সকলোৱে লাগি-ভাগি এই মাটিত খেতি কৰে আৰু উৎপাদিত শস্য তেওঁলোকৰ মাজত ভাগ হয়।

Sarbajaya Bhattacharya

Sarbajaya Bhattacharya

Swadesha Sharma

Swadesha Sharma
*****
মানুহে আওলেং উৎসৱৰ বাবে ইফালে-সিফালে ঘূৰা-ঘূৰি কৰি আছে, কিছুমানে চালিৰ তলত জীৰাইছে।
আৰ্হেনে তেওঁৰ গীত সামৰে আৰু টাটু কৰাৰ প্ৰক্ৰিয়াটো বৰ্ণনা কৰে। প্ৰথমে ভাতীত কয়লাৰ টুকুৰা এটা তপতোৱা হয়। তাৰ ওপৰত খালি পাত্ৰ এটা বহুওৱা হয়। ধোঁৱা ওপৰলৈ উঠে আৰু পাত্ৰটোৰ ভিতৰত ছাঁই লাগি ৰয়। সেইখিনি এৰুৱাই ছালত টাটুৰ ডিজাইন কৰা হয়। য়িং গছৰ কাঁইট (Strobilanthes penstemonoides)ৰে কন্যাক টাটু শিল্পীয়ে ফুটা কৰি নাইবা হাতুৰিৰে কোবাই কোবাই টাটু কৰি যায়।
নতুন ছোৱালী, তাতে আকৌ তেওঁ ন-শিকাৰু। আৰ্হেনে টাটু কৰাক লৈ বহুত ইতস্ততঃবোধ কৰিছিল। “মোৰ আন্যা (মাতৃ)য়ে মোক শিকাইছিল,” ৮৬ বছৰ বয়সীয়া আৰ্হেনে কয়।
“য়িং গছৰ পৰা ক’লা চিয়াঁহী ওলায়,” টাটু কৰাৰ ক্ষেত্রত জৰিত কথাবোৰ সম্পৰ্কে আৰ্হেনে কৈ যায়। এই গছৰ লগতে কাঁইটো সংগ্ৰহ কৰা হয়। এয়া টাটু কৰাৰ বাবে প্ৰয়োজনীয় আহিলা। তেওঁ সেই কাঁইট চিয়াঁহীত ডুবাই লৈ হাতুৰি মাৰিবলৈ ধৰে। “তেজ আৰু চিয়াঁহী মিহলি হৈ ঘন ৰং এটা হৈ পৰে,” তেওঁ কয়। টাটু কৰি থকাৰ সময়ত ছালখন মচি থাকিবলৈ এখন কোমল কাপোৰ ব্যৱহাৰ কৰে। এটামাত্ৰ টাটু কৰোতে সাধাৰণতে গোটেই দিনটো লাগে।
আৰ্হেনে ছখন গাঁও, যাৰ মূৰব্বী তেওঁৰ গিৰীয়েক, ঘূৰি ঘুৰি মুঠ ১৪০ জন লোকৰ টাটু কৰিছে। কিন্তু জীৱনত কৰা প্ৰথমটো টাটু এতিয়াও তেওঁৰ মনত আছে। “এজনী ছোৱালীৰ ভৰিত আৰু ল’ৰা এটাৰ বুকুত টাটু কৰিছিলো,” তেওঁ সেই দিনৰ স্মৃতিচাৰণ কৰি মিচিকীয়াই হাঁহে।

