“আংগামি মানুহ মানে খফিৰ কাম জানিবই লাগিব,” পেলেচালি কিৱৎচ’ৱে (৩৯) কয়। কিৱৎচ’ নাগালেণ্ডৰ খনমা গাঁৱৰ এগৰাকী শিপিনী। জুচা (বাঁহ) আৰু থুনয়ে (বেত)ৰ পৰা নিৰ্মিত খফি হৈছে আংগামিসকলৰ পৰম্পৰাৰ চিন। খৰিৰ পৰা আৰম্ভ কৰি চাউল, চপাই থোৱা শস্য আৰু উৎসৱ-পাৰ্বনৰ পবিত্ৰ সামগ্ৰী আদি এই খফিতেই ৰখা হয়। “আমাৰ পৰম্পৰাগত নিয়ম-নীতিবোৰ খফি নহ’লে নচলে। আমাৰ বাবে ই সদায়ে আপুৰুগীয়া,” তেওঁ লগতে কয়।
কিন্তু এটা সময়ত জনজাতীয় লোকৰ জীৱন আৰু জীৱিকাৰ অপৰিহাৰ্য্য অংশ এই খফি জীয়াই আছে খনমাৰ কেৱল ১৫ ঘৰমান মানুহৰ ঘৰত, ঘৰৰ ঘাইকৈ বয়োজ্যেষ্ঠ মানুহৰ হাতত। পেলেচালি অৱশ্যে এইক্ষেত্রত ব্যতিক্ৰম।
পঞ্চাচ বছৰ বয়সৰ ডেওনা পাৰ কৰা কেপে থটোৰ হাতদুখন খুব খৰকৈ চলিছে, কিন্তু জোখত চলিছে। তেওঁ বাঁহৰ মাৰলি, কাঠ আৰু বেতেৰে বনোৱা, শুকান পাতেৰে বোৱা টেহৰু নামে সামান্য পোহৰ থকা চালিখনৰ তলত বহি অনায়াসে বাঁহৰ দৈবোৰ সমানত কাটিছে। টেহৰুখনে তেওঁক দুপৰীয়াৰ তপত ৰ’দৰ পৰা পৰিত্ৰাণ দিয়াইছে।
“মোৰ ঘৰখন শিপিনীৰ। সম্পৰ্কীয় ভাইকেইটাৰ লগতে মই পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা খফি টুকুৰি আদি বোৱা শিকিছো,” বাঁহৰ দৈকেইটা ভাঁজ কৰি কাটি থকাৰ মাজতে কেপেয়ে কয়।
নাগালেণ্ডৰ ১৭ টা জনজাতিৰ মাজৰ এটা এই আংগামিসকল। ১৮০০ শতিকাত ইংৰাজৰ বিৰুদ্ধে থিয় দিয়া বুলি নাম থকা এই খনমা অঞ্চল। আংগামি গাঁওখন ৰাজ্যখনৰ ৰাজধানী কহিমাৰ পৰা ২০ কিলোমিটাৰ পশ্চিমে অৱস্থিত। চিকাৰ আৰু গছ কটাত সামূহিক নিষেধাজ্ঞা আৰু জৈৱিক খেতিৰ পদ্ধতিৰ বাবে আংগামি গাঁওখনৰ সুকীয়া সুনাম আছে।
পাহাৰীয়া ওখ-চাপৰ এলেকা মিলি মুঠ ২০ বৰ্গকিলোমিটাৰ জোৰা এইখন গাঁৱৰ বাট-পথবোৰ শিল দিয়া। পাহাৰত ঢাপে ঢাপে ধানখেতিৰ পথাৰ আৰু পৰম্পৰাগত ঘৰৰ আগত দেখা পাব পৰিপাটিকৈ সজাই থোৱা খৰিৰ দম।
৪০০ ঘৰ আংগামি লোক আৰু ২০১১ৰ লোকপিয়ল অনুসৰি ১,৯৪৩ জনসংখ্যাৰ গাঁওখন পাহাৰৰ কেবা খলপীয়া মাটিত ধানখেতি আৰু ঝুমখেতি কৰে। লগতে হাবিৰ উৎপাদিত সামগ্ৰীৰ ওপৰতো তেওঁলোকে নিৰ্ভৰ কৰে। গাওঁখনৰ কেউফালে আৱৰি থকা অৰণ্যখন তেওঁলোকৰ সম্প্ৰদায়টোৱে নিজেই সুৰক্ষিত কৰি ৰাখিছে। এইক্ষেত্রত নাম ল’ব লাগিব খনমা নেচাৰ কনজাৰ্ভেচন আৰু ট্ৰেগোপান অভয়াৰণ্যৰৰ।


















