মে’ মাহৰ শেষৰফালে নিখিৰাপ্পা গাদিয়াপ্পাই সূদুৰ হাভেৰি তালুকৰ পৰা ৰামনগৰ চহৰৰ লেটাৰ বজাৰত লেটাবোৰ বিক্ৰী কৰিবলৈ আহিছিল। সেই বজাৰখনত ভাল দামেই পাব বুলি তেওঁ আশা কৰিছিল। কিন্তু লকডাউনৰ বাবে দোকান বন্ধ হৈ থকাৰ ফলত একো এটা মুখত দিবলৈ নোপোৱাকৈ ৩৭০ কিলোমিটাৰ বাট ক’তো নোৰোৱাকৈ ১১ ঘণ্টাৰ এই যাত্ৰাৰ শেষত তেওঁৰ মনত কেৱল বাহ ল’লে আশংকাই - বেপাৰীয়ে যদি ভাল দাম নিদিয়ে?
হাভেৰি জিলাৰ নিজ গাঁও হান্দিগানুৰলৈ উভতি যায় মানে তেওঁ ইমান সময়ে যি আশংকা মনত লৈ আছিল, সেয়াই সঁচা হ’ল। নিখিৰাপ্পাই ২৫০ কিলোগ্ৰাম বাইভোল্টিন (দ্বিবাহী বা দ্বিচক্ৰী) লেটা কেৱল ৬৭,৫০০ টকা, মানে প্ৰতি কিলোত ২৭০ টকাকৈ বিক্ৰী কৰিবলগীয়া হ’ল।
মাৰ্চৰ প্ৰথমভাগত বাইভোল্টিন বা দ্বিবাহী লেটাৰ দাম কিলোত ৫৫০ টকা পৰ্য্যন্ত পোৱা গৈছিল। আকৌ বৰ্ণশংকৰ বা ক্ৰছব্ৰীড লেটা বিক্ৰী হৈছিল প্ৰতিকিলোত ৪৮০ টকা পৰ্য্যন্ত। বিয়াৰ বতৰ আছিল বাবে চাহিদা বাঢ়িছিল। অন্য সময়ত বাইভোল্টিন ৰেচম লেটাৰ দাম কিলোত ৪৫০ৰ পৰা ৫০০ টকা আৰু বৰ্ণসংকৰ লেটাৰ দাম কিলোত ৩৮০-৪২০ টকা হয়। (দ্বিবাহী বা বাইভোল্টিন হৈছে উত্কৃষ্টমানৰ লেটা, সংকৰ প্ৰজাতিটো অলপ হালধীয়া আৰু অনমনীয় কম গুণগত মানৰ আৰু বাইভোল্টিন লেটাৰ সংমিশ্ৰণেৰে উৎপাদন কৰা হয়)।
“লেটা উৎপাদনৰ বাবে মই মোৰ পাৰিবাৰিক খেতিমাটিত নুনিখেতি কৰিবলৈ লও (২০১৪ৰ পৰা)। এতিয়া আমি পানীৰ দামত বিক্ৰী কৰিবলগীয়া হৈছে। ঋণবোৰ কেনেকৈ পৰিশোধ কৰিম, ভাবি নাপাও,” ৪২ বৰ্ষীয় গাদিয়াপ্পাই কয়।
২০১৪লৈকে গাদিয়াপ্পাই কৰ্ণাটকৰ হাভেৰি জিলাত কৃষিশ্ৰমিক হিচাপে কাম কৰিছিল। দিনে ১৫০ৰ পৰা ১৭০ টকা পাইছিল। তেওঁলোকৰ দহজনীয়া পৰিয়ালটোৰ তিনি একৰ খেতিমাটিত তেওঁলোকে নিজে খাবৰ বাবে আৰু বজাৰত বিক্ৰী কৰিবলৈ ঘাইকৈ জোৱাৰ আৰু চীনাবাদামৰ খেতি কৰিছিল। ২০১৬ত গাদিয়াপ্পাই জোৱাৰ আৰু চীনাবাদামৰ খেতিৰ বাবে আৰু পাঁচবিঘা মাটি লীজত ল’লে আৰু বাকীখিনি মাটিত নুনিখেতি আৰম্ভ কৰিলে। উপাৰ্জন অলপ বাঢ়িব বুলি আশা কৰিয়ে তেওঁ এই সিদ্ধান্ত লৈছিল।
গাদিয়াপ্পা আৰু আন পালকসকলে প্ৰায় ৩৫-৪৫ দিনৰ মূৰে মূৰে লেটা বিক্ৰী কৰে। বছৰত প্ৰায় ১০ বাৰ তেওঁলোকে লেটা বিক্ৰী কৰে। চাৱকি মানে পোৱালী পলুৱে লেটা বান্ধিবলৈ প্ৰায় ২৩ দিন লাগে। এইবাৰ গাদিয়াপ্পাই মে’ মাহৰ প্ৰথম ভাগত পলু পুহিবলৈ লৈছিল। প্ৰতিদিনে তেওঁ প্ৰায় দহ ঘণ্টা লেটাবোৰৰ পৰিচৰ্য্যা কৰিছিল যাতে কোনো কাৰণত আৰ্দ্ৰ বতৰৰ ফলত তাত সংক্ৰমণ নঘটে। এনেকৈয়ে চলি আছিল। তেতিয়াই আহিল মে’ মাহৰ শেষভাগত ৰামনগৰ বজাৰলৈ যোৱাৰ পাল। তাৰপৰাই ক্ষতিৰ হিচাপ আৰম্ভ হ’ল।