Swadesha Sharma

Swadesha Sharma
*****
পুৰুষ আৰু মহিলাৰ টাটুবোৰ সদায় ভিন্ন। মহিলাই জীৱনৰ ভিন্ন পৰ্য্যায়ত টাটুবোৰ কৰে, যেনে ধৰক কৈশোৰকাল প্ৰাপ্তি আৰু বিবাহ পাশত আৱদ্ধ হোৱা আদি। কিছুমানে আকৌ পৰিয়ালৰ পুৰুষে লাভ কৰা সফলতা উদযাপন কৰিবলৈকো টাটু কৰায়।
“কন্যাক মহিলাৰ জীৱনটো বিভিন্ন পৰ্য্যায়ৰ মাজেৰে পাৰ হয়। পিতৃৰ ফৈদত জন্ম পোৱা কন্যা এগৰাকীয়ে আন এটা ফৈদলৈ বিয়া হয়। পিতৃৰ ফালৰ চিন হিচাপে মৃত্যুলৈকে কেৱল বিয়াৰ আগত কৰোৱা টাটুটোৱে ৰৈ যায়। সেই চিনটোৱে যি সলনি নহয়। তেওঁ কোন আৰু ক’ৰপৰা আহিছে তাৰ চিন হিচাপে টাটুটোৱে থাকি যায়,” আমো কন্যাকে কয়।
মন জিলাৰ বাসিন্দা আমোৱে তেওঁৰ আইতাকহঁতৰ গাত দেখা টাটুবোৰ মনত পেলায়। “শিশু হিচাপে মই প্ৰায়ে টাটুৰ কাহিনীবোৰ শুনো, কেনেকৈ কৰা হয়, কিমান বিষায় আৰু টাটু কৰোৱাৰ পিছত মানুহে কিমান গৌৰৱ অনুভৱ কৰে। মোৰ বাবে এই টাটুবোৰ স্মৃতিৰ মানচিত্ৰৰ দৰে। এয়া কেৱল ছালত সোমাই পৰা চিয়াঁহী নহয়, এয়া তেওঁলোক কোন, তাৰ নিহিতাৰ্থ,” ৩২ বৰ্ষীয় গৱেষকজনে কয়।
কন্যাকসকল পৰম্পৰাগতভাৱে আছিল হেডহাণ্টাৰ। যুদ্ধত জয়লাভ কৰাজনে বিজয়োৎসৱৰ চিন হিচাপে টাটু কৰাইছিল। ইয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি অহাৰ ফলত মহিলাসকলক কন্যাক টাটু সম্পৰ্কীয় গৱেষণা আৰু কাহিনীবোৰৰ পৰা আঁতৰাই ৰখা হ’ল, আমোৱে তেওঁৰ আইতাকে কোৱা কাহিনীবোৰ মনত পেলাই কয়। “টাটু কৰাওতে কিমান বিষাইছিল, তেজ নিগৰিছিল আৰু ছাল ফুলি গৈছিল - তথাপি টাটু এটা হোৱাৰ পিছত যে কিমান ভাল লাগিছিল, গৌৰৱবোধ হৈছিল, সেইবিষয়ে আইতাই মোক প্ৰায়ে কৈছিল।”
গাঁৱৰ পৰা নাতিদূৰতে ঙনফিৰ ঘৰ। সত্তুৰ বছৰ বয়সত ভৰি দিয়া ঙনফিয়ে তেওঁৰ ডাঙৰ ভনী আৰু সম্পৰ্কীয় ভনীয়েকহঁতৰ পৰা টাটু বনোৱা শিকিছিল, তেওঁলোকে আকৌ শিকিছিল মাকৰ পৰা। কিন্তু তেওঁ টাটু বনোৱা কলা অনুশীলন কৰিব নোৱাৰিলে, কিয়নো তেওঁ ‘কুইন’ (ৰাণী) নাছিল। ঙনফিয়ে ৰাণীগৰাকীক টাটু শিকাত সহায় কৰি দিছিল। তেওঁ টাটু শিল্পীৰ বাবে কাঁইট আনি সিজাই দিছিল। টাটু কৰোৱা মানুহজনক ধৰি থাকিছিল যাতে বিষ হ’লেও বেছি লৰচৰ কৰি নাথাকে। বিষোৱাৰ ভংগী এটা মুখত তেওঁ ফুটাই তোলে। তাকে দেখি আটাইবোৰে হাঁহিত ফাটি পৰে।
পাৰিয়ে তেওঁক লগ পাওতে তেওঁ বাঁহেৰে বনোৱা জুপুৰী এটাৰ তলত বহি আছিল। আংঘৰ চৌহদত তেনে বহু ঘৰ আছে। তেওঁ বৰ লাহে লাহে কথা কয়, উৎসৱৰ হাই-উৰুমিয়ে কেতিয়াবা তেওঁৰ কথা তল পেলায়। আমি যেতিয়া তেওঁৰ ফটো তুলিব বিচাৰিলো, তেওঁ আৰু অলপ আনুষ্ঠানিক আৰু পৰম্পৰাগত গহনা-পাতিৰে সাজি-কাঁচি ওলাবলৈ গ’ল।

