আৰ্জিনা বেগমে পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাস্থিত তেওঁৰ বাপেৰ ঘৰ (মাকৰ ঘৰ)ৰ প্ৰিয় স্মৃতি হৈছে মাক আৰু আইতাকৰ কথাবোৰ। “মই মোৰ কঁথাবোৰত আইতাই যিদৰে তৰপে তৰপে ফুল তুলিছিল, সেই চানেকিবোৰ দেখা পাও,” আইতাক-মাকৰ পৰা কেনেদৰে তেওঁ ফুল তোলা কাম শিকিছিল, তাকেই কয়। “যিখিনি জনো, সেয়া মই তেওঁলোকক চায়েই শিকিছো। আইতাহঁতে বেজী-সূতাৰে চিলোৱা ধৰণেই মই চিলাও,” আৰ্জিনাই কয়।
সুন্দৰ ফুলৰ চানেকিৰে কঁথা বোৱাৰ এতিয়া আৰ্জিনাৰ তিনিটা দশক পাৰ হ’ল। সূচিশিল্পৰ যোগেদিয়েই তেওঁ পৰিয়ালটোক ভৰণ-পোষণ দিয়াত ভালেখিনি অৰিহণা যোগাব পাৰিছে। চল্লিশৰ দেওনা অতিক্ৰম কৰিবলৈ লোৱা আৰ্জিনাই এতিয়া মহিলাৰ ছজনীয়া শিল্পীগোট এটা চলায়। তেওঁলোকে স্থানীয় বেপাৰীৰ পৰা কমিচনৰ ভিত্তিত কাম কৰে।
আৰ্জিনাক লগ পোৱাৰ দিনা আছিল জুলাই মাহৰ তপত আবেলি এটা। তেওঁ আছিল তেওঁৰ কৰ্মস্থলীত। সূতাৰ বাকচ, কেঁচী আৰু ট্ৰেচিং পেপাৰ আদি চুবুৰীয় আৰু তেওঁৰ সহকৰ্মী নুৰনাহৰ বিবিৰ শোৱনি কোঠাটোত পতা অস্থায়ী কাৰখানাটোৰ অ’ত-তত সিঁচৰতি হৈ আছে। মহিলাসকলক ব্যস্ত দেখা গৈছে কঁথাত সাধাৰণতে কৰা দীঘল আৰ্হিৰ সূচিশিল্পৰ কামত।
“মোৰ স্বামীয়ে কঁথাৰ বিতৰক হিচাপে কাম কৰে,” ৩৫ বৰ্ষীয় নুৰানাহৰে কয়। “মই এম্ব্ৰ’ইডেৰিৰ কাম লৈ তেওঁক সহায় কৰি দিও।” তেওঁৰ স্বামী মহম্মদ জালালুদ্দিন (৪৩) আৰু তেওঁৰ পৰিয়ালটোৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কঁথা বোৱা শিল্পৰ সৈতে জৰিত। “তেওঁ এগৰাকী পাকৈত সুচিশিল্পী আৰু এম্ব্ৰ’ইডেৰি কামত বৰ নিপুণ,” নুৰানাহৰে মিচিকীয়া হাঁহি এটা মাৰি কয়।
শুনা পোৱা দূৰত্বতে থকা জালালুদ্দিনক জোকাই আৰ্জিনাই কয়, “মেয়েৰা বেচি ভালো বানায়ে, কেনো কি আমৰা মন দিয়ে চিকেচি, আৰ মন দিয়ে কঁথা বনায়ি। চেলেৰা তৌহ এই চব কে কাজ মেনে চোলে (মহিলাই পুৰুষতকৈ ভালকৈ কঁথা বব জানে, আমাৰ এই শিল্পবিধৰ সৈতে আন্তৰিক সম্পৰ্ক আছে। পুৰুষে কেৱল জীৱিকা হিচাপেহে এই কাম কৰে।)”
