Sarbajaya Bhattacharya

Ritu Sharma
তেওঁৰ কান্ধ, ভৰি আৰু হাতত থকা টাটুকেইটা বিয়াৰ আগৰেই। টাটু আছিল তেতিয়া অলংকাৰৰ দৰে, তেওঁ কয়, “তেতিয়া আমি পিন্ধা কাপোৰবোৰ চুটি আছিল, সেয়ে টাটু কৰি আমি আমাৰ শৰীৰটো ঢাকিছিলো।” ঙনফিৰ প্ৰিয় টাটুটো হৈছে পিঠিত থকাটো। “সেইটো মোৰ ভনী এজনীয়ে বনাই দিয়া,” তেওঁ হাঁহি মাৰি কয়, “সেয়ে এইটো মোৰ প্ৰিয়।”
তেওঁ নাগালেণ্ডৰ মন জিলাৰ লিংঘা গাঁৱত গাভৰু কালতে প্ৰথমটো টাটু কৰিছিল। “বৰ দুখ পাইছিলো, কান্দিছিলো,” তেওঁ কয়।
বিয়াৰ পিছত প্ৰথমটো টাটু তেওঁ কৰাইছিল কৰঙনত। আংঘৰ প্ৰথম পত্নী, ৰাণীগৰাকীয়ে। আৰ্হেন তেওঁৰ নিজৰ ভনীয়েক আছিল। পৰম্পৰাগতভাৱে কন্যাকৰ প্ৰধানজনে কেবাবাৰো বিয়া পাতে যদিও সম্প্ৰদায়টোৰ বাকীসকলে একবিবাহ কৰে।
দ্বিতীয় পত্নী হিচাপে ঙনফিয়ে কেতিয়াও টু (টাটু) বনাবলৈ পোৱা নাছিল। চিয়াংহাচিংয়ুত তেওঁ পাকঘৰৰ কাম চম্ভালিছিল আৰু পৰিয়ালটোৰ সন্তানকেইটাও চোৱাচিতা কৰিছিল।

Swadesha Sharma

Swadesha Sharma

Swadesha Sharma

Swadesha Sharma
*****
নাগালেণ্ডত তামলু, কাংচিং, ৱাকচিং আৰু ৱানচিং গাঁৱত বেপ্টিষ্টসকলৰ বহু আগতেই প্ৰৱেশ ঘটিছিল। খ্ৰীষ্টান মিছনেৰীসকলৰ আগমনে কন্যাকসকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া ভালেখিনি সলনি কৰি পেলাইছিল। চিয়াংহাচিংয়ুৰ খেতিয়ক কাইথেই কন্যাকে মনত পেলায় কেনেকৈ কন্যাক সমাজত পৰম্পৰাগত ৰোগ নিৰাময়ৰ প্ৰথাৰ প্ৰচলন আছিল। “আমাৰ ওচৰত ডাক্তৰ নাছিল আৰু হস্পিতালো নাছিল। আমাৰ সমাজৰে বৈদ্য আছিল,” তেওঁ কয়।
বেপ্টিষ্ট মিছনেৰীসকলে নতুন এক শিক্ষিত চাম যুৱক গঢ়ি তুলিলে যিয়ে ১৯৪৬ত কন্যাক ছাত্ৰ সন্থা গঢ়ি তুলিলে আৰু সামাজিক তথা ধৰ্মীয় কাম-কাজৰ প্ৰচাৰত লাগিল। সন্থাই টাটুৰ বিৰুদ্ধে এক সবল স্থিতি গ্ৰহণ কৰিলে, কিয়নো টাটুৰ সৈতে মুণ্ডচ্ছেদ বা হেডহাণ্টিঙৰ এক সম্পৰ্ক আছিল। এনেকৈয়ে ১৯৬০ত টাটু নিষিদ্ধ কৰা হ’ল। টাটুক জড়োপাসনাৰ দৰে এক অধৰ্মী কাৰ্য্যকলাপ হিচাপে গণ্য কৰা হ’ল। ফেজিন কন্যাকে তেওঁৰ গ্ৰন্থ ‘দা কন্যাক: লাষ্ট টাটুড হেডহাণ্টাৰ’ত এইবুলি লিখিছে।

Swadesha Sharma

Sarbajaya Bhattacharya

Swadesha Sharma

Sarbajaya Bhattacharya
আমোৱে কয় যে আজিকালি নতুন চামে ছ’চিয়েল মিডিয়া, গ্ল’বেল ট্ৰেণ্ড বা ব্যক্তিগত সৌন্দৰ্য্যবোধ অনুসৰি আধুনিক বা ফেশ্বনত থকা টাটু বনায়, কন্যাকসকলৰ পৰম্পৰাগত আৰ্হিৰ টাটু নবনায়।
কন্যাক টাটু এতিয়া কেৱল সম্প্ৰদায়টোৰ বৃদ্ধচামৰ শুকাই শোতোৰা পৰা ছালত, আৰ্হেন আৰু ঙনফি যিয়ে শৈশৱতে টাটু কৰা শিকিছিল, তেওঁলোকৰ হৃদয়ত আৰু টাটু কৰোঁতে গোৱা গীতবোৰতে থাকি গৈছে।
প্ৰতিবেদকে ছাৰ পেইহাং ৱাংচা কন্যাক, পাংনেই ডব্লিউ কন্যাক আৰু লেমনেই কন্যাকক এই প্ৰতিবেদন প্ৰস্তুতিত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/konyak-tattoos-maps-of-memory-as